• Home
  • »
  • News
  • »
  • nation
  • »
  • BJP National Flag Controversy| কল্যাণ সিঙৰ শেষকৃত্যত জাতীয় পতাকাৰ ওপৰত বিজেপিৰ পতাকা! তুমুল বিতৰ্ক

BJP National Flag Controversy| কল্যাণ সিঙৰ শেষকৃত্যত জাতীয় পতাকাৰ ওপৰত বিজেপিৰ পতাকা! তুমুল বিতৰ্ক

BJP National Flag Controversy | ৰাজনৈতিক মহলৰ মতে, এই ঘটনাক বিৰোধীয়ে আগন্তুক কেইবা দিনলৈ হাথিয়াৰ কৰিব।

BJP National Flag Controversy | ৰাজনৈতিক মহলৰ মতে, এই ঘটনাক বিৰোধীয়ে আগন্তুক কেইবা দিনলৈ হাথিয়াৰ কৰিব।

BJP National Flag Controversy | ৰাজনৈতিক মহলৰ মতে, এই ঘটনাক বিৰোধীয়ে আগন্তুক কেইবা দিনলৈ হাথিয়াৰ কৰিব।

  • Share this:
জাতীয় পতাকাৰ ওপৰত ভাৰতীয় জনতা পাৰ্টীৰ পতাকা। প্ৰয়াত উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ শেষকৃত্য অনুষ্ঠানত ঘটিল এই ঘটনা। তাৰ পিছতে তোলপাৰ ছচিয়েল মিডিয়া। তীব্ৰ সমালোচনা কৰিছে বিৰোধীয়ে। যুৱ কংগ্ৰেছে টুইট কৰি ইতিমধ্যে জনাইছে যে, দেশৰ জাতীয় পতাকাৰ এনে অপমান সহ্য কৰা নহ'ব।



সমাজবাদী পাৰ্টীৰ মুখপাত্ৰ ঘনশ্যাম তিৱাৰীয়ে কৈছে, দেশৰ ওপৰত দল! জাতীয় পতাকাৰ ওপৰত দলীয় পতাকা। বিজেপিয়েই এনে কৰিব পাৰে। তেওঁলোকৰ কোনো অনুতাপ নাই, কোনো দুখ নাই। ৰাজনৈতিক মহলৰ মতে, এই ঘটনাক বিৰোধীয়ে আগন্তুক কেইবা দিনলৈ হাথিয়াৰ কৰিব।

শুকুৰবাৰে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰম মন্দিৰ আন্দোলনৰ অন্যতম নেতা কল্যাণ সিঙৰ মৃত্যু হয়। বাবৰি মছজিদ ধ্বংসৰ সময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল কল্যাণ সিং। প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ মৃত্যুত তিনিদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে। শনিবাৰে কল্যাণ সিঙৰ শেষকৃত্য অনুষ্ঠানত  উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

শনিবাৰে বিয়লি ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষকৃত্য সম্পন্ন হয় উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ।
Published by:Himangshu Bhuyan
First published: