• Home
  • »
  • News
  • »
  • nation
  • »
  • ভাল খবৰ... শীঘ্ৰেই পুনৰ কৃষকৰ একাউণ্টত জমা হ'ব ২,০০০ টকা! প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ বাবে আপুনি ঘৰতে নাম কেনেকৈ পঞ্জীয়ন কৰিব?

ভাল খবৰ... শীঘ্ৰেই পুনৰ কৃষকৰ একাউণ্টত জমা হ'ব ২,০০০ টকা! প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ বাবে আপুনি ঘৰতে নাম কেনেকৈ পঞ্জীয়ন কৰিব?

অতিশীঘ্ৰেই কৃষকে লাভ কৰিব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা (PM Kisan Samman Nidhi scheme)ৰ অধীনৰ অষ্টম কিস্তিৰ ধন ।

অতিশীঘ্ৰেই কৃষকে লাভ কৰিব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা (PM Kisan Samman Nidhi scheme)ৰ অধীনৰ অষ্টম কিস্তিৰ ধন ।

অতিশীঘ্ৰেই কৃষকে লাভ কৰিব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা (PM Kisan Samman Nidhi scheme)ৰ অধীনৰ অষ্টম কিস্তিৰ ধন ।

  • Share this:
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা (PM Kisan Samman Nidhi scheme)ৰ অধীনত লাভ কৰিবলগীয়া অষ্টম কিস্তিৰ ধনৰ বাবে অপেক্ষা কৰি থকা কৃষকসকলৰ বাবে ভাল খবৰ । চৰকাৰে অতি শীঘ্ৰেই কৃষকৰ একাউণ্টত জমা কৰিব অষ্টম কিস্তিৰ অধীনৰ ২,০০০ টকা । যদিহে আপুনিও এপ্ৰিল-জুলাইৰ ভিতৰতেই ২,০০০ টকাৰ কিস্তি লাভৰ অপেক্ষা কৰি আছে, তেন্তে মনত ৰাখিব যে এই মাহৰ শেষলৈ বা ২ মে'ৰ পিছত যিকোনো সময়তে আপোনাৰ একাউণ্টলৈ আহিব পাৰে এই ধন । প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ ধন কি হিচাপত আহিব সেয়া জনাটো অতি সহজ । এনেদৰে তালিকাত পৰীক্ষা কৰিব পাৰে আপোনাৰ নাম ...

প্ৰতি বছৰৰ প্ৰথম কিস্তি ১ এপ্ৰিলত দিয়া হয় -

প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত প্ৰতি বছৰে মোডী চৰকাৰে কৃষকসকলক তিনিটা কিস্তিত ২০০০ টকাকৈ মুঠ ৬০০০ টকা দিয়ে। ইয়াৰ অধীনত, প্ৰতি বছৰে প্ৰথম কিস্তি ১ এপ্ৰিলৰ পৰা ৩১ জুলাইলৈ, দ্বিতীয় কিস্তি ১ আগষ্টৰ পৰা ৩০ নৱেম্বৰলৈ আৰু তৃতীয় কিস্তি ১ ডিচেম্বৰৰ পৰা ৩১ মাৰ্চৰ ভিতৰত দিয়া হয় ।

তালিকাত আপোনাৰ নাম পৰীক্ষা কৰক এনেদৰে -

১. প্ৰথমে আপুনি পিএম কিষাণ যোজনাৰ অফিচিয়েল ৱেবছাইট https://pmkisan.gov.in লৈ যাব লাগিব।

২. আপুনি ইয়াৰ হোমপেজত Farmers Corner বিকল্প দেখিব।

৩. Farmers Corner শাখাৰ ভিতৰত আপুনি Beneficiaries List বিকল্পত ক্লিক কৰিব লাগিব।

৪. তাৰ পিছত আপুনি ড্ৰপ ডাউন তালিকাৰ পৰা ৰাজ্য, জিলা, উপ-জিলা, খণ্ড আৰু গাঁও বাছনি কৰিব লাগিব।

৫. তাৰ পিছত আপুনি Get Reportত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত হিতাধিকাৰীসকলৰ সম্পূৰ্ণ তালিকা প্ৰকাশ পাব, য'ত আপুনি আপোনাৰ নাম পৰীক্ষা কৰিব পাৰিব ।

এনেদৰে পৰীক্ষা কৰিব পাৰিব আপোনাৰ কিস্তিৰ সকলো তথ্য -

ৱেবছাইটলৈ যোৱাৰ হোৱাৰ পিছত, সোঁফালে ফাৰ্মাৰ্ছ কৰ্ণাৰ (Farmers Corner)ত ক্লিক কৰক। তাৰ পিছত হিতাধিকাৰীৰ স্থিতি (Beneficiaries Status) বিকল্পত ক্লিক কৰক, ইয়াৰ লগে লগে নতুন পেজ খুলিব। এতিয়া আপোনাৰ আধাৰ নম্বৰ, ম'বাইল নম্বৰ প্ৰবিষ্ট কৰক । তাৰ পিছত আপুনি আপোনাৰ স্থিতিৰ সম্পূৰ্ণ বিৱৰণ লাভ কৰিব । আপুনি পিএম কিষাণ সন্মান নিধি যোজনাৰ বাবে ঘৰত বহিয়েই পঞ্জীয়ন কৰিব পাৰে। ইয়াৰ বাবে, আপোনাৰ খেতিৰ তথ্য, আধাৰ কাৰ্ড, ম'বাইল নম্বৰ আৰু বেংক একাউণ্ট নম্বৰ থাকিব লাগিব। আপুনি pmkisan.nic.in প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অফিচিয়েল ৱেবছাইটলৈ গৈ পঞ্জীয়ন কৰিব পাৰিব ।
Published by:Kokil Sarma
First published: