আজি দেশৰ কৃষকে লাভ কৰিব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অষ্টম কিস্তিৰ ধন। কেন্দ্ৰীয় চৰকাৰে এই আঁচনিৰ অধীনত ৯.৫ কোটিতকৈও অধিক কৃষকৰ বাবে আজি মোকলাই দিব ১৯,০০০ কোটি টকা। ১৪ মে' অৰ্থাৎ আজিৰ দিনটোত হিতাধিকাৰী তালিকাত অন্তৰ্ভুক্ত কৃষকসকলৰ একাউণ্টত অষ্টম কিস্তিৰ ধন ভৰাই দিব কেন্দ্ৰই।
কেন্দ্ৰীয় চৰকাৰে ক্ষুদ্ৰ কৃষকসকলক আৰ্থিক সাহায্য প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি নামৰ এক আঁচনি আৰম্ভ কৰিছিল। এই আঁচনিৰ অধীনত যোগ্য কৃষকসকলক প্ৰতি বছৰে ৩ টাকৈ কিস্তিত ৬০০০ টকা দি থকা হৈছে। ইয়াৰ বাবে চৰকাৰী ৱেবছাইট pmkisan.gov.inত সকলো তথ্য প্ৰদান কৰা হৈছে।
এই আঁচনিৰ অধীনত এতিয়ালৈকে দেশৰ কৃষকসকলে ২০০০ টকাৰ ৭টা কিস্তি লাভ কৰাৰ লগতে সম্প্ৰতি অষ্টম কিস্তিৰ লাাভৰ সময় আহি পৰিছে। বিগত বৰ্ষৰ ২৫ ডিচেম্বৰত প্ৰায় ৯ কোটি কৃষকৰ একাউণ্টলৈ ১৮,০০০ কোটি টকা স্থানান্তৰ কৰা হৈছিল। যদি কোনো কৃষকে এই আঁচনিখনৰ অধীনত ধন লাভ কৰা নাই তেন্তে কেন্দ্ৰীয় কৃষি মন্ত্ৰণালয়ৰ হেল্পলাইন নম্বৰত ফোন কৰি এই সম্পৰ্কত সকলো তথ্য লাভ কৰিব পাৰে।