চৰকাৰী তেল প্ৰতিষ্ঠানে আজি পুনৰ ডিজেলৰ দাম হ্ৰাস কৰাৰ ইংগিত দিছে। কিন্তু ইয়াৰ পৰিৱৰ্তে অপৰিৱৰ্তিত পেট্ৰ’লৰ দাম
চৰকাৰী তেল প্ৰতিষ্ঠানে আজি পুনৰ ডিজেলৰ দাম হ্ৰাস কৰাৰ ইংগিত দিছে। কিন্তু ইয়াৰ পৰিৱৰ্তে অপৰিৱৰ্তিত পেট্ৰ’লৰ দাম
আন্তঃৰাষ্ট্ৰীয় বজাৰত হ্ৰাস পাইছে খাৰুৱা তেলৰ মূল্য। আন্তঃৰাষ্ট্ৰীয় বজাৰত ক্ৰমাগত তৃতীয়টো সপ্তাহৰ বাবে হ্ৰাস পাইছে খাৰুৱা তেলৰ মূল্য। যোৱা সপ্তাহত খাৰুৱা তেল ৭ শতাংশ পৰ্যন্ত সস্তা হৈছিল। কিন্তু ঘৰুৱা বজাৰত ইয়াৰ প্ৰভাৱ বিশেষ পৰিলক্ষিত হোৱা নাই। ভাৰতৰ চৰকাৰী তেল প্ৰতিষ্ঠানে আজি পুনৰ ডিজেলৰ দাম হ্ৰাস কৰিছে। প্ৰতি লিটাৰ ডিজেলৰ মূল্যত ১৬ পইচা হ্ৰাস পাইছে। সেইদৰে পেট্ৰ’লৰ দাম যোৱা চাৰি দিন ধৰি অপৰিৱৰ্তিত।
শনিবাৰে দিল্লীত পেট্ৰ’লৰ দাম ৮১.০৬ টকা প্ৰতি লিটাৰত। সেইদৰে ডিজেলৰ দাম প্ৰতি লিটাৰত ৭০.৯৪ শতাংশ। উল্লেখযোগ্য যে, ১০ ছেপ্তেম্বৰৰ পিছত পেট্ৰ’লৰ মূল্যও লাহে লাহে হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। ২২ ছেপ্তেম্বৰ পৰ্যন্ত পেট্ৰ’লৰ দাম ১.০২ টকা প্ৰতি লিটাৰত হ্ৰাস পাইছে।
দেশৰ কোন চহৰত কিমান দাম পেট্ৰ’ল ডিজেলৰ?(প্ৰতি লিটাৰত)
দিল্লী- পেট্ৰ’ল ৮১.০৬ টকা, ডিজেল ৭০.৯৪ টকা
মুম্বাই- পেট্ৰ’ল ৮৭.৭৪ টকা, ডিজেল ৭৭.৩৬ টকা
কোলকাতা- পেট্ৰ’ল ৮২.৫৯ টকা, ডিজেল- ৭৬.৪০ টকা।
চেন্নাই- পেট্ৰ’ল ৮৪.১৪ টকা, ডিজেল- ৭৬.৪০ টকা
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|