চৰকাৰী চাকৰি কৰা লোকসকলৰ বাবে ডাঙৰ খবৰ!

News18 Assam | News18-Assam
Updated:December 25, 2019, 8:48 AM IST
চৰকাৰী চাকৰি কৰা লোকসকলৰ বাবে ডাঙৰ খবৰ!
এতিয়া কৰ্মচাৰীসকলৰ পি এফ কাটি জমা নকৰা কোম্পানীসমূহ সাৰি নাযাব। উক্ত কোম্পানীৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব উচিত ব্যৱস্থা।

এতিয়া কৰ্মচাৰীসকলৰ পি এফ কাটি জমা নকৰা কোম্পানীসমূহ সাৰি নাযাব। উক্ত কোম্পানীৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব উচিত ব্যৱস্থা।

  • Share this:
কেন্দ্ৰীয় চৰকাৰে চাকৰি কৰা লোকসকলৰ বাবে ডাঙৰ পদক্ষেপ গ্ৰহণৰ প্ৰস্তুতি চলাইছে। CNBC আৱাজে লাভ কৰা তথ্য অনুসৰি, চৰকাৰে কৰ্মচাৰীৰ PFৰ সৈতে জড়িত নিয়মৰ সালসলনি কৰাৰ প্ৰস্তুতি চলাইছে। এতিয়া কৰ্মচাৰীসকলৰ পি এফ কাটি জমা নকৰা কোম্পানীসমূহ সাৰি নাযাব। উক্ত কোম্পানীৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব উচিত ব্যৱস্থা।

ইয়াৰ বাবে চৰকাৰে শ্ৰম আইনত সংশোধন ঘটাব। ইমানেই নহয়, কোম্পানীয়ে যদি পি এফ নিদিয়াৰ বাবে কোনো অজুহাত দেখুৱাই বা ভুল তথ্য দিয়ে তেতিয়াও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। নতুন আইনত এনেধৰণৰ অনিয়মৰ বাবে জে’ললৈ প্ৰেৰণ কৰাৰো প্ৰস্তাৱ ৰখা হৈছে।

কৰ্মচাৰীৰ পি এফ জমা নকৰা কোম্পানীৰ জৰিমনা ১০ গুণ বৃদ্ধি কৰাৰ প্ৰস্তুতি চলাইছে চৰকাৰে। অৰ্থাৎ ১০ হাজাৰৰ সলনি কোম্পানীয়ে ভৰিব লাগিব ১ লাখ টকাৰ জৰিমনা। ইয়াৰ উপৰি ৩ বছৰৰ বাবে জে’ললৈ প্ৰেৰণ কৰাৰো প্ৰস্তাৱ ৰখা হৈছে। কোম্পানীৰ ফালৰ পৰা কৰ্মচাৰীৰ পি এফ জমা নকৰাৰ অভিযোগ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এই ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হৈছে চৰকাৰ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি