ক্ৰমাগত চতুৰ্থ দিনৰ বাবেও অইল মাৰ্কেটিং কোম্পানীসমূহে (HPCL, BPCL, IOC)–এ পেট্ৰ’ল- ডিজেলৰ মূল্য বঢ়াইছে।
ক্ৰমাগত চতুৰ্থ দিনৰ বাবেও অইল মাৰ্কেটিং কোম্পানীসমূহে (HPCL, BPCL, IOC)–এ পেট্ৰ’ল- ডিজেলৰ মূল্য বঢ়াইছে।
আকৌ সাধাৰণ জনতাৰ মূৰত মাধমাৰ। বাঢ়িয়েই আছে প্ট্ৰ’ল ডিজেলৰ দাম। ক্ৰমাগত চতুৰ্থ দিনৰ বাবেও অইল মাৰ্কেটিং কোম্পানীসমূহে (HPCL, BPCL, IOC)–এ পেট্ৰ’ল- ডিজেলৰ মূল্য বঢ়াইছে। বুধবাৰৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰ’লত ৪০ পইচা বৃদ্ধি হোৱাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি পালে ৪৫ পইচা।
উল্লেখ্য যে, পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ কাৰণ হৈছে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ব্যৱসায়িক গতি বিধি পুনৰ আৰম্ভ হোৱাত খাৰুৱা তেলৰ মূল্য বৃদ্ধি হৈছে আৰু সমান্তৰালকৈ ভাৰততো পেট্ৰ’ল–ডিজেলৰ মূল্য বৃদ্ধি হৈছে।
দিল্লীত চাৰি দিনত ২.১৪ টকা প্ৰতি লিটাৰ পে’ট্ৰলত বৃদ্ধি পোৱাৰ লগতে ডিজেলত ২.২৩ টকা বৃদ্ধি পালে। বুধবাৰে গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম হ’লগৈ ৭৯.৪৬ । আনহাতে প্ৰতিলিটাৰ ডিজেলৰ দাম হ’ল ৭২.৫৭ টকা।
আপুনি ৯২২৪৯৯২২৪৯ নম্বৰত SMS প্ৰেৰণ কৰি নিজৰ চহৰৰ পেট্ৰ’ল–ডিজেলৰ মূল্য জানিব পাৰে। ইয়াৰ কাৰণে আপুনি RSP<স্পেচ>পেট্ৰ’ল পাম্প ডিলাৰৰ ক’ড লিখি এই নম্বৰত প্ৰেৰণ কৰিব লাগিব।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|