২০ জানুৱাৰীত পৰীক্ষাৰ্থী আৰু শিক্ষকসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে কৰিব ‘পৰীক্ষা পে চৰ্চা’। তৃতীয় ‘পৰীক্ষা পে চৰ্চা’ত কিদৰে পৰীক্ষাৰ চাপৰ পৰা মুক্তি পাব পাৰি সেই বিষয়ক লৈ নতুন দিল্লীৰ টালকাটোৰা ষ্টেডিয়ামত শিক্ষাৰ্থীসকলক সম্বোধন কৰিব মোদীয়ে। পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হ’ব এই অনুষ্ঠান।
ভাৰতৰ লগতে বিদেশত থকা শিক্ষাৰ্থী ততা শিক্ষক–শিক্ষয়িত্ৰীয়েও অংশগ্ৰহণ কৰিব পাৰিব এই অনুষ্ঠানত। তদুপৰি অভিভাৱকসকলেও অনুষ্ঠানত অংশগ্ৰহণৰ সুবিধা লাভ কৰিব। ২০১৮ চনৰ ১৬ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰিছিল এই কাৰ্যসূচীৰ।
বিগত মাহত, প্ৰধানমন্ত্ৰী মোদীয়ে ছাত্ৰ–ছাত্ৰীসকলক পৰীক্ষাৰ প্ৰস্তুতিৰ সময়ত চাপমুক্ত হোৱাৰ আহ্বান জনাইছিল। টুইটাৰতো এই সন্দৰ্ভত উল্লেখ কৰিছিল প্রধানমন্ত্ৰীগৰাকীয়ে। এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে এটা বাছনিৰো ঘোষণা কৰিছিল মোদীয়ে।
৯ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ–ছাত্ৰীসকলৰ ভিতৰত নিৰ্বাচিত শিক্ষাৰ্থীসকলে ২০২০ চনৰ ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানত অংশগ্ৰহণৰ সুবিধা লাভ কৰিছে। ইয়াৰ ভিতৰত আছে ৫০গৰাকীকৈ দিব্যাংগ শিক্ষাৰ্থীও।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|