RCEPক লৈ কৰা মন্তব্যক লৈ ছোনিয়া গান্ধীক উভতি ধৰিলে পীয়ূষ গোৱেলে

ছোনিয়া গান্ধীয়ে শনিবাৰে অৰ্থ ব্যৱস্থাৰ স্থিতিক লৈ চৰকাৰৰ সমালোচনা কৰি কৈছিল যে আৰ চি ই পি চুক্তিত স্বাক্ষৰৰ স্বাক্ষৰৰ ফলত কৃষক, দোকানী আৰু ক্ষুদ্ৰ উদ্যোগীৰ বাবে সমস্যা হ’ব।

News18-Assam
Updated:November 3, 2019, 12:34 PM IST
RCEPক লৈ কৰা মন্তব্যক লৈ ছোনিয়া গান্ধীক উভতি ধৰিলে পীয়ূষ গোৱেলে
ছোনিয়া গান্ধীয়ে শনিবাৰে অৰ্থ ব্যৱস্থাৰ স্থিতিক লৈ চৰকাৰৰ সমালোচনা কৰি কৈছিল যে আৰ চি ই পি চুক্তিত স্বাক্ষৰৰ স্বাক্ষৰৰ ফলত কৃষক, দোকানী আৰু ক্ষুদ্ৰ উদ্যোগীৰ বাবে সমস্যা হ’ব।
News18-Assam
Updated: November 3, 2019, 12:34 PM IST
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ূষ গোৱেলে শনিবাৰে প্ৰস্তাৱিত মেগা মুক্ত বাণিজ্য চুক্তি RCEPক লৈ কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীয়ে কৰা মন্তব্যক উভতি ধৰি কয় যে ইউ পিৰ শাসনৰ সময়তে ভাৰতে এই চুক্তিৰ বাবে আলোচনাত মিলিত হৈছিল।

টুইটাৰযোগে পীয়ূষ গোৱেলে কয় – ‘শ্ৰীমতী ছোনিয়া গান্ধীয়ে হঠাৎ আৰ চি ই পি আৰু এফ টি এক লৈ সাৰ পাইছে। তেন্তে তেওঁ ক’ত আছিল – ‘যেতিয়া ২০১০ত যেতিয়া ASEANৰে FTA স্বাক্ষৰিত হৈছিল? ২০১০ত যেতিয়া দক্ষিণ কোৰিয়াৰে FTAৰ স্বাক্ষৰিত হৈছিল? ২০১১ত যেতিয়া মালয়েছিয়াৰ সৈতে FTA স্বাক্ষৰিত হৈছিল? ২০১১ত যেতিয়া জাপানৰ সৈতে FTA স্বাক্ষৰিত হৈছিল।’

গোৱেলে আৰু কয় যে – ‘হঠাৎ সাৰ পোৱা ছোনিয়া গান্ধী তেতিয়া তেওঁ ক’ত আছিল যেতিয়া তেওঁৰ চৰকাৰে আছিয়ান দেশৰ বাবে নিজৰ বজাৰৰ ৭৪ শতাংশ মুকলি দিছিল কিন্তু ইণ্ডোনেছিয়াৰ দৰে ধনী দেশে ভাৰতৰ বাবে কেৱল ৫০ শতাংশ মুকলি দিছিল?’

‘২০০৭ চনত তেওঁৰ চৰকাৰে ভাৰত–চীন এফ টি এৰ বিচাৰত সহমতি প্ৰকাশ কৰিছিল। আশা কৰিছো প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে ইয়াৰ বিৰুদ্ধে মাত মাতিব।’ – টুইটাৰত মন্তব্য পীয়ূষ গোৱেলৰ।

ছোনিয়া গান্ধীয়ে শনিবাৰে অৰ্থ ব্যৱস্থাৰ স্থিতিক লৈ চৰকাৰৰ সমালোচনা কৰি কৈছিল যে আৰ চি ই পি চুক্তিত স্বাক্ষৰৰ স্বাক্ষৰৰ ফলত কৃষক, দোকানী আৰু ক্ষুদ্ৰ উদ্যোগীৰ বাবে সমস্যা হ’ব।

ছোনিয়া গান্ধীক সমালোচনা কৰি গোৱেলে কয় যে – ‘যেতিয়া ২০০৪ চনত RCEP ৰাষ্ট্ৰৰ সৈতে বাণিজ্য ঘাটি ৭ বিলিয়ন ডলাৰৰ পৰা বৃদ্ধি হৈ ২০১৪ চনত ৭৮ বিলিয়ন ডলাৰ হৈছিল তেতিয়া তেওঁ ক’ত আছিল? যেতিয়া তেওঁৰ চৰকাৰে ২০১১–১২ত চীনৰ সৈতে RCEP আলোচনাত অন্তৰ্ভুক্ত হ’বলৈ ভাৰতক বাধ্য কৰাইছিল তেতিয়া তেওঁ ক’ত আছিল?’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্ব দিছে যে আৰ চি ই পি জয়ী হ’ব লাগিব, আমিও এটা বিজয়ী ফলাফল বিচাৰো। – টুইটাৰযোগে প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।

আৰ চি ই পি এক বাণিজ্য চুক্তি যাক লৈ ১৬খন দেশৰ মাজত আলোচনা হৈ আছে। এইক্ষেত্ৰত মতভেদ দূৰ কৰাৰ বাবে বেংককত আলোচনা চলি আছে। চুক্তিখনক লৈ শব্দৰ আদান–প্ৰদান সেই সময়ত হৈছে যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰচিইপি শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে বেংককত উপস্থিত আছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি