কোৰোণাতংকঃ দেশবাসীক প্ৰধানমন্ত্ৰীৰ আহ্বান, যিখন চহৰত আছে সেই ঠাইতে থাকক, ভিৰৰ মাজেৰে যাত্ৰা বৰ্জন কৰক

News18 Assam | News18-Assam
Updated:March 21, 2020, 9:16 PM IST
কোৰোণাতংকঃ দেশবাসীক প্ৰধানমন্ত্ৰীৰ আহ্বান, যিখন চহৰত আছে সেই ঠাইতে থাকক, ভিৰৰ মাজেৰে যাত্ৰা বৰ্জন কৰক
ছচিয়েল মিডিয়াত বিশেষ আহ্বান মোদীৰ।

ছচিয়েল মিডিয়াত বিশেষ আহ্বান মোদীৰ।

  • Share this:
Coronavirus Updates: দেশত ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে কোৰোণা ভাইৰাছে। এইপৰ্যন্ত ২৮৮জন লোক আক্ৰান্ত হৈছে এই ভাইৰাছত। আজিৰ দিনটোত এইপৰ্যন্ত ৩৭জন লোক আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত সৰ্বাধিক ১৩জন লোক মহাৰাষ্ট্ৰৰ।

কোৰোণা ভাইৰাছক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰি দেশবাসীক জনাইছে এক বিশেষ আহ্বান। তেওঁ লিখিছে, 'মোৰ সকলোলৈ প্ৰাৰ্থনা যে আপুনি যিখন চহৰত আছে অনুগ্ৰহ কৰি সেইখন চহৰতে কিছুদিন থাকক। ইয়াৰ দ্বাৰা আমি এই ৰোগ সংক্ৰমণ হোৱাৰ পৰা ৰক্ষা কৰিব পাৰো।’

তেওঁ কয় যে, যিসকল লোকে কামৰ তাগিদাত দেশৰ বিভিন্ন ঠাইত আছে আৰু ভাইৰাছৰ সংক্ৰমণৰ কাৰণে নিজৰ ঠাইলৈ যাবলৈ লৈছে তেনেলোকসকলে ভিৰ থকা ৰাজহুৱা পৰিবহনেৰে যাত্ৰা কৰি নিজৰ আৰু আপোনজনৰ কাৰণে বিপদ চপাইছে। ভিৰৰ মাজেৰে যাত্ৰা কৰিলে কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ আশংকা বৃদ্ধি পায় আৰু সেইকাৰণে নিজৰ নিজৰ ঠাইতে সাৱধানে অকলশৰীয়াকৈ থাকিবলৈ তেওঁ আহ্বান জনায়।


Published by: Tulika Devi
First published: March 21, 2020, 9:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি