পেট্ৰ’লৰ দাম যিমান হয়, তাৰ সমানেই কৰ দিব লাগে। কেঁচা তেল কিনাৰ পিছত শোধনাগাৰলৈ অনা হয় আৰু তাৰ পৰা পেট্ৰ’ল–ডিজেল প্ৰস্তুত হয়। তাৰ পৰাই কৰ আৰম্ভ হয়।
পেট্ৰ’লৰ দাম যিমান হয়, তাৰ সমানেই কৰ দিব লাগে। কেঁচা তেল কিনাৰ পিছত শোধনাগাৰলৈ অনা হয় আৰু তাৰ পৰা পেট্ৰ’ল–ডিজেল প্ৰস্তুত হয়। তাৰ পৰাই কৰ আৰম্ভ হয়।
পেট্র’ল–ডিজেলৰ দামক জি এছ টিলৈ অনাক লৈ পুনৰ চৰ্চা আৰম্ভ হৈছে। এছ’চেমে পেট্ৰ’লিয়ামজাত সামগ্ৰীক জিএছটিত অন্তৰ্ভুক্ত কৰা আৰু ষ্টাম্প শুল্কৰ দৰে কিছুমান স্থানীয় আৰু ৰাজ্যিক কৰকো ইয়াৰ অন্তৰ্ভুক্ত কৰাৰ দাবী জনাইছে। যদি এনেকুৱা হয় তেন্তে পেট্ৰ’লৰ দাম বহু পৰিমাণে কমিব পাৰে।
IOCৰ ৱেবছাইটত দিয়া তথ্য অনুসৰি, দিল্লীত ১ লিটাৰ পেট্ৰলত ৩৫.৫৬ টকা ভেট আৰু আবকাৰী ডিউটীৰ বাবদ ধৰা হয়। এনেক্ষেত্ৰত যদি চৰকাৰে ওপৰোক্ত সিদ্ধান্ত লয় তেন্তে পেট্ৰ’লত ২৫ টকাপৰ্যন্ত কমিব পাৰে।
কিমান কমিব পাৰে পেট্ৰ’লৰ দাম
IOCৰ ৱেবছাইটত দিয়া তথ্য অনুসৰি, দিল্লীত এক লিটাৰ পেট্ৰ’লত ৩৫.৫৬ টকা ভেট আৰু আবকাৰী টিউটীৰ বাবদ ধৰা হয়। ইয়াৰ উপৰি ডিলাৰৰ কমিচন ৩.৫৭ টকা প্ৰতিলিটাৰ আৰু ডিলাৰ কমিছনৰ ওপৰত প্ৰায় ১৫.৫৮ টকা প্ৰতিলিটাৰত ভেট লগোৱা হয়। ইয়াৰ উপৰি প্ৰতিলিটাৰত ০.৩১ টকা মালভাৰা হিচাপে ধৰা হয়।
যদি পেট্ৰ’ল জিএছটিৰ আওঁতালৈ আহে তেন্তে কি হ’ব?
এছক’ৰ্ট ছিকিউৰিটীৰ ৰিছাৰ্চ হেড আছিফ ইকবালে NEWS18 HINDIৰ আগত কয় যে পেট্ৰ’লৰ দাম যিমান হয়, তাৰ সমানেই কৰ দিব লাগে। কেঁচা তেল কিনাৰ পিছত শোধনাগাৰলৈ অনা হয় আৰু তাৰ পৰা পেট্ৰ’ল–ডিজেল প্ৰস্তুত হয়। তাৰ পৰাই কৰ আৰম্ভ হয়। প্ৰথমে আবকাৰী ডিউটী লগায় কেন্দ্ৰীয় চৰকাৰে। তাৰ পিছত ৰাজ্যসমূহে কৰ নিৰ্ধাৰণ কৰে। ইয়াক বিক্ৰী কৰ বা ভেট বুলি কোৱা হয়।
>> ইয়াৰ উপৰি পেট্ৰ’ল ডিপোৰ ডিলাৰে তাৰ ওপৰত কমিছন লগায়। যদি আপুনি কেন্দ্ৰ আৰু ৰাজ্যৰ কৰ লগ লগাই তেন্তে পেট্ৰ’লৰ প্ৰকৃত মূল্যৰ সমান হ’ব। উৎপাদন কৰৰ পৰা পৃথককৈ লোৱা হয় অতিৰিক্ত কৰ। এনেক্ষেত্ৰত যেতিয়া পেট্ৰ’ল–ডিজেলৰ দাম বাঢ়ে তেতিয়া ৰাজ্য চৰকাৰৰ উপাৰ্জনো বৃদ্ধি পায়।
>> যদি পেট্ৰ’ল–ডিজেলক জিএছটিৰ আওঁতালৈ অনা হয় তেন্তে সাধাৰণ নাগৰিকৰ লাভ হ’ব, কিন্তু ইয়াৰ পৰা ৰাজ্য চৰকাৰৰ লোকচান হ’ব পাৰে।
>> আছিফ ইকবালে কয় যে যদি ২৫ জুলাইৰ দাম চোৱা হয় তেন্তে স্পষ্টভাৱে বুজিব পাৰি যে কৰ নলগালে পেট্ৰ’ৰ দাম বহু তললৈ নামিব। ৭৩.২৭ টকা দামৰ প্ৰতিলিটাৰ পেট্ৰ’লত আবকাৰী আৰু ভেট আঁতৰালে ৩৭.৭০ টকা প্ৰতিলিটাৰ হ’ব। আৰু যদি ইয়াত ২৮ শতাংশ দৰত জি এছ টি লগোৱা হয় তথাপি ৪৮.২৫ টকা হ’ব।
>> যদি এক লিটাৰ পেট্ৰ’লত ৭৩ টকাৰ সলনি ৪৮ টকাত বিক্ৰী কৰে তেন্তে কিমান সকাহ হ’ব সেয়া আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে।
কিন্তু পেট্ৰ’লক জি এছ টিৰ আওঁতালৈ অনাটো কিমান সহজ? বোধহয় সম্ভৱ নহয়! অৰ্থনীতিবিদৰ মতে এই সিদ্ধান্ত কেৱল কেন্দ্ৰীয় চৰকাৰে ল’ব নোৱাৰে, কাৰণ ৰাজ্য চৰকাৰো জিএছটি কাউন্সিলৰ বৈঠকৰ মুখ্য অংশীদাৰ।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|