• Home
  • »
  • News
  • »
  • nation
  • »
  • PIL to Revadis: এই আবেদনে ৰাজনৈতিক দলসমূহৰ ফ্ৰী সুবিধা প্ৰদান সংস্কৃতিৰ ওপৰত আৰম্ভ কৰিলে বিতৰ্ক, গুজৰাট নিৰ্বাচনৰ পূৰ্বে দেশত হুলস্থুল

PIL to Revadis: এই আবেদনে ৰাজনৈতিক দলসমূহৰ ফ্ৰী সুবিধা প্ৰদান সংস্কৃতিৰ ওপৰত আৰম্ভ কৰিলে বিতৰ্ক, গুজৰাট নিৰ্বাচনৰ পূৰ্বে দেশত হুলস্থুল

PIL to Revadis: কেন্দ্ৰৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে চৰকাৰে এই পিআইএলক সমৰ্থন কৰে।

PIL to Revadis: কেন্দ্ৰৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে চৰকাৰে এই পিআইএলক সমৰ্থন কৰে।

PIL to Revadis: কেন্দ্ৰৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে চৰকাৰে এই পিআইএলক সমৰ্থন কৰে।

  • Share this:
বুধবাৰে কেন্দ্ৰই উচ্চতম ন্যায়ালয়ত কয় যে “ফ্ৰীবি (বিনামূলীয়া চৰকাৰী সুবিধা) বিতৰণে ভৱিষ্যতে অৰ্থনৈতিক দুৰ্যোগৰ সৃষ্টি কৰাটো অনিবাৰ্য।” নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলসমূহে হাতখুলি প্ৰতিশ্ৰুতি দিয়াৰ প্ৰথাৰ বিৰুদ্ধে ৰাজহুৱা স্বাৰ্থজড়িত আবেদন (পিআইএল)ক সমৰ্থন কৰে কেন্দ্ৰই।

মুখ্য ন্যায়াধীশ এন ভি ৰমানা নেতৃত্বাধীন বিচাৰপীঠৰ সন্মুখত কেন্দ্ৰীয় চৰকাৰৰ স্থিতিয়ে তাৎপৰ্য্য গ্ৰহণ কৰিছে কিয়নো ইয়াৰ পূৰ্বে ফ্ৰীবিৰ বিষয়টো নিৰ্বাচন আয়োগে মোকাবিলা কৰাৰ প্ৰয়োজন আছে বুলি কৈছিল।

২৬ জুলাইৰ শুনানিৰ সময়ত অৱশ্যে নিৰ্বাচনী পেনেলে চৰকাৰৰ ওপৰত দায়িত্ব আৰোপ কৰিছিল।

বুধবাৰে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কেন্দ্ৰ, নীতি আয়োগ, বিত্ত আয়োগ, RBIকে ধৰি সকলো অংশীদাৰক নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিয়া ফ্ৰীবিৰ বিষয়টোৰ ওপৰত বিতং আলোচনা কৰি ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ গঠনমূলক পৰামৰ্শ আগবঢ়াবলৈ কয়।

কেন্দ্ৰৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে চৰকাৰে এই পিআইএলক সমৰ্থন কৰে।

PIL আৰু সমস্যাটোৰ বিষয়ে সকলো পঢ়ক মাত্ৰ ১০টা পইণ্টত :

২২ জানুৱাৰী: শনিবাৰে উচ্চতম ন্যায়ালয়ত এখন PIL দাখিল কৰা হয় যে নিৰ্বাচনৰ পূৰ্বে ৰাজহুৱা পুঁজিৰ পৰা অযুক্তিকৰ ফ্ৰীবিৰ প্ৰতিশ্ৰুতি বা বিতৰণে ভোটাৰসকলক অযথা প্ৰভাৱিত কৰিব পাৰে, যি মুক্ত আৰু ন্যায্য নিৰ্বাচনৰ ভেটি জোকাৰিব পাৰে, আৰু সমতাপূৰ্ণ নিৰ্বাচনত ব্যাঘাত জন্মাব পাৰে, ইয়াৰ উপৰিও নিৰ্বাচন প্ৰক্ৰিয়াৰ বিশুদ্ধতাক ক্ষতিগ্ৰস্ত কৰে।

WHAT IT SAID: ভাৰতীয় জনতা পাৰ্টীৰ নেতা তথা অধিবক্তা অশ্বিনী কুমাৰ উপাধ্যায়ে ৰাজনৈতিক দলসমূহৰ এনে সিদ্ধান্তই সংবিধানৰ ১৪, ১৬২, ২৬৬(৩) আৰু ২৮২ নং অনুচ্ছেদ উলংঘা কৰা বুলি দাবী কৰি এই আবেদন দাখিল কৰে। নিৰ্বাচন আয়োগে নিৰ্বাচনী প্ৰতীক জব্দ কৰিবলৈ আৰু ৰাজহুৱা পুঁজিৰ পৰা অযুক্তিকৰ বিনামূলীয়া সামগ্ৰী বিতৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া ৰাজনৈতিক দলসমূহৰ পঞ্জীয়ন বন্ধ কৰিবলৈ নিৰ্দেশ দিবলা আবেদন কৰা হয়। এই আবেদনত দাবী কৰা হৈছে যে ৰাজনৈতিক দলসমূহে অনৈতিক লাভৰ বাবে আৰু ভোটাৰক তেওঁলোকৰ পক্ষত আকৰ্ষিত কৰিবলৈ স্বেচ্ছাচাৰীভাৱে অযুক্তিকৰ ফ্ৰীবিৰ প্ৰতিশ্ৰুতি দিয়ে। ই উৎকোচ আৰু অযথা প্ৰভাৱৰ সৈতে সাদৃশ্যপূৰ্ণ।

ইয়াৰ পৰা নাগৰিকৰ আঘাত অত্যন্ত বৃহৎ হয় কাৰণ আপ ক্ষমতালৈ আহিলে পঞ্জাৱক ৰাজনৈতিক প্ৰতিশ্ৰুতি পূৰণৰ বাবে মাহে ১২ হাজাৰ কোটি টকাৰ প্ৰয়োজন; এছ এ ডি ক্ষমতালৈ আহিলে মাহে ২৫ হাজাৰ কোটি টকা আৰু কংগ্ৰেছ শাসনলৈ আহিলে ৩০ হাজাৰ কোটি টকাৰ প্ৰয়োজন হ'ব, যদিও ৰাজ্যখনৰ GST সংগ্ৰহ মাত্ৰ ১৪০০ কোটি টকা বুলিহে আবেদনত আঙুলিয়াই দিয়া হৈছে।

"আচলতে ঋণ পৰিশোধ কৰাৰ পিছত পঞ্জাৱ চৰকাৰে দৰমহা-পেঞ্চনো দিব পৰা নাই, তেন্তে ই কেনেকৈ ফ্ৰীবি যোগান ধৰিব? তিক্ত সত্যটো হ'ল পঞ্জাৱৰ প্ৰতি পৰৱৰ্তী বছৰত ঋণ বৃদ্ধি পাইছে। ৰাজ্যৰ বাকী থকা ঋণ ৭৭,০০০ কোটি টকালৈ বৃদ্ধি পাইছে, বৰ্তমানৰ বিত্তীয় বৰ্ষৰ ৩০ হাজাৰ কোটি টকাৰ সৈতে।’- আবেদনত এই দাবী কৰা হৈছে।

আবেদনকাৰীয়ে কয় যে সেই সময় বেছি দূৰ নাই যেতিয়া এটা পক্ষই ক’ব যে “আমি আপোনাৰ বাসগৃহত আপোনালোকৰ বাবে খাদ্য ৰান্ধি দিম” আৰু আন এটা পক্ষই ক’ব যে “আমি কেৱল ৰান্ধি দিয়াই নহয়, আপোনালোকক খুৱাইও দিম” প্ৰতিটো পক্ষই জনপ্ৰিয় প্ৰতিশ্ৰুতি দিয়া নামত ইটোৱে সিটোক চেৰ পেলাবলৈ চেষ্টা কৰোতে কৰোতে এই পৰ্যায় পাবগৈ।

২৫ জানুৱাৰী: ৰাজনৈতিক দলসমূহে “ৰাজহুৱা পুঁজিৰ পৰা অযুক্তিকৰ বিনামূলীয়া বস্তু” দিয়াৰ প্ৰতিশ্ৰুতি বা বিতৰণ বন্ধ কৰাৰ বাবে নিৰ্দেশনা প্ৰণয়ন কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশনা বিচাৰি SCয়ে জাননী জাৰি কৰে।

জানুৱাৰী-মাৰ্চঃ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত বিজেপিয়ে কংগ্ৰেছক বিগত ৭০ বছৰত ভাৰতৰ জনসাধাৰণক ক্ষমতা প্ৰদান কৰাৰ পৰিৱৰ্তে ভোট সংগ্ৰহৰ বাবে “ডলিং আউট ফ্ৰীবিজ”ৰ অভিযোগ উত্থাপন কৰিছিল। দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কয় যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে মানুহক “আত্মনিৰ্ভৰশীল হৈ উজ্জ্বলা যোজনা, আয়ুষ্মান ভাৰতৰ দৰে পদক্ষেপৰ জৰিয়তে তেওঁলোকক শক্তিশালী কৰি তুলিবলৈ” সমৰ্থন আগবঢ়াইছে। আপেও পঞ্জাৱত বিনামূলীয়া বিদ্যুৎ প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল।

৯ এপ্ৰিল : নিৰ্বাচন আয়োগে উচ্চতম ন্যায়ালয়ক কয় যে নিৰ্বাচনৰ পূৰ্বে বা পিছত ফ্ৰীবিজ প্ৰদান কৰাটো এটা ৰাজনৈতিক দলৰ নীতিগত সিদ্ধান্ত, আৰু ই ৰাজ্যিক নীতি আৰু দলসমূহে গ্ৰহণ কৰা সিদ্ধান্তসমূহ নিয়ন্ত্ৰণ কৰিব নোৱাৰে। এক শপতনামাত ECয়ে কয় : “নিৰ্বাচনৰ পূৰ্বে বা পিছত যিকোনো বিনামূলীয়া বস্তু আগবঢ়োৱা/বিতৰণ কৰাটো সংশ্লিষ্ট দলৰ নীতিগত সিদ্ধান্ত আৰু এনে নীতি আৰ্থিকভাৱে কাৰ্য্যক্ষম নেকি বা ইয়াৰ দ্বাৰা ৰাজ্যৰ অৰ্থনৈতিক স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰাটো এটা প্ৰশ্ন যিটো বিবেচনা কৰি সিদ্ধান্ত ল’ব লাগিব ৰাজ্যৰ ভোটাৰসকলৰ দ্বাৰা।"

‘নিৰ্বাচন আয়োগে ৰাজ্যিক নীতি আৰু সিদ্ধান্ত নিয়ন্ত্ৰণ কৰিব নোৱাৰে যিবোৰ বিজয়ী পক্ষই চৰকাৰ গঠন কৰাৰ সময়ত ল’ব পাৰে। আইনত বিধানসমূহ সক্ষম নকৰাকৈ এনে কাৰ্য্য, ক্ষমতাৰ অতিমাত্ৰা প্ৰসাৰ হ'ব।"

ECয়ে স্পষ্ট কৰি দিয়ে যে ইণ্ডিয়ান নেচনেল কংগ্ৰেছ বনাম ইনষ্টিটিউট অৱ ছ’চিয়েল ৱেলফেয়াৰ আৰু অন্যান্য (২০০২) গোচৰত শীৰ্ষ আদালতে ৰূপৰেখা দাঙি ধৰা তিনিটা ভিত্তিৰ বাহিৰে তেওঁলোকৰ কোনো ৰাজনৈতিক দলৰ পঞ্জীয়ন বন্ধ কৰাৰ ক্ষমতা নাই।
ভিত্তিসমূহ হ’ল — প্ৰৱঞ্চনা আৰু জালিয়াতিৰ ওপৰত লাভ কৰা পঞ্জীয়ন, সংবিধানৰ প্ৰতি পক্ষৰ বিশ্বাস আৰু আনুগত্য বন্ধ হোৱা, আৰু আন যিকোনো একে ধৰণৰ ভিত্তি।

জুলাইঃ “দিল্লী মডেল”ৰ অনুকৰণ কৰি আপ নেতৃত্বাধীন পঞ্জাৱ চৰকাৰে ৰাজহ হ্ৰাস আৰু ঘাটি বহল হোৱাৰ পিছতো চলিত মাহৰ পৰা সকলোকে প্ৰতিমাহে ৩০০ ইউনিট বিনামূলীয়া বিদ্যুৎ বিতৰণ কৰিবলৈ আৰম্ভ কৰে, তেওঁলোকৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি।

৩ জুলাইঃ আহমেদাবাদত বিনামূলীয়া বিদ্যুতৰ বিষয়টোক লৈ গুজৰাট ভ্ৰমণ কৰি কেজৰিৱালে এখন টাউন হল সভা অনুষ্ঠিত কৰে। ইয়াৰ পিছতে জনসাধাৰণৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত তেওঁ কয় যে গুজৰাটত বিনামূলীয়া বিদ্যুৎ সম্ভৱপৰ আৰু ক্ষমতালৈ ভোট দিলে তেওঁৰ দলটোৱে কেনেদৰে যোগান ধৰিব পাৰে তাৰ সূত্ৰ লৈ তেওঁ শীঘ্ৰেই ৰাজ্যখন ভ্ৰমণ কৰিব। “দিল্লী মডেল” দাঙি ধৰি তেওঁ কৈছিল যে দুৰ্নীতি নিৰ্মূল হ’লে গুজৰাটত বিনামূলীয়া বিদ্যুৎ ব্যৱস্থা সম্ভৱ। ডিচেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া গুজৰাটত আপে বিনামূলীয়া বিদ্যুৎক এক ডাঙৰ ভোট আকৰ্ষণৰ আহিলা কৰি তুলিছে।

১৬ জুলাইঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভোটৰ বাবে বিনামূলীয়াকৈ প্ৰদান কৰা “ৰেৱাড়ী সংস্কৃতি” বুলি কোৱাৰ বিৰুদ্ধে জনসাধাৰণক সতৰ্ক কৰি কয় যে এয়া দেশৰ উন্নয়নৰ বাবে “অতি বিপজ্জনক”। প্ৰধানমন্ত্ৰীয়ে ক্ষমতা দখলৰ বাবে বিভিন্ন পক্ষই প্ৰতিশ্ৰুতি দিয়া বিনামূলীয়া বস্তুৰ উপমা হিচাপে ব্যৱহাৰ কৰিছিল ‘ৰেৱাড়ী’ নামৰ জনপ্ৰিয় উত্তৰ ভাৰতীয় উৎসৱৰ সময়ত প্ৰায়েই বিতৰণ কৰা মিঠাইৰ সৈতে, আৰু কয় যে জনসাধাৰণ, বিশেষকৈ যুৱক-যুৱতীসকলে ইয়াৰ পৰা সাৱধান হ’ব লাগে।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ভোটৰ বাবে বিনামূলীয়াকৈ সুবিধা প্ৰদান কৰাসকলৰ বিৰুদ্ধে মানুহক সতৰ্ক কৰি দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰি কয় যে তেওঁৰ চৰকাৰৰ বিনামূলীয়া শিক্ষা, স্বাস্থ্যসেৱা, আৰু বিদ্যুতৰ বাবে কৰা আঁচনিসমূহ “ফ্ৰীবি” নহয়, বৰঞ্চ তাৰ ভেটি স্থাপনৰ প্ৰচেষ্টাইহে ভাৰতক বিশ্বৰ এক নম্বৰ দেশ হিচাপে গঢ়ি তুলিব।

২০ জুলাইঃ বিজেপিৰ গুজৰাট ইউনিটৰ মুৰব্বী চি আৰ পাটিলে মানুহক সকীয়াই দিয়ে যে ফ্ৰীবিজৰ “ৰেৱাড়ী সংস্কৃতি”ৰ দ্বাৰা তেওঁলোকে বিপথে পৰিচালিত হ’ব নালাগে কাৰণ ইয়াৰ ফলত অৱশেষত ৰাজ্য আৰু ভাৰতক শ্ৰীলংকালৈ ৰূপান্তৰিত কৰিব পাৰে, যিখন বৰ্তমান তীব্ৰ অৰ্থনৈতিক সংকটৰ মাজেৰে পাৰ হৈ আছে।

৩ আগষ্টঃ কেন্দ্ৰৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে চৰকাৰে PILক সমৰ্থন কৰে। এনে জনপ্ৰিয়তাবাদী প্ৰতিশ্ৰুতিয়ে ভোটাৰৰ ওপৰত তীব্ৰ বিৰূপ প্ৰভাৱ পেলায়। ই কেৱল ভৱিষ্যতে অৰ্থনৈতিক দুৰ্যোগৰ সৃষ্টি কৰাই নহয়, ভোটাৰসকলেও নিজৰ নিৰ্বাচনৰ অধিকাৰক জ্ঞাত, বুদ্ধিমান সিদ্ধান্ত হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে বুলি চৰকাৰৰ আইন বিষয়াগৰাকীয়ে কয়।

মেহতাই কয় যে এনে ফ্ৰীবি গ্ৰহণ কৰি থাকোঁতে এজন সাধাৰণ মানুহে কেতিয়াও উপলব্ধি নকৰে যে তেওঁৰ সোঁ পকেটত কিবা এটা লাভ হৈছে যিটো পিছত তেওঁৰ বাওঁ পকেটৰ পৰা কাঢ়ি নিছে। তেওঁ কয় যে নিৰ্বাচনী পেনেলে কেৱল গণতন্ত্ৰ ৰক্ষাৰ বাবেই নহয়, দেশৰ অৰ্থনৈতিক জীৱিকা ৰক্ষাৰ বাবেও ফ্ৰীবি সংস্কৃতিক বাধা দিব লাগিব।

নিৰ্বাচনী পেনেলৰ অধিবক্তাই অৱশ্যে কয় যে উচ্চতম ন্যায়ালয়ৰ ৰায়দানসমূহে ইয়াক বান্ধি ৰাখিছে আৰু সেয়েহে ই ফ্ৰীবিৰ বিষয়টোৰ ওপৰত কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে। কিন্তু শুনানিৰ সময়ত বিচাৰপীঠে সহায় কৰিবলৈ কোৱা জ্যেষ্ঠ অধিবক্তা কপিল ছিবালৰ পৰামৰ্শৰ বিৰোধিতা কৰি চৰকাৰৰ আইন বিষয়াই কয় যে নিৰ্বাচনী পেনেলক এই অনুশীলনৰ পৰা আঁতৰাই ৰাখিব লাগে।

উচ্চতম ন্যায়ালয়ে PILখনৰ পৰৱৰ্তী শুনানিৰ বাবে বৃহস্পতিবাৰৰ দিনটো ধাৰ্য কৰিছে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি