কেতিয়া কোৰোণাৰ ভেকচিন ল’ব মোদী–সোণোৱালে? নেতাসকলৰ টিকাকৰণ কেতিয়াৰ পৰা আৰম্ভ হ’ব?

News18 Assam | News18-Assam
Updated:January 21, 2021, 2:16 PM IST
কেতিয়া কোৰোণাৰ ভেকচিন ল’ব মোদী–সোণোৱালে? নেতাসকলৰ টিকাকৰণ কেতিয়াৰ পৰা আৰম্ভ হ’ব?
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক বিষয়াৰ মতে, প্ৰধানমন্ত্ৰীয়ে নিবিচাৰে কোৰোণা টিকাকৰণৰ যি ছিষ্টেম প্ৰস্তুত কৰা হৈছে সেয়া ভংগ হওক।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক বিষয়াৰ মতে, প্ৰধানমন্ত্ৰীয়ে নিবিচাৰে কোৰোণা টিকাকৰণৰ যি ছিষ্টেম প্ৰস্তুত কৰা হৈছে সেয়া ভংগ হওক।

  • Share this:
দ্বিতীয় পৰ্যায়ৰ টিকাকৰণ আৰম্ভ হ’লে টিকা ল’ব পাৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই পৰ্যায়ত মোদীৰ লগতে ভেকচিন প্ৰদান কৰা হ’ব সৰ্বানন্দ সোণোৱালসহ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলকো। সূত্ৰ অনুসৰি, মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনামৰ্মে সিদ্ধান্ত লোৱা হৈছে পৰৱৰ্তী পৰ্যায়ত ৫০ বছৰৰ ওপৰৰ ৰাজনৈতিক নেতাসকলেও পাব ভেকচিন।

অৰ্থাৎ সকলো ঠিকে থাকিলে প্ৰধানমন্ত্ৰীয়ে হয়তো ভেকচিন ল’ব মাৰ্চ বা এপ্ৰিলত। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক বিষয়াৰ মতে, প্ৰধানমন্ত্ৰীয়ে নিবিচাৰে কোৰোণা টিকাকৰণৰ যি ছিষ্টেম প্ৰস্তুত কৰা হৈছে সেয়া ভংগ হওক। সেই সম্পৰ্কত আলোচনাও হৈছে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে। কোভিড যোদ্ধাসকলৰ টিকাকৰণৰ মাজত সোমাই নপৰি যেতিয়া সুযোগ আহিব তেতিয়াই যেন ৰাজনীতিকসকলে টিকা লয়, সেই বিষয়ে বাৰম্বাৰ সতৰ্ক কৰি দিছে মোদীয়ে।

দেশজুৰি বৰ্তমান প্ৰথম শাৰীৰ যোদ্ধাসকলৰ মাজত চলিছে টিকাকৰণ। ভেকচিন লাভ কৰিছে আৰক্ষী, সশস্ত্ৰ বাহিনী, মিউনিপাল কৰ্মী, স্বাস্থ্য কৰ্মীসকলে। ইয়াৰ পিছতে ভেকচিন পাব পঞ্চাশোৰ্ধ্বৰ লোকসকলে।
Published by: Sanjay Kumar Das
First published: January 21, 2021, 2:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি