মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Digital Health Mission: প্ৰধানমন্ত্ৰী মোদীয়ে শুভাৰম্ভ কৰিলে ডিজিটেল হেল্থ মিছন, এনেদৰে ৰেকৰ্ড হ'ব আপোনাৰ স্বাস্থ্যৰ সকলো তথ্য

Digital Health Mission: প্ৰধানমন্ত্ৰী মোদীয়ে শুভাৰম্ভ কৰিলে ডিজিটেল হেল্থ মিছন, এনেদৰে ৰেকৰ্ড হ'ব আপোনাৰ স্বাস্থ্যৰ সকলো তথ্য

News18 Assam | News18-Assam
Updated:September 27, 2021, 1:45 PM IST
Digital Health Mission: প্ৰধানমন্ত্ৰী মোদীয়ে শুভাৰম্ভ কৰিলে ডিজিটেল হেল্থ মিছন, এনেদৰে ৰেকৰ্ড হ'ব আপোনাৰ স্বাস্থ্যৰ সকলো তথ্য
প্ৰধানমন্ত্ৰী ডিজিটেল স্বাস্থ্য অভিযান আঁচনিত ইউনিক ডিজিটেল হেল্থ আইডি, হেল্থ কেয়াৰ প্ৰফেশ্যনেল ৰেজিষ্ট্ৰী, হেলথ ফেচিলিটী ৰেজিষ্ট্ৰী আৰু ইলেক্ট্ৰনিক হেল্থ ৰেকৰ্ড অন্তৰ্ভুক্ত হ'ব।

প্ৰধানমন্ত্ৰী ডিজিটেল স্বাস্থ্য অভিযান আঁচনিত ইউনিক ডিজিটেল হেল্থ আইডি, হেল্থ কেয়াৰ প্ৰফেশ্যনেল ৰেজিষ্ট্ৰী, হেলথ ফেচিলিটী ৰেজিষ্ট্ৰী আৰু ইলেক্ট্ৰনিক হেল্থ ৰেকৰ্ড অন্তৰ্ভুক্ত হ'ব।

  • News18 Assam
  • Last Updated: September 27, 2021, 1:45 PM IST
  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi) সোমবাৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য মিছন (NDHM)ৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা স্বাধীনতা দিৱসৰ দিনা লালকিল্লাত ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য অভিযানৰ পাইলট প্ৰজেক্টৰ কথা ঘোষণা কৰিছিল। বৰ্তমান PM-DHM ছখন কেন্দ্ৰীয় শাসিত ৰাজ্যত প্ৰাৰম্ভিক ভাবে কাৰ্যকৰী কৰা হ'ব। সমগ্ৰ দেশতে PM-DHM আঁচনিৰ শুভাৰম্ভ আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ তৃতীয় বৰ্ষপুৰ্তিত কৰা হ'ব। আধাৰ কাৰ্ড বা মোবাইল নম্বৰ ব্যৱহাৰ কৰি আপোনাৰ আইডি প্ৰস্তুত কৰা হ'ব। এই আইডিয়ে হেল্থ ৰেকৰ্ড ৰখাত সহায় কৰিব।

NDHMৰ প্ৰক্ৰিয়াৰে জড়িত এগৰাকী চৰকাৰী বিষয়াই কয় যে, PM-DHM-এ সাধাৰণ লোকৰ সকলো ধৰণৰ স্বাস্থ্যজনিত প্ৰয়োজনীয়তাৰ বাবে 'ৱান-ষ্টেপ চল্যুচন'ৰ দৰে কাম কৰিব। ইয়াৰ উদ্দেশ্য- দেশত এক ডিজিটেল স্বাস্থ্য বুনিয়াদক সমৰ্থন কৰিবলৈ ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ কৰা। NDHMৰ বেৱচাইট অনুসৰি, সকলো লোকৰ বাবে ইলেক্ট্ৰনিক মেডিকেল ৰেকৰ্ড প্ৰস্তুত কৰা হ'ব। যি ডাক্তৰক ডাটা ট্ৰেক কৰাত সহায় কৰিব। ইয়াৰ সহায়ত ডাক্তৰে ৰোগীৰ চেকআপ বা স্ক্ৰীনিঙৰ বিষয়ে জানিব পাৰিব।

কিদৰে কাম কৰিব য়ুনিক হেল্থ আইডিয়ে?

প্ৰধানমন্ত্ৰী ডিজিটেল স্বাস্থ্য অভিযান আঁচনিত ইউনিক ডিজিটেল হেল্থ আইডি, হেল্থ কেয়াৰ প্ৰফেশ্যনেল ৰেজিষ্ট্ৰী, হেলথ ফেচিলিটী ৰেজিষ্ট্ৰী আৰু ইলেক্ট্ৰনিক হেল্থ ৰেকৰ্ড অন্তৰ্ভুক্ত থাকিব। আঁচনিৰ প্ৰধান উদ্দেশ্য হৈছে- ইয়াৰ জৰিয়তে স্বাস্থ্য সেৱাৰ বাবে এক ডিজিটেল বাতাবৰণ নিৰ্মাণ কৰা।

চৰকাৰৰ মতে, হেল্থ কেয়াৰ প্ৰভাইডচত কোনো লোকৰ অভিযোগ প্ৰমাণিত কৰিবলৈ এই হেলথ আইডি গুৰুত্বপূৰ্ণ। হেলথ আইডি ৰোগী চিনাক্তকৰণ, প্ৰমাণিত কৰা আৰু হেলথ ৰেকৰ্ড ৰাখিবলৈ ব্যৱহাৰ কৰা হ'ব। আইডি জেনেৰেট কৰিবলৈ চিষ্টেম ডেমোগ্ৰাফিক, লোকেশ্যন, পৰিয়াল, সম্পৰ্কীয় আৰু কণ্টেক্ট ডিটেইলৰ লগতে কিছু তথ্য একেলগ কৰিব।

ডাক্তৰসকলক ডিজিটেল মঞ্চলৈ অনাৰ উপৰিও চৰকাৰে চিকিৎসা ব্যৱস্থাৰ আধুনীক আৰু পৰম্পৰাগত সেৱাত কাম কৰা সকলো হেলথ প্ৰফেচনেলৰ বাবে ইয়াৰ জৰিয়তে বিশেষ ঠাই নিৰ্মাণ কৰিব। ইয়াৰ সহায়ত সমগ্ৰ দেশত স্বাস্থ্য সুবিধাসমূহক অধিক গতিশীল কৰিব।
Published by: Himangshu Bhuyan
First published: September 27, 2021, 1:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি