১৯ জানুৱাৰীত PLAৰ দ্বাৰা অপহৃত হোৱা অৰুণাচল প্ৰদেশ (Arunachal Pradesh)ৰ ১৭ বছৰীয়া "সন্ধানহীন" যুৱকজনক ভাৰতীয় সেনাক হস্তান্তৰ কৰা হৈছে। চীনে (China) যুৱকজনক মুকলি কৰাৰ বাবে হটলাইনত স্থান দিয়াৰ এদিন পিছতে বৃহস্পতিবাৰে যুৱকজনক মুকলি কৰি দিয়ে। আইন মন্ত্ৰী কিৰেন ৰিজিজু (Kiren Rijiju)ৱে টুইট কৰি এই কথা জনাইছে।
১৯ জানুৱাৰীত পূব অৰুণাচল প্ৰদেশৰ সাংসদ তাপিৰ গাও (Tapir Gao)ৱে দাবী কৰিছিল যে মিৰাম টাৰন (Miram Taron) নামৰ এজন ১৭ বছৰীয়া যুৱকক ভাৰতীয় ভূখণ্ডৰ ভিতৰৰ পৰা অপহৰণ কৰা হৈছে।
২৩ জানুৱাৰীত, ভাৰত সেনাই চীনৰ পিপলছ লিবাৰেচন আৰ্মী (People’s Liberation Army) চমুকৈ PLAৰ সৈতে হটলাইন সক্ৰিয় কৰাৰ তিনিদিন পিছত চীনে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ১৭ বছৰীয়া যুৱকজনক এসপ্তাহৰ ভিতৰত ঘূৰাই দিয়া হ'ব।
গণতন্ত্ৰ দিৱসৰ দিনা সক্ৰিয় কৰা এটা হটলাইনত ৰিজিজুৱে কৈছিল যে চীনা সৈন্যই "ইতিবাচক সঁহাৰি" দিছে যি ১৭ বছৰীয়া যুৱকজনক হস্তান্তৰ কৰাৰ ইংগিত দিছিল। অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৰ ৱাচা-ডামাই পইণ্টত আজি মিৰাম টাৰনক ভাৰতীয় সেনাৰ হাতত দতাই দিয়ে চীনা সৈন্যই।
ল'ৱাৰ সোৱণশিৰি জিলাৰ জিলা সদৰ জিৰো (Ziro)ৰ পৰা গাওৱে পিটিআই (PTI)ক ফোনযোগে জনায় যে পলাই যাবলৈ সক্ষম হোৱা টাৰণৰ বন্ধু জনী য়াইঙে চীনৰ সেনা PLAই টাৰনক অপহৰণ কৰা বুলি কৰ্তৃপক্ষক অৱগত কৰিছিল। দুয়োজন স্থানীয় চিকাৰী আৰু জিৰো গাঁৱৰ। সাংসদজনে কয় যে ঘটনাটো সেই ঠাইৰ ওচৰত সংঘটিত হৈছিল য'ত চাংপো নদী অৰুণাচল প্ৰদেশেৰে ভাৰতত প্ৰৱেশ কৰিছে।
Published by: Manjumoni Borah
First published: January 27, 2022, 14:37 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|