৫ বছৰৰ কাৰ্যকালৰ পিছত দ্বিতীয়বাৰলৈ হ’ব আমাৰ চৰকাৰ : প্ৰধানমন্ত্ৰী মোদী

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ ১৯ মে’ত অনুষ্ঠিত হ’ব। সকলোৰে দৃষ্টি নিবদ্ধ আছে প্ৰধানমন্ত্ৰী মোদীৰ সমষ্টি বাৰাণসীৰ ওপৰত।

news18assam
Updated:May 17, 2019, 6:14 PM IST
৫ বছৰৰ কাৰ্যকালৰ পিছত দ্বিতীয়বাৰলৈ হ’ব আমাৰ চৰকাৰ : প্ৰধানমন্ত্ৰী মোদী
লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ ১৯ মে’ত অনুষ্ঠিত হ’ব। সকলোৰে দৃষ্টি নিবদ্ধ আছে প্ৰধানমন্ত্ৰী মোদীৰ সমষ্টি বাৰাণসীৰ ওপৰত।
news18assam
Updated: May 17, 2019, 6:14 PM IST
লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ অন্তিম দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে সম্বোধন কৰে এক সংবাদমেল। বিজেপিৰ মুখ্য কাৰ্যালয়ত আয়োজিত সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে কয় – ৫ বছৰৰ কাৰ্যকালৰ পিছত দ্বিতীয়বাৰলৈ হ’ব আমাৰ চৰকাৰ। নিৰ্বাচন উৎসাহজনক হৈছে, এটা সাকাৰাত্মক ভাৱধাৰাৰে হৈছে নিৰ্বাচন। একক সংখ্যাগৰিষ্ঠতা চৰকাৰে পাঁচ বছৰ সম্পূৰ্ণ কৰি দ্বিতীয় বাৰলৈ নিৰ্বাচিত হ’ব, এয়া হয়তু দেশত বহুদিনৰ পিছত হৈছে।

উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ ১৯ মে’ত অনুষ্ঠিত হ’ব। অন্তিম পৰ্যায়ত পঞ্জাবৰ ১৩, পশ্চিম বংগৰ ৯, উত্তৰ প্ৰদেশৰ ১৩, বিহাৰৰ ৮, ঝাৰখণ্ডৰ ৩, হিমাচল প্ৰদেশৰ ৪, মধ্য প্ৰদেশৰ ৮ আৰু চণ্ডীগড় লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব
ভোটগ্ৰহণ। এই সকলোবোৰৰ মাজত সকলোৰে দৃষ্টি নিবদ্ধ আছে প্ৰধানমন্ত্ৰী মোদীৰ সমষ্টিৰ ওপৰত।
আৰু চাওক পৰৱৰ্তী বাতৰি