মহিলা সকলে সঁচাকৈ লাভ কৰিব নেকি বিনা সুতত ৫ লাখ টকাৰ লোন? আছেনে ‘প্ৰধানমন্ত্ৰী ধনলক্ষ্মী যোজনা’ নামৰ আঁচনি?

News18 Assam | News18-Assam
Updated:June 19, 2020, 4:19 PM IST
মহিলা সকলে সঁচাকৈ লাভ কৰিব নেকি বিনা সুতত ৫ লাখ টকাৰ লোন? আছেনে ‘প্ৰধানমন্ত্ৰী  ধনলক্ষ্মী যোজনা’ নামৰ আঁচনি?
বহু ছচিয়েল মিডিয়া প্লেটফৰ্মত এতিয়া বিয়পি পৰিছে এখন ভুৱা আঁচনিৰ খবৰ।

বহু ছচিয়েল মিডিয়া প্লেটফৰ্মত এতিয়া বিয়পি পৰিছে এখন ভুৱা আঁচনিৰ খবৰ।

  • Share this:
বৰ্তমান সমগ্ৰ বিশ্বতে অব্যাহত আছে কোৰোণাৰ সন্ত্ৰাস। তাৰ মাজতে এচাম নামিছে ভুৱা বাতৰি প্ৰচাৰ কৰাত। বহু ছচিয়েল মিডিয়া প্লেটফৰ্মত এতিয়া বিয়পি পৰিছে এখন ভুৱা আঁচনিৰ খবৰ। আঁচনিখনৰ নাম ‘পি এম ধনলক্ষ্মী যোজনা।’-আঁচনিৰ অধীনত মহিলাসকলে সুত অবিহনে ৫ লাখ টকাৰ লোন লাভ কৰিব বুলি চলাইছে ভুৱা প্ৰচাৰ।

আনকি কোৱা হৈছে যে, মহিলাসকলক আত্ম নিৰ্ভৰশীল কৰি তুলিবলৈ চৰকাৰে লৈছে এইখন আঁচনি। ইতিমধ্যে এই খবৰ সম্পূ্ৰ্ণ ভুৱা বুলি জনাইছে চৰকাৰে। চৰকাৰৰ নাই এনেধৰণৰ কোনো আঁচনি। এনেধৰণৰ ভুৱা বাতৰি প্ৰচাৰ নকৰিবলৈ চৰকাৰৰ ফালৰ পৰা সকীয়নি প্ৰদান কৰা হৈছে।



PIB Fact Check-  কোৱা হৈছে যে, এই আঁচনি সম্পূৰ্ণ ৰূপে ভুৱা। কেন্দ্ৰীয় চৰকাৰৰ এনেধৰণৰ কোনো আঁচনি নাই। প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৱে স্পষ্ট কৰি দিছে এই কথা। কোৱা হৈছে যে, দেশৰ এনে জটিল পৰিস্থিতিৰ সুযোগ লৈ একাংশই ৰাইজৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ এনে ধৰণৰ ভুৱা বাতৰি প্ৰচাৰ কৰিছে। এনে মেছেজ লাভ কৰিবলেও ৰাইজক লিংক নুখুলিবলৈ আহ্বান জনাইছে পি আই বিয়ে।
First published: June 19, 2020, 4:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading