সোমবাৰেও পেট্ৰ'ল-ডিজেলৰ মূল্যত কোনোধৰণৰ পৰিৱৰ্তন হোৱা নাই। ইয়াৰ পূৰ্বে ১৫ এপ্ৰিলত পেট্ৰ'ল প্ৰতি লিটাৰত ১৬ পইচা আৰু ডিজেল প্ৰতি লিটাৰত ১৪ পইচা সস্তা হৈছিল।
সোমবাৰেও পেট্ৰ'ল-ডিজেলৰ মূল্যত কোনোধৰণৰ পৰিৱৰ্তন হোৱা নাই। ইয়াৰ পূৰ্বে ১৫ এপ্ৰিলত পেট্ৰ'ল প্ৰতি লিটাৰত ১৬ পইচা আৰু ডিজেল প্ৰতি লিটাৰত ১৪ পইচা সস্তা হৈছিল।
চৰকাৰী তেল কোম্পানীসমূহে আজিও সৰ্বসাধাৰণ ৰাইজক সস্তাতে পেট্ৰ'ল আৰু ডিজেল ভৰোৱাৰ সুযোগ প্ৰদান কৰিছে। সোমবাৰৰ দিনটোতো দেশৰ ৰাজধানী চহৰকে ধৰি সকলো মহানগৰতে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য সলনি হোৱা নাই। ইয়াৰ পূৰ্বে ১৫ এপ্ৰিলত পেট্ৰ'ল প্ৰতি লিটাৰত ১৬ পইচা আৰু ডিজেল প্ৰতি লিটাৰত ১৪ পইচা সস্তা হৈছিল আৰু তেতিয়াৰ পৰাই মূল্য ক্ৰমান্বয়ে স্থিৰ হৈ আছে। সেই অনুসৰি দিল্লীত আজিৰ দিনটোত পেট্ৰ'ল প্ৰতি লিটাৰত ৯০.৪০ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত হৈছে ৮০.৭৩ টকা ।
যিহেতু পেট্ৰ'ল আৰু ডিজেলৰ মূল্যত আবকাৰী শুল্ক, ডিলাৰ কমিছন আৰু অন্যান্য সামগ্ৰী যোগ দিয়াৰ পিছত ইয়াৰ মূল্য প্ৰায় দুগুণ হৈ পৰে। যদিহে কেন্দ্ৰীয় চৰকাৰৰ আবকাৰী শুল্ক আৰু ৰাজ্য চৰকাৰৰ ভেট আঁতৰ কৰা হয়, তেন্তে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত প্ৰায় ২৭ টকা হ'লহেঁতেন। কিন্তু কেন্দ্ৰই হওক বা ৰাজ্য চৰকাৰ দুয়োয়ে কোনো মূল্যতে এই কৰ আঁতৰা কৰিব নোৱাৰে । কিয়নো ৰাজহৰ এক বৃহৎ অংশ ইয়াৰ পৰা আহে আৰু এই ধনেৰেই বিকাশ হয় ।
৩ মে'ত মহানগৰসমূহত পেট্ৰ'ল-ডিজেলৰ মূল্য -
দিল্লীত পেট্ৰ'ল ৯০.৪০ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮০.৭৩ টকা।
মুম্বাইত পেট্ৰ'ল ৯৬.৮৩ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮৭.৮১ টকা।
চেন্নাইত পেট্ৰ'লৰ মূল্য ৯২.৪৩ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮৫.৭৫ টকা।
কলকাতাত পেট্ৰ'ল ৯০.৬২ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮৩.৬১ টকা।
গুৱাহাটীত পেট্ৰ'ল ৮৭.০১ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৬৮.২২ টকা।
এনেদৰে পৰীক্ষা কৰক আপোনাৰ চহৰৰ মূল্য
দেশৰ তিনিটাকৈ তেল বিপণন কোম্পানী HPCL, BPCL আৰু IOC য়ে পুৱা ৬ বজাৰ পিছতেই নতুন পেট্ৰ'ল ডিজেলৰ মূল্য জাৰি কৰে। নতুন মূল্যৰ বাবে ৱেবছাইটলৈ গৈ তথ্য লাভ কৰিব পাৰিব। একে সময়তে, আপুনি SMSৰ জৰিয়তেও মূল্য পৰীক্ষা কৰিব পাৰে। আপুনি 92249-92249 লৈ এছএমএছ প্ৰেৰণ কৰি পেট্ৰ'ল-ডিজেলৰ মূল্যৰ বিষয়েও জানিব পাৰে।
আপুনি RSP<Space> পেট্ৰ'ল পাম্প ডিলাৰৰ কোড লিখি 92249 92249 লৈ প্ৰেৰণ কৰিব লাগিব।
প্ৰতিদিনে সলনি হয় মূল্য পেট্ৰ'ল আৰু ডিজেলৰ মূল্যঃ
প্ৰতিদিনে পুৱা ৬ বজাত পৰিৱৰ্তন হয় পেট্ৰ'ল আৰু ডিজেলৰ মূল্য । নতুন মূল্য পুৱা ৬ বজাৰ পৰাই কাৰ্যকৰী হয়। পেট্ৰ'ল আৰু ডিজেলৰ মূল্যত আবকাৰী শুল্ক, ডিলাৰ কমিছন আৰু অন্যান্য সামগ্ৰী যোগ দিয়াৰ পিছত ইয়াৰ মূল্য প্ৰায় দুগুণ হৈ পৰে। বৈদেশিক মুদ্ৰাৰ হাৰৰ সৈতে আন্তৰ্জাতিক বজাৰত অশোধিত তেলৰ মূল্যৰ ওপৰত নিৰ্ভৰ কৰিয়েই দৈনিক পেট্ৰ'ল আৰু ডিজেলৰ মূল্য সলনি হয়।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|