ৰাফেল চুক্তিত কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই : অমিত শ্বাহ

ৰাফেল চুক্তিত কোনো ধৰণে এক পইচাৰো দুৰ্নীতি হোৱা নাই। সকলো নীতি অনুসৰি হৈছে। ইয়াক লৈ সংসদত প্ৰতিৰক্ষা মন্ত্ৰীয়ে সকলো প্ৰশ্নৰ উত্তৰ দিছে। ৰাহুল গান্ধীৰ উত্তৰ শুনিবলৈও ধৈৰ্য নহ’ল। – অমিত শ্বাহ

news18assam
Updated:May 17, 2019, 6:21 PM IST
ৰাফেল চুক্তিত কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই : অমিত শ্বাহ
ৰাফেল চুক্তিত কোনো ধৰণে এক পইচাৰো দুৰ্নীতি হোৱা নাই। সকলো নীতি অনুসৰি হৈছে। ইয়াক লৈ সংসদত প্ৰতিৰক্ষা মন্ত্ৰীয়ে সকলো প্ৰশ্নৰ উত্তৰ দিছে। ৰাহুল গান্ধীৰ উত্তৰ শুনিবলৈও ধৈৰ্য নহ’ল। – অমিত শ্বাহ
news18assam
Updated: May 17, 2019, 6:21 PM IST
লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ অন্তিম দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে সম্বোধন কৰে এক সংবাদমেল। সংবাদমেলত মোদীয়ে কয় যে ৫ বছৰ সম্পূৰ্ণ কৰাৰ পিছত দ্বিতীয় বাৰলৈ জয়ী হ’ব। এইবাৰৰ নিৰ্বাচনত ৩০০তকৈ অধিক আসনত বিজেপি জয়ী হ’ব বুলি দাবী কৰে ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে।

সংবাদমেলত অমিত শ্বাহে কয় – দুৰ্নীতিৰ বিষয় জনতাৰ সন্মুখত ৰখাটো গণতান্ত্ৰিক কথা। জনতাই জনা উচিত যে দুৰ্নীতি ক’ত হৈছে। এইবাৰো চৰকাৰ NDAৰ হ’ব বুলি সংবাদমেলত দাবী অমিত শ্বাহৰ। আমি একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিম, ইয়াত কোনো সন্দেহ নাই। আমি ২০১৪ চনৰ পৰাই পৰৱৰ্তী যুঁজৰ প্ৰস্তুতি চলাইছিলো। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত আমি বহু ভাল কাম কৰিছো। এই সময় ভোটাৰে নিজে নিজৰ ভোট কাক দিব সেয়া নিৰ্ধাৰণ কৰে। সম্পূৰ্ণ বিচাৰ–বিবেচনাৰে ভোট দিয়ে জনতাই।

ৰাফেল চুক্তিক লৈ অমিত শ্বাহে কয় – যদি ৰাহুল গান্ধীৰ ওচৰত ৰাফেল চুক্তিৰ তথ্য আছিল, তেন্তে উচ্চতম ন্যায়ালয়ত দাখিল কৰিব লাগিছিল। এই অভিযোগ ৰাজনীতিৰ পৰা প্ৰেৰিত। এনেধৰণৰ অভিযোগৰ ওপৰত জনতাই চৰিত্ৰৰ আধাৰত সিদ্ধান্ত লয়। ৰাফেল চুক্তিত কোনো ধৰণে এক পইচাৰো দুৰ্নীতি হোৱা নাই। সকলো নীতি অনুসৰি হৈছে। ইয়াক লৈ সংসদত প্ৰতিৰক্ষা মন্ত্ৰীয়ে সকলো প্ৰশ্নৰ উত্তৰ দিছে। ৰাহুল গান্ধীৰ উত্তৰ শুনিবলৈও ধৈৰ্য নহ’ল।

বিৰোধীক সমালোচনা কৰি অমিত শ্বাহে কয় – আমাৰ এক সুদৃঢ় কৰ্মকৰ্তাৰ সংগঠন আছে। আমাৰ বিৰুদ্ধে যি অপপ্ৰচাৰ চলোৱা হৈছে, তাৰ পৰা কাৰো একো লাভ নহয়। ভাৰতীয় জনতা পাৰ্টীৰ ৮০জন কৰ্মীৰ মৃত্যু হৈছে পশ্চিম বংগত। ইয়াৰ উত্তৰ মমতা বেনাৰ্জীৰ ওচৰত আছেনে বুলিও প্ৰশ্ন বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ। হিংসাত্মক ঘটনা কেৱল পশ্চিম বংগতহে কিয় হয় বুলিও প্ৰশ্ন কৰে শ্বাহে।

নাথুৰাম গডছেক দেশভক্ত আখ্যা দিয়া সাধ্বী প্ৰজ্ঞা ঠাকুৰলৈ দলে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে বুলিও সংবাদমেলত মন্তব্য কৰে অমিত শ্বাহে। বিজেপিয়ে প্ৰজ্ঞা ঠাকুৰৰ এই মন্তব্যৰ বাবে নিজকে পৃথক কৰি লৈছে। প্ৰজ্ঞা ঠাকুৰক প্ৰাৰ্থিত্ব আমাৰ কংগ্ৰেছৰ বিৰুদ্ধে সত্যাগ্ৰহ। কংগ্ৰেছে ভুৱা গোচৰেৰে ত্ৰাসৰ সৃষ্টি কৰিছে। ভোট বেংকৰ বাবেই কংগ্ৰেছে এই কাৰ্য কৰাৰ অভিযোগ শ্বাহৰ। এই কাৰ্যৰে কংগ্ৰেছে হিন্দু সংস্কৃতিক বিশ্বত বদনাম কৰিছে বুলিও উল্লেখ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে।

লোকসভা নিৰ্বাচনৰ ফলাফলত সংখ্যাগৰিষ্ঠতাক লৈ কোনো সন্দেহ নাই বিজেপিৰ। আমাৰ প্ৰাক–নিৰ্বাচনী মিত্ৰজোঁট আছে, তাৰ সহায়ত চৰকাৰ গঠন হ’ব। পুনৰ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ’ব বুলিও মন্তব্য অমিত শ্বাহৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি