• Home
  • »
  • News
  • »
  • nation
  • »
  • কোৰোণাৰ মাজতে পূৰ্ণ গতিত চলিছে ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম, ২ জুলাইত প্ৰধানমন্ত্ৰী মোদীয়ে আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা!

কোৰোণাৰ মাজতে পূৰ্ণ গতিত চলিছে ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম, ২ জুলাইত প্ৰধানমন্ত্ৰী মোদীয়ে আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা!

অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ আধাৰশিলা স্থাপনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে

অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ আধাৰশিলা স্থাপনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে

অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ আধাৰশিলা স্থাপনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে

  • Share this:
অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ আধাৰশিলা স্থাপনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। সমতলীকৰণৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত নিৰ্দিষ্ট স্থানত আধাৰশিলা স্থাপনৰ এতিয়া প্ৰস্তুতি চলাইছে ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ মন্দিৰ নিৰ্মাণ সমিতিয়ে । অহা ২ জুলাইত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে আধাৰশিলা স্থাপন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে । প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে ন্যাসৰ নিমন্ত্ৰণ গ্ৰহণ কৰিছে ।

এই সময়ছোৱাত প্রধানমন্ত্ৰী Covid-19 মহামাৰীক প্ৰতিহত কৰিবলৈ অহৰহ বৈঠকত মিলিত হৈ থকাৰ পৰিপ্ৰেক্ষিতত ন্যাসৰ তৰফৰ পৰা ২ জুলাই দিনটোৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু ন্যাসে এই সন্দৰ্ভত একাধিকবাৰ আলোচনাত মিলিত হৈছে যদিও এতিয়ালৈকে তাৰিখটোৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ফালৰ পৰা চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই।

ন্যাসৰ সূত্ৰই প্রকাশ কৰা মতে, ২ জুলাই দিনটো হিন্দু ধর্মৰ ৰীতি নীতি অনুসৰি বিশেষ উল্লেখযোগ্য। যাৰ কাৰণে ন্যাসৰ একান্ত কামনা যাতে, সেই দিনটোতে আধাৰশিলা স্থাপন হয়।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি