• Home
  • »
  • News
  • »
  • nation
  • »
  • বৰদিনৰ দিনাই ৯ কোটি কৃষকৰ একাউন্টত সোমাব ১৮,০০০ কোটি টকা, জানক কোনে কোনে পাব এই ধন

বৰদিনৰ দিনাই ৯ কোটি কৃষকৰ একাউন্টত সোমাব ১৮,০০০ কোটি টকা, জানক কোনে কোনে পাব এই ধন

বৰদিনৰ দিনাই দেশৰ কৃষকক ভাল খবৰ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

বৰদিনৰ দিনাই দেশৰ কৃষকক ভাল খবৰ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

বৰদিনৰ দিনাই দেশৰ কৃষকক ভাল খবৰ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

  • Share this:
বৰদিনৰ দিনাই দেশৰ কৃষকক ভাল খবৰ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অহা ২৫ ডিচেম্বৰত ৯ কোটি কৃষকৰ একাউন্টত সোমাব ১৮,০০০ কোটি টকা। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অধীনত আগবঢ়োৱা হ’ব ধনৰাশি। এই কথা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে ছখন ৰাজ্যৰ কৃষকৰ সৈতে ভাৰ্চুৱেলী বিশেষ আলোচনাত মিলিত হয়। আলোচনাত কৃষকসকলে ‘পি এম- কিষাণ’ৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে। লগতে কেন্দ্ৰীয় চৰকাৰে কৃষকৰ উন্নয়নৰ বাবে হাতত লোৱা বিভিন্ন আঁচনিৰ বিষয়েও উল্লেখ কৰে।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অধীনত প্ৰতি বছৰে ৬০০০ হাজাৰ টকাকৈ আগবঢ়োৱা হয়। চাৰিটা কিস্তিত ২ হাজাৰকৈ আগবঢ়োৱা হয় ধনৰাশি।

আঁচনিৰ অধিনত নাম আছেনে নাই, কৃষকসকলে কিদৰে চাব পাৰিব?

  • সৰ্বপ্ৰথমে pmkisan.gov.in ৱেবচাইটত ভিজিট কৰিব লাগিব।

  • ইয়াৰ পিছতে ওপৰ ফালে থকা ‘Farmers Corner’ত ক্লীক কৰিব লাগিব।

  • ইয়াৰ পিছত ‘Beneficiary Status’- ত ক্লীক কৰিব লাগিব।

  • ইয়াৰ পিছতে আধাৰ নম্বৰ, একাউণ্ট নম্বৰ, মোবাইল নম্বৰ প্ৰদান কৰিব লাগিব।


এই প্ৰক্ৰিয়াৰে আগবাঢ়িলে জানিব পাৰিব যে, পিএম কৃষক সন্মান নিধিত আছেনে নাই নাম।
Published by:Himangshu Bhuyan
First published: