উচ্চতম ন্যায়ালয় (Supreme Court)ত জিলা ভিত্তিত সংখ্যালঘু নিৰূপণ কৰাৰ নিৰ্দেশ বিচাৰি দাখিল হৈছে লেখ আবেদন । দেশৰ বহু ৰাজ্যত হিন্দু সকল সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ভাৱে অনগ্ৰসৰ আৰু সংখ্যালঘু (Hindu Minority) কিন্তু তৎসত্বেও কেৱল সমগ্ৰ দেশতে একক ভাৱে কেৱল মুছলমান, খ্ৰীষ্টান, শিখ, বৌদ্ধ আৰু পাৰ্চী সকলে সংখ্যালঘুৰ মৰ্যাদা লাভ কৰে । এই যুক্তিৰে আবেদনকাৰীয়ে জিলাই-জিলাই পৰিসংখ্যাৰ ভিত্তিত সংখ্যালঘু (Districtwise Minority) নিৰূপণ কৰাৰ নিৰ্দেশ বিচাৰিছে ।
উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনত ৰাষ্ট্ৰীয় সংখ্যালঘু আইন ১৯৯২চনৰ দফা ২(গ)ক প্ৰত্যাহ্বান জনোৱা হৈছে । এই দফাই কেন্দ্ৰক সংখ্যলঘু নিৰূপণৰ ক্ষেত্ৰত সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰে। আবেদনকাৰীৰ মতে সেই দফা উচ্চতম ন্যায়ালয়ে টি এম এ পাই গোচৰত দিয়া নিৰ্দেশৰ পৰিপন্থী । টি এম এ পাই গোচৰত উচ্চতম ন্যায়ালয়ে ভাষিক আৰু ধাৰ্মিক সংখ্যালঘু নিৰূপণৰ দায়িত্ব ৰাজ্য চৰকাৰক অৰ্পণ কৰিছিল ।
মথুৰাৰ নিবাসী দেৱকী নন্দন ঠাকুৰে দাখিল কৰিছে এই আবেদন । ঠাকুৰৰ প্ৰতিনিধিত্ব কৰি অধিবক্তা আশুতোষ ডুবেই ন্যায়ালয়ত কয় – হিন্দু ধৰ্মৰ লোকসকল লাডাখ, মিজোৰাম, লক্ষদ্বীপ, কাশ্মীৰ, নাগালেণ্ড, মেঘালয়, অৰুণাচল, পাঞ্জাৱ আৰু মণিপুৰত সংখ্যালঘু হোৱাৰ স্বত্বেও সংখ্যালঘু শিক্ষানুষ্ঠান খোলাৰ অধিকাৰ নাই কাৰণ তেওঁলোক সংখ্যালঘুৰ সংজ্ঞাত নপৰে । বিভিন্ন ৰাজ্যত সংখ্যালঘু হোৱাৰ পিছতো হিন্দু সকল সংবিধানৰ অনুচ্ছেদ ২৯ আৰু ৩০য়ে প্ৰদান কৰা অধিকাৰৰ পৰা বঞ্চিত হৈছে বুলিও যুক্তি প্ৰদৰ্শন কৰে অধিবক্তা গৰাকীয়ে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|