• Home
  • »
  • News
  • »
  • nation
  • »
  • PM Kisan: কিষাণ সন্মান নিধিত পঞ্জীয়নৰ বাবে মাত্ৰ কেইটামান ঘণ্টা বাকী! আপুনিও এনেদৰে লাভ কৰক দুয়োটা কিস্তিৰ ধন

PM Kisan: কিষাণ সন্মান নিধিত পঞ্জীয়নৰ বাবে মাত্ৰ কেইটামান ঘণ্টা বাকী! আপুনিও এনেদৰে লাভ কৰক দুয়োটা কিস্তিৰ ধন

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিত যদি আপুনিও পঞ্জীয়ন কৰা নাই তেন্তে আজিয়েই কৰক।

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিত যদি আপুনিও পঞ্জীয়ন কৰা নাই তেন্তে আজিয়েই কৰক।

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিত যদি আপুনিও পঞ্জীয়ন কৰা নাই তেন্তে আজিয়েই কৰক।

  • Share this:
দেশৰ কৃষকসকলৰ বাবে ভাল খবৰ। কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ পৰৱৰ্তী কিস্তিৰ ধন কৃষকৰ একাউণ্টলৈ স্থানান্তৰ কৰিব। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ (PM kisan Samman Nidhi) অধীনত বছৰি ৬,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয় কৃষকসকলক। এই ধনখিনি চৰকাৰে পোনপটীয়াকৈ কৃষকৰ একাউণ্টত জমা দিয়ে। যদি আপুনিও এই আঁচনিৰ সুবিধা ল'ব বিচাৰিছে তেন্তে সোনকালে পঞ্জীয়ন কৰক। কৃষি, মীন পালন আৰু পশুপালনৰ সৈতে জড়িত যিকোনো ব্যক্তিয়ে অথবা অন্য লোকৰ মাটিত খেতি কৰা লোকেও এই সুবিধা লাভ কৰিব। আপুনি কেনেদৰে এই সুবিধা প্ৰাপ্ত কৰিব পাৰে সেই বিষয়ে এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক।

উল্লেখ্য যে, এনে বহুতো কৃষক আছে যিয়ে এই আঁচনিৰ অধীনত পঞ্জীয়ন নকৰাৰ বাবে প্ৰথম কিস্তিৰ পৰিমাণ ২০০০ টকা লাভ কৰা নাই। যিসকলে এতিয়াও এই আঁচনিত নিজকে পঞ্জীয়ন কৰা নাই সেই সকলে ৩০ জুনৰ ভিতৰত কৰিব পাৰে পঞ্জীয়ন। যদি পঞ্জীয়ন অনুমোদিত হয় তেন্তে এপ্ৰিল-জুলাইৰ কিস্তি জুলাই মাহত প্ৰাপ্ত হ'ব আৰু আগষ্টৰ নতুন কিস্তিও একাউণ্টত জমা হ'ব। অৰ্থাৎ দুটা কিস্তিৰ সুবিধা লাভ কৰিব পাৰিব আপুনি।

কেনেদৰে পঞ্জীয়ন কৰিব-
১. আপুনি প্ৰথমে ৱেবছাইট pmkisan.gov.in দৰ্শন কৰিব লাগিব।
২. Farmers Corner বিকল্পত ক্লিক কৰক।
৩. এতিয়া আপুনি New Farmer Registration বিকল্পত ক্লিক কৰক।
৪. নতুন টেবটো খোল খাব আৰু আধাৰ নম্বৰ আৰু কেপচা কোডৰে পূৰণ কৰিব লাগিব।
৫. এতিয়া আপুনি আপোনাৰ তথ্য আৰু ভূমিৰ বিৱৰণ প্ৰদান কৰিব লাগিব।
৬. সকলো তথ্য পূৰণ কৰাৰ পিছত, চাবমিট বুটামত ক্লিক কৰক।

কোনবোৰ নথি–পত্ৰৰ প্ৰয়োজন

আপোনাৰ কৃষিভূমিৰ কাগজপত্ৰ থাকিব লাগিব। লগতে আধাৰ কাৰ্ড, আপডেট কৰা বেংক একাউণ্ট, ঠিকনা প্ৰমাণ পত্ৰ, খেতি সম্বন্ধীয় তথ্য আৰু পাছপোৰ্ট আকাৰৰ ফটোৰ প্ৰয়োজন।

এই নম্বৰত কৰক অভিযোগ

এইটো মোদী চৰকাৰৰ আটাইতকৈ ডাঙৰ কৃষক আঁচনি সেয়েহে কৃষকসকলক বিভিন্ন ধৰণৰ সুবিধাও প্ৰদান কৰা হৈছে। ইয়াত এটা হেল্পলাইন নম্বৰ আছে। যাৰ জৰিয়তে দেশৰ যিকোনো প্ৰান্তৰ কৃষকে পোনপটীয়াকৈ কৃষি মন্ত্ৰণালয়ৰ সৈতে যোগাযোগ কৰিব পাৰে।
>> প্ৰধানমন্ত্ৰী কিষাণ টোল ফ্ৰী নম্বৰ: 18001155266
>> পিএম কিষাণ হেল্পলাইন নম্বৰ:155261
>> পিএম কিষাণ লেণ্ডলাইন নম্বৰ: 011-23381092, 23382401
>> প্ৰধানমন্ত্ৰী কিষাণৰ নতুন হেল্পলাইন: 011-24300606
>> প্ৰধানমন্ত্ৰী কিষাণৰ আন এটা হেল্পলাইন আছে: 0120-6025109
>> ই-মেইল আইডি: pmkisan-ict@gov.in

২০১৯ চনত আৰম্ভ হৈছিল আঁচনিখন

মোদী চৰকাৰে ২৪ ফেব্ৰুৱাৰী, ২০১৯ত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা মুকলি কৰিছিল। এই আঁচনিৰ অধীনত, চৰকাৰে ক্ষুদ্ৰ কৃষকসকলক তিনিটা কিস্তিত প্ৰতি বছৰে ৬০০০ টকা প্ৰদান কৰে। প্ৰথম কিস্তিটো ১ ডিচেম্বৰৰ পৰা ৩১ মাৰ্চৰ ভিতৰত আহে। দ্বিতীয় কিস্তিটো পোনপটীয়াকৈ ১ এপ্ৰিলৰ পৰা ৩১ জুলাইলৈ আৰু তৃতীয় কিস্তিটো ১ আগষ্টৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত কৃষকৰ একাউণ্টলৈ স্থানান্তৰ কৰা হয়।
Published by:Sanjay Kumar Das
First published: