உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Petrol–Diesel Price: প্ৰতি লিটাৰত ৫ টকা পৰ্যন্ত কম হ’ব পাৰে পেট্ৰ’লৰ দাম, চাওক আজিৰ দৰ

    Petrol–Diesel Price: প্ৰতি লিটাৰত ৫ টকা পৰ্যন্ত কম হ’ব পাৰে পেট্ৰ’লৰ দাম, চাওক আজিৰ দৰ

    কোৰোণা কালত পেট্ৰ’ল–ডিজেলৰ বৃদ্ধি কৰা উত্‍পাদন শুল্ক যদি ৫০ শতাংশ কৰ্তন কৰা যায়, তেন্তে পেট্ৰ’লৰ দাম ৫ টকা প্ৰতিলিটাৰ কমিব পাৰে।

    কোৰোণা কালত পেট্ৰ’ল–ডিজেলৰ বৃদ্ধি কৰা উত্‍পাদন শুল্ক যদি ৫০ শতাংশ কৰ্তন কৰা যায়, তেন্তে পেট্ৰ’লৰ দাম ৫ টকা প্ৰতিলিটাৰ কমিব পাৰে।

    কোৰোণা কালত পেট্ৰ’ল–ডিজেলৰ বৃদ্ধি কৰা উত্‍পাদন শুল্ক যদি ৫০ শতাংশ কৰ্তন কৰা যায়, তেন্তে পেট্ৰ’লৰ দাম ৫ টকা প্ৰতিলিটাৰ কমিব পাৰে।

    • Share this:
    ৰাজহুৱা ক্ষেত্ৰৰ তেল কোম্পানী ইণ্ডিয়ান অইল কৰ্প’ৰেচন লিমিটেড, ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেড আৰু হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেডে কালি প্ৰায় এমাহ পিছত দৈনিক আধাৰত ইন্ধনৰ দামৰ সমীক্ষা আৰম্ভ কৰিছে। কালি পেট্ৰ’লৰ দাম ২৩ পইচা প্ৰতি লিটাৰ আৰু ডিজেলৰ দাম প্ৰতিলিটাৰত ২৬ পইচা বৃদ্ধি হৈছিল। আনহাতে, আজি পেট্ৰ’ল–ডিজেলৰ দামৰ কোনো সালসলনি হোৱা নাই। অভিলেখ স্তৰত উপনীত হোৱা পেট্ৰ’ল–ডিজেলৰ দামত শীঘ্ৰে সকাহ পাব পাৰে গ্ৰাহকসকলে। পেট্ৰ’লিয়াম মন্ত্ৰণালয়ে চৰকাৰক আকাশলংঘী পেট্ৰ’ল–ডিজেলৰ দামৰ ক্ষেত্ৰত সকাহ দিয়াৰ পোষকতা কৰিছে। মন্ত্ৰণালয়ে কয় যে উৎপাদন শুল্কত কৰ্তন কৰি জনতাক ডাঙৰ সকাহ দিব পৰা যায়।

    মন্ত্ৰণালয়ৰ মতে, কোৰোণা কালত পেট্ৰ’ল–ডিজেলৰ বৃদ্ধি কৰা উত্‍পাদন শুল্ক যদি ৫০ শতাংশ কৰ্তন কৰা যায়, তেন্তে পেট্ৰ’লৰ দাম ৫ টকা প্ৰতিলিটাৰ কমিব পাৰে। লকডাউনৰ বাবে চৰকাৰে পেট্ৰ’লৰ ওপৰত একেবাৰে ১০ টকা উৎপাদন শুল্ক বৃদ্ধি কৰিছিল। মন্ত্ৰণালয়ে কয় যে যদি উৎপাদন শুল্ক কৰ্তন কৰা হয় তেন্তে উপভোক্তাই ইয়াৰ লাভ পাবৰ বাবে ৰাজ্যসমূহে সহযোগ কৰিব লাগিব।

    দেশৰ তিনি অইল মাৰ্কেটিং কোম্পানী HPCL, BPCL আৰু IOCয়ে পুৱা ৬ বজাৰ পিছত পেট্ৰ’ল–ডিজেলৰ নতুন দাম জাৰি কৰে। নতুন দামৰ বাবে আপুনি ৱেবছাইটত গৈ সবিশেষ জানিব পাৰে। মোবাইল ফোনত এছএমএছৰ জৰিয়তেও আপুনি পেট্ৰ’ল–ডিজেলৰ দাম চাব পাৰে। আপুনি 92249 92249 নম্বৰত এছএমএছ প্ৰেৰণ কৰি পেট্ৰ’ল–ডিজেলৰ দামৰ বিষয়ে জানিব পাৰে। আপুনি RSP স্পেচ পেট্ৰ’ল পাম্প ডিলাৰৰ কোড লিখি 92249 92249 নম্বৰলৈ প্ৰেৰণ কৰিব লাগিব। যদি আপুনি দিল্লীত আছে তেন্তে RSP 102072 লিখি 92249 92249 নম্বৰলৈ এছএমএছ প্ৰেৰণ কৰি জানিব পাৰিব পেট্ৰ’ল–ডিজেলৰ দাম।
    Published by:Sanjay Kumar Das
    First published: