মুখ্যপৃষ্ঠা »খবৰ »দেশ »যাৰ ঘৰত উদ্ধাৰ হৈছে ২৫৭ কোটি টকা, ২৫ কেজি সোণ... তেওঁ ঘূৰি ফুৰিছিল পুৰণি স্কুটাৰত, কেনে আছিল লাইফ ষ্টাইল?

যাৰ ঘৰত উদ্ধাৰ হৈছে ২৫৭ কোটি টকা, ২৫ কেজি সোণ... তেওঁ ঘূৰি ফুৰিছিল পুৰণি স্কুটাৰত, কেনে আছিল লাইফ ষ্টাইল?

businessmen of Uttar Pradesh: ওচৰ-চুবুৰীয়াই উল্লেখ কৰে যে ব্যৱসায়ত সফল হোৱাৰ পিছত পীয়ূষ জৈন আৰু তেওঁৰ ভায়েক অম্বৰীশে তেওঁলোকৰ কনৌজৰ ঘৰটো এটা প্ৰাসাদলৈ ৰূপান্তৰ কৰিছিল।

  • Share this:

উত্তৰ প্ৰদেশৰ ব্যৱসায়ী পীয়ূষ জৈনৰ ঘৰৰ পৰা ২০০ কোটিৰো অধিক নগদ টকা তথা সোণ-ৰূপ উদ্ধাৰৰ ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিন্তু তাতোকৈ আচৰিত এটা তথ্য সম্প্ৰতি পোহৰলৈ আহিছে। এই তথ্য অনুযায়ী উত্তৰ প্ৰদেশৰ ব্যৱসায়ী পীয়ূষ জৈনে (Piyush Jain) সদায় তেওঁৰ পুৰণি স্কুটাৰখন (old scooter) লৈ ঘূৰি ফুৰিছিল। তেওঁৰ চাৰিচকীয়া বাহন ৰূপে আছে দুখন পুৰণি গাড়ী, যি তেওঁলোকৰ ঘৰৰ সন্মুখত ৰখাই থোৱা আছে।

স্থানীয় বাসিন্দাসকলে উল্লেখ কৰে যে কোটি কোটি নগদ ধন উদ্ধাৰৰ কথাটো অঞ্চলটোত যথেষ্ট আলোচনা হৈছে, কিন্তু পীয়ূষ জৈনে এখন সাধাৰণ স্কুটাৰ চলায় আৰু অতি সৰল জীৱন যাপন কৰে।

উল্লেখ্য, কেন্দ্ৰীয় সংস্থাসমূহে যোৱা সপ্তাহত জানিব পাৰিছিল যে কানপুৰস্থিত সুগন্ধি নিৰ্মাতা পীয়ূষ জৈনে ২০০ কোটি টকাতকৈও অধিক ধন ঘৰত জমা কৰিছে। এইক্ষেত্ৰত অভিযান চলোৱাত তেওঁৰ ঘৰত উদ্ধাৰ বিপুল পৰিমাণৰ অৰ্থ, যি গণনা কৰাৰ বাবে DGGIৰ টীমক লাগে প্ৰায় দুটা দিন।

কিন্তু ইমান ধনৰ গৰাকী পীয়ূষ জৈনৰ সাধাৰণ জীৱন যাপনে সকলোকে আচৰিত কৰি তুলিছে। বৰ্তমান পীয়ূষ জৈনক সামগ্ৰী আৰু সেৱা কৰ (GST) ফাঁকি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। উল্লেখ্য, পীয়ূষ জৈনে কানপুৰত তেওঁৰ সুগন্ধি ব্যৱসায় আৰম্ভ কৰিছিল আৰু যোৱা ১৫ বছৰত তেওঁ এয়া দেশৰ বহু ঠাইলৈ লৈ গৈছিল। আজিকালি মুম্বাই আৰু গুজৰাটৰ বহুতো চহৰত তেওঁৰ ব্যৱসায় চলি আছে।

ওচৰ-চুবুৰীয়াই উল্লেখ কৰে যে ব্যৱসায়ত সফল হোৱাৰ পিছত পীয়ূষ জৈন আৰু তেওঁৰ ভায়েক অম্বৰীশে তেওঁলোকৰ কনৌজৰ ঘৰটো এটা প্ৰাসাদলৈ ৰূপান্তৰ কৰিছিল। পীয়ূষ জৈন যেতিয়াই কনৌজলৈ আহিছিল, তেতিয়াই তেওঁৰ পুৰণি স্কুটাৰখনেৰে উপস্থিত হৈছিল। তেওঁ এটা অতি স্বাভাৱিক জীৱন যাপন কৰিছিল।

শেহতীয়া বাতৰি