পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে হাৰিয়ানাৰ পানীপটত ইণ্ডিয়ান অইল কৰ্প’ৰেচনক পেট্ৰ’লিয়ামজাত ইন্ধনৰূপে বায়’মাছ ইনাথনল ব্যৱহাৰৰ লক্ষ্যৰে নতুন 2G ইথানল প্ৰকল্প স্থাপনত অনুমোদন জনাইছে।
পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে দেওবাৰে কয় যে পৰিৱেশ অনুকূল ইন্ধন হিচাপে ইথানল ব্যৱহাৰত গুৰুত্ব প্ৰদানৰ বাবে এই প্ৰকল্পত অনুমোদন জনোৱা হৈছে। তদুপৰি ইয়াৰ জৰিয়তে কৃষকৰ আয় দুগুণ কৰাৰ চৰকাৰৰ লক্ষ্যৰ ক্ষেত্ৰতো সহায়ক হ’ব বুলি আশা কৰা হৈছে।
উল্লেখযোগ্য যে IOCL–এ প্ৰতিদিনে ১০০ কিলোলিটাৰ উৎপাদনক্ষম 2G ইথানল প্ৰকল্প স্থাপনৰ ফলত পৰিৱেশৰ ওপৰত পৰিবপৰা প্ৰভাৱৰ মূল্যায়ন প্ৰতিবেদন চলিত বছৰৰ জুনত মন্ত্ৰণালয়ৰ ওচৰত দাখিল কৰি ইয়াৰ মঞ্জুৰিৰ বাবে আবেদন জনাইছিল।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : November 11, 2019, 00:29 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।