দেশৰ কৃষকৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা অভিলাষী আঁচনি পিএম কৃষক সন্মান নিধি নামৰ আঁচনিখনৰ নৱম কিষ্টি সোমবাৰে মুকলি কৰি দিয়া হয়। দেশৰ ৯.৭৫ কোটি কৃষকক সামৰি লোৱা এই আঁচনিখনৰ বাবে সোমবাৰে কেন্দ্ৰীয় চৰকাৰে ১৯ হাজাৰ ৫০০ কোটি টকা মোকলাই দিয়ে।
ভাৰ্ছুৱেল কেচ ট্ৰেন্সফাৰ অনুষ্ঠানত সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দেশৰ কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰো উপস্থিত থাকে। বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত ক্ষুদ্ৰ কৃষকৰ বাবে প্ৰৱৰ্তন কৰা এই আঁচনিখনত প্ৰতি ৪ মাহৰ মূৰত কৃষকৰ বেংক একাউণ্টত ২০০০টকাকৈ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।
সেই অনুসৰি বছৰি ক্ষুদ্ৰ কৃষকে চৰকাৰৰ পৰা প্ৰতি বছৰে ৬০০০টকাকৈ আৰ্থিক সাহায্য লাভ কৰিছিল। কৃষকৰ বেংক একাউণ্টত পোনপটীয়াকৈ এই ধনৰাশি প্ৰদান কৰা হয়। এই আঁচনিৰ বাবদ বৰ্তমানলৈকে চৰকাৰে ১.৩৮ লাখ কোটি টকা চৰকাৰে ব্যয় কৰিছে।
কৃষক সন্মান আঁচনিৰ নিয়ম অনুসৰি এটা কৃষক পৰিয়ালৰ মাত্ৰ এজন সদস্যহে এই আঁচনিৰ দ্বাৰা লাভাম্বিত হ'ব পাৰে। অনলাইন আৰু অফলাইনযোগে সকলো কৃষকে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰে। অৱশ্যে এই আঁচনিৰ দ্বাৰা লাভাম্বিত হ'বলৈ চৰকাৰে কৃষকৰ বাবে বহু নিয়ম প্ৰযোজ্য কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|