• Home
  • »
  • News
  • »
  • nation
  • »
  • কন্যাৰ বিয়াৰ বাবে মোদী চৰকাৰে দিছে নেকি ৪০ হাজাৰ টকা? জানি লওক সবিশেষ

কন্যাৰ বিয়াৰ বাবে মোদী চৰকাৰে দিছে নেকি ৪০ হাজাৰ টকা? জানি লওক সবিশেষ

দাবী কৰিছে যে, কেন্দ্ৰীয় চৰকাৰৰ ‘প্ৰধানমন্ত্ৰী কন্যা বিবাহ যোজনা’ৰ অধীনত কন্যাৰ বিয়াৰ বাবে ৪০ হাজাৰ টকা দিছে।

  • Share this:
ছচিয়েল মিডিয়াত এটা খবৰ এতিয়া দ্ৰুত গতিত ভাইৰেল হৈছে। প্ৰচাৰ চলোৱা হৈছে যে, কেন্দ্ৰীয় চৰকাৰে ‘প্ৰধানমন্ত্ৰী কন্যা বিবাহ যোজনা’ৰ অধীনত কন্যাৰ বিয়াৰ বাবে ৪০ হাজাৰ টকা দিছে। পিছে কিমান সঁচা এই খবৰ? জানিব পৰা মতে, এই খবৰ সম্পূৰ্ণ মিছা। কেন্দ্ৰীয় চৰকাৰে বৰ্তমান লৈকে এনে ধৰণৰ কোনো পৰিকল্পনা কৰা নাই।

Youtubeৰ এটা ভিডিঅ’ই কৰিছে এই দাবী। তাৰ পিছতে পিআইবি ফেক্ট চেক টীমৰ সদস্যই জনাইছে যে, এই খবৰ সম্পূৰ্ণ ভুৱা। প্ৰধানমন্ত্ৰী কন্যা বিবাহ যোজনাৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰে কোনো টকা দিয়া নাই। ভাইৰেল হোৱা বাতৰিটো ফেক। বৰ্তমানলৈকে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এনে কোনো আঁচনি লোৱা নাই।
Published by:Himangshu Bhuyan
First published: