দেশৰ কোৰোণাকালীন পৰিস্থিতিৰ মাজতে সোমবাৰে দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভেকচিনেশ্যন প্ৰগেম আৰু প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য আগবঢ়ায়।
ভেকচিনেশ্যনৰৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, 'ভেকচিন আমাৰ বাবে সুৰক্ষাৰ কৱচ। মেডিকেল অক্সিজেন ১০ গুণ বৃদ্ধি কৰা হৈছে। কোৰোণা ৰোধৰ বাবে তৎপৰতাৰে কাম কৰা হৈছে। দেশত স্বাস্থ্য সুৰক্ষাৰ বাবে সুস্পষ্ট আন্তঃগাঁঠনি গঢ়ি তোলা হৈছে। লক্ষ্য আৰু নীতি সুস্পষ্ট আৰু সুপৰিকল্পিত হ'লে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পাৰি। মেক ইন ইণ্ডিয়াৰ দুটাকৈ ভেকচিন মুকলি হ'ল। দেশত এতিয়ালৈকে ২৩ কোটিতকৈও অধিক ভেকচিন ডোজ প্ৰদান কৰা হ'ল। শিশুৰ বাবে দুটা ভেকচিনৰ ট্ৰায়েল জোৰদাৰ গতিত চলি আছে। ইয়াৰ উপৰিও এটা নেজেল ভেকচিনৰ ৰিচাৰ্জো চলিছে। এই ভেকচিনে সফলতা লাভ কৰিলে, ভেকচিনেশ্যন অভিযানে আৰু গতিশীলতা লাভ কৰিব।'
প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, মোৰ বিশ্বাস আছিল, আমাৰ বিজ্ঞানীয়ে কম সময়তে ভেকচিনৰ বিকাশ কৰিব। আৰু ভেকচিন প্ৰস্তুত কৰি থকাৰ সময়তে আমি অন্যান্য় পৰিকল্পনা আৰম্ভ কৰিছিলো। এপ্ৰিল মাহত ভেকচিন টাস্ক ফৰ্চ গঠন কৰা হৈছিল। গৱেষণাৰ বাবে ফাণ্ড দিয়া হৈছিল। আত্ম নিৰ্ভৰ ভাৰতৰ অধীনত কোভিড সুৰক্ষাৰ বাবে পেকেজ দিয়া হয়। এতিয়া যিদৰে সকলোৱে কষ্ট কৰিছে, কম সময়ৰ ভিতৰতে ভেকচিনৰ নাটনি নাইকীয়া হ'ব। ৭টাকৈ প্ৰতিষ্ঠানে ভেকচিনৰ ট্ৰায়েল কৰি আছে।'
সমগ্ৰ দেশতে বিনামূলীয়া হ'ব কোৰোণা ভেকচিনআজি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে, সমগ্ৰ দেশতে বিনামূলীয়া হব কোৰোণাৰ ভেকচিন।আজি সিদ্ধান্ত লোৱা হয় যে, ৰাজ্য চৰকাৰৰ হাতত থকা কোৰোণা ভেকচিনৰ ২৫ শতাংশ দায়িত্বও এতিয়াৰ পৰা ভাৰত চৰকাৰেই ল'ব। আগন্তুক ২ সপ্তাহত এয়া কাৰ্যকৰী হ'ব। নতুন গাইড লাইন অনুসৰি আগবাঢ়িব। ২১ জুন সোমবাৰৰ পৰা ১৮ বছৰৰ ওপৰৰ সকলোকে ভেকচিন দিয়া হ'ব। সম্পূৰ্ণ খৰচ কেন্দ্ৰীয় চৰকাৰে দিব। বিনামূলীয়া হ'ব কোৰোণা ভেকচিন। ইফালে ব্যক্তিগত হাস্পতালতো ভেকচিন লোৱাৰ সুবিধা থাকিব।দেশত নিৰ্মাণ হোৱা ভেকচিনৰ পৰা ২৫ শতাংশ প্ৰাইভেট হাস্পতালে ল'ব পাৰিব পাৰিব। কিন্তু এটা ভেকচিনত ১২৫ টকাৰ ওপৰত চাৰ্ভিচ টেক্স ল'ব নোৱাৰিব।'
প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনাৰ সন্দৰ্ভতো প্ৰধানমন্ত্ৰীৰ বৃহত্ ঘোষণাঃএইবছৰ দ্বিতীয় ৱেভৰ বাবে মে আৰু জুন মাহলৈ এই আঁচনি সম্প্ৰসাৰণ কৰা হৈছিল। কিন্তু কোৰোণাৰ ভয়াৱহাৰ প্ৰতি লক্ষ্য ৰাখি দীপাৱলী পৰ্যন্ত এই আঁচনি আগবঢ়াই নিব কেন্দ্ৰীয় চৰকাৰে। ৮০ কোটি দেশবাসীলৈ বিনামূলীয়া ৰেচন প্ৰদান কৰা হ'ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|