ত্ৰিপুৰা (Tripura)ত সমস্যা বাঢ়িছে কংগ্ৰেছৰ । ত্ৰিপুৰা কংগ্ৰেছৰ সভাপতি পীয়ুষ কান্তি বিশ্বাসে (
Pijush Kanti Biswas) তেওঁৰ পদৰ পৰা পদত্যাগ কৰিছে। পীয়ুষ কান্তিৰ কংগ্ৰেছৰ পৰা পদত্যাগক দলটোৰ বাবে এটা ডাঙৰ বিফলতা হিচাপে দেখা গৈছে। সুত্ৰ অনুসৰি, পীয়ুষ কান্তিয়ে ৰাজনীতি ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে, আনহাতে কিছুমানে কয় যে তেওঁ অতি সোনকালে তৃণমূল কংগ্ৰেছত যোগদান কৰিব পাৰে।
তেওঁৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছত পীয়ুষ কান্তি বিশ্বাসে কয়, "পদৰ পৰা পদত্যাগ কৰাটো মোৰ বাবে অতি বেদনাদায়ক। মই ছোনিয়া গান্ধীৰ প্ৰতি অত্যন্ত কৃতজ্ঞ, যিয়ে মোক দলৰ সেৱা কৰাৰ সুযোগ দিছিল। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি তেওঁ কয় যে তেওঁ ৰাজনীতিৰ পৰা আনন্দৰে নিজৰ বৃত্তিলৈ উভতি গৈছে। পীয়ুষ কান্তি বিশ্বাস পেছাত এজন উকীল। তেওঁ অলপতে ত্ৰিপুৰাত আই-পেক টীমক জামিন পোৱাত সহায় কৰিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|