৪ মাহজোৰা বিৰতিৰ অন্তত ‘মন কী বাত’ অনুষ্ঠান, নিৰ্বাচনৰ পিছত প্ৰথমটো অনুষ্ঠান

৪ মাহৰ অন্তত নৰেন্দ্ৰ মোদীৰ পুনৰ ‘মন কী বাত’ অনুষ্ঠান। লোকসভা নিৰ্বাচন ২০১৯ৰ পিছত তেওঁৰ প্ৰথমটো অনুষ্ঠান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিতীয়বাৰলৈ চৰকাৰ গঠন কৰাৰ পিছত ‘মন কী বাত’ অনুষ্ঠানত ক’লে যে তেওঁ সকলোকে মনত পেলাই আছে। 

News18-Assam
Updated:June 30, 2019, 11:35 AM IST
৪ মাহজোৰা বিৰতিৰ অন্তত ‘মন কী বাত’ অনুষ্ঠান, নিৰ্বাচনৰ পিছত প্ৰথমটো অনুষ্ঠান
৪ মাহৰ অন্তত নৰেন্দ্ৰ মোদীৰ পুনৰ ‘মন কী বাত’ অনুষ্ঠান। লোকসভা নিৰ্বাচন ২০১৯ৰ পিছত তেওঁৰ প্ৰথমটো অনুষ্ঠান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিতীয়বাৰলৈ চৰকাৰ গঠন কৰাৰ পিছত ‘মন কী বাত’ অনুষ্ঠানত ক’লে যে তেওঁ সকলোকে মনত পেলাই আছে। 
News18-Assam
Updated: June 30, 2019, 11:35 AM IST
৪ মাহৰ অন্তত নৰেন্দ্ৰ মোদীৰ পুনৰ ‘মন কী বাত’ অনুষ্ঠান। লোকসভা নিৰ্বাচন ২০১৯ৰ পিছত তেওঁৰ প্ৰথমটো অনুষ্ঠান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিতীয়বাৰলৈ চৰকাৰ গঠন কৰাৰ পিছত ‘মন কী বাত’ অনুষ্ঠানত ক’লে যে তেওঁ সকলোকে মনত পেলাই আছে।

প্রধানমন্ত্ৰীয়ে ক’লে যে, এই দেওবাৰটোৱেই বহুত অপেক্ষা কৰালে। তেওঁ ক’লে যে নিৰ্বাচন সমাপ্ত হোৱাৰ লগে লগে মই ‘মন কী বাত’ অনুষ্ঠান কৰিব বিচাৰিছিলো।

‘মন কী বাত’ অনুষ্ঠানত মোৰ কণ্ঠ, শব্দ মোৰ কিন্তু কথা আপোনালোকৰ, পুৰুষাৰ্থ আপোনাৰ, পৰাক্ৰম আপোনাৰ। যাৰ বাবে মই অনুষ্ঠানটোক নহয় আপোনালোকক মনত পেলাই আছিলো, খালী খালী অনুভৱ কৰিছিলো।’– নৰেন্দ্ৰ মোদী।



প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে যে পানীক গুৰুত্ব প্ৰদান কৰি, দেশত এটা নতুন জলশক্তি মন্ত্ৰালয় স্থাপন কৰা হৈছে।

‘মন কী বাত’ দেশ আৰু সমাজৰ বাবে এখন আইনাৰ দৰে। এই আইনাখনে আমাক দেখুৱাই যে দেশবাসীৰ অন্তৰত শক্তি আৰু প্ৰতিভাৰ কোনো অভাৱ নাইঃ নৰেন্দ্ৰ মোদী।

২০১৯ৰ সাধাৰণ নিৰ্বাচনত ভাৰতে ভোটাধিকাৰ প্ৰয়োগ কৰি ৬১ কোটি ভোটাৰে ভোট সাব্যস্ত কৰিলে। এয়া বিশ্বত বৰ্তমানলৈ সৰ্বশ্ৰেষ্ঠ লোকতান্ত্ৰিক নিৰ্বাচন আছিল। অৰুণাচল প্ৰদেশৰ এটা সূদুৰ এলেকাত, এজন ভোটাৰৰ বাবে, এটা ভোটকেন্দ্ৰ স্থাপিত কৰা হৈছিল।’– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
আৰু চাওক পৰৱৰ্তী বাতৰি