প্ৰতিদিনে পুৱা ৬ বজাত সলনি হয় পেট্ৰ'ল আৰু ডিজেলৰ মূল্য। নতুন মূল্য পুৱা ৬ বজাৰ পৰা কাৰ্যকৰী হয়।
প্ৰতিদিনে পুৱা ৬ বজাত সলনি হয় পেট্ৰ'ল আৰু ডিজেলৰ মূল্য। নতুন মূল্য পুৱা ৬ বজাৰ পৰা কাৰ্যকৰী হয়।
আজি একেৰাহে সপ্তম দিনৰ বাবে চৰকাৰী তেল কোম্পানীসমুহে পেট্ৰ'ল- ডিজেল (Petrol Diesel)ৰ মূল্যত কোনোধৰণৰ সালসলনি কৰা নাই। অৱশ্যে বিগত ফেব্ৰুৱাৰী মাহত পেট্ৰ'লৰ মূল্য ১৬ কিস্তিত বৃদ্ধি হৈছিল। যাৰ বাবে ৪.৭৪ টকা ব্যয়বহুল হৈ পৰিছিল। ইয়াৰ পিছতে মাৰ্চ মাহত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য তিনিবাৰকৈ হ্ৰাস কৰা হৈছিল। কিন্তু তথাপিও সেই সময়তে প্ৰায় প্ৰতিখন চহৰতে দুয়োবিধ ইন্ধনৰ মূল্যই সৰ্বকালৰ উচ্চ স্তৰত উপনীত হৈছিল৷
জানি লওক ইয়াৰ মূল্য কিমান বৃদ্ধি হৈছিল আৰু কিমান হ্ৰাস হৈছিল -
ফেব্ৰুৱাৰী ২০২১- ফেব্ৰুৱাৰী মাহত, পেট্ৰ'লৰ মূল্য ১৬ বাৰকৈ বৃদ্ধি হৈছিল। যাৰ ফলত ০৪.৭৪ টকা ব্যয়বহুল হৈছিল। আনহাতে, যদি ডিজেলৰ কথা কোৱা হয়, তেন্তে ১৬ দিনৰ ভিতৰত ইয়াৰ মূল্য ৪.৫২ টকা বৃদ্ধি পাইছিল।
মাৰ্চ ২০২১ - মাৰ্চত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য তিনিবাৰ হ্ৰাস কৰা হৈছিল। এই হ্ৰাসৰ পিছত পেট্ৰ'লত প্ৰতি লিটাৰত মাত্ৰ ৬১ পইচা আৰু ডিজেল ৬০ পইচাকৈ হ্ৰাস পাইছিল।
আজিৰ বজাৰত পেট্ৰ'ল ডিজেলৰ মূল্য এনেধৰণৰ -
>> দিল্লীত পেট্ৰ'ল ৯০.৫৬ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮০.৮৭ টকা।
>> মুম্বাইত পেট্ৰ'ল প্ৰতি লিটাৰত ৯৬.৯৮ টকা আৰু ডিজেল ৮৭.৯৬ টকা।
>> চেন্নাইত পেট্ৰ'ল ৯২.৫৮ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮৫.৮৮ টকা ।
>> কলকাতাত পেট্ৰ'ল প্ৰতি লিটাৰত ৯০.৭৭ টকা আৰু ডিজেল ৮৩.৭৫ টকা।
>> নয়ডাত পেট্ৰ'ল ৮৮.৯১ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮১.৩৩ টকা।
>> বাংগালুৰুত পেট্ৰ'ল প্ৰতি লিটাৰত ৯৩.৫৯ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮৫.৭৫ টকা।
>> ভূপালত পেট্ৰ'ল ৯৮.৫৮ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮৯.১৩ টকা।
>> চণ্ডিগড়ত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ৮৭.১৪ টকা আৰু ডিজেল ৮০.৫৭ টকা।
>> পাটনাত পেট্ৰ'ল ৯২.৮৯ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮৬.১২ টকা।
>> লক্ষ্ণৌত পেট্ৰ'ল প্ৰতি লিটাৰত ৮৮.৮৫ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮১.২৭ টকা।
>> গুৱাহাটীত পেট্ৰ'ল প্ৰতি লিটাৰত ৮৭.২৬ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮১.৪৫ টকা।
প্ৰতিদিনে সলনি হয় ইন্ধনৰ মূল্য-
প্ৰতিদিনে পুৱা ৬ বজাত সলনি হয় পেট্ৰ'ল আৰু ডিজেলৰ মূল্য। নতুন মূল্য পুৱা ৬ বজাৰ পৰা কাৰ্যকৰী হয়। পেট্ৰ'ল আৰু ডিজেলৰ মূল্যত আবকাৰী শুল্ক, ডিলাৰ কমিছন আৰু অন্যান্য সামগ্ৰী যোগ দিয়াৰ পিছত মূল্য প্ৰায় দুগুণ হৈ পৰে। বৈদেশিক মুদ্ৰাৰ হাৰৰ সৈতে আন্তৰ্জাতিক বজাৰত অশোধিত তেলৰ মূল্য কেনেধৰণৰ তাৰ ওপৰত নিৰ্ভৰ কৰি দৈনিক পেট্ৰ'ল আৰু ডিজেলৰ মূল্য সলনি হয়।
এনেদৰে পৰীক্ষা কৰক পেট্ৰ'ল ডিজেলৰ মূল্য -
আপুনি SMSৰ জৰিয়তে পেট্ৰ'ল ডিজেলৰ মূল্য সম্পৰ্কে জানিব পাৰে। পেট্ৰ'ল ডিজেলৰ মূল্য দৈনিক পুৱা ৬ বজাত আপডেট কৰা হয়। ইণ্ডিয়ান অইলৰ ৱেবছাইট অনুসৰি, আপুনি RSPৰ সৈতে আপোনাৰ চিটি কোড টাইপ কৰিব লাগিব আৰু ইয়াক নম্বৰ 9224992249লৈ প্ৰেৰণ কৰিব লাগিব। প্ৰতিখন চহৰৰ এটা পৃথক কোড থাকে। ইয়াক আপুনি IOCLৰ ৱেবছাইটৰ পৰা চাব পাৰে। আনহাতে, BPCL গ্ৰাহকে RSP লিখি 9223112222 আৰু HPCL গ্ৰাহকে HPPrice লিখি 9222201122 নম্বৰত SMS প্ৰেৰণ কৰি তেওঁৰ চহৰত পেট্ৰ'ল ডিজেলৰ মূল্য জানিব পাৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|