உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • এমাহত দুগুণ হ’ল খাৰুৱা তেলৰ মূল্য! ভাৰতত দাম বাঢ়িব পেট্ৰ’ল–ডিজেলৰ

    এমাহত দুগুণ হ’ল খাৰুৱা তেলৰ মূল্য! ভাৰতত দাম বাঢ়িব পেট্ৰ’ল–ডিজেলৰ

    ইতিমধ্যে অসম সহ কেইবাখনো ৰাজ্যত অতিৰিক্ত ভেট আৰোপ কৰা হৈছে। 

    ইতিমধ্যে অসম সহ কেইবাখনো ৰাজ্যত অতিৰিক্ত ভেট আৰোপ কৰা হৈছে। 

    ইতিমধ্যে অসম সহ কেইবাখনো ৰাজ্যত অতিৰিক্ত ভেট আৰোপ কৰা হৈছে। 

    • Share this:
    নতুন দিল্লীঃ খাৰুৱা তেলৰ উৎপাদন আৰু এক্সপ’ৰ্ট কৰিবলগীয়া সংগঠন OPEC (Organization of the Petroleum Exporting Countries)ৰ ৯জুনৰ বৈঠক অতি গুৰুত্বপূৰ্ণ হ’ব পাৰে। মিডিয়া ৰিপ’ৰ্টছৰ মতে এই বৈঠকত খাৰুৱা তেলৰ (Crude Oil Price) উৎপাদনত কৰ্তন (Crude Oil Production Cut) সিদ্ধান্ত হোৱাৰ সম্ভাৱনা আছে। যদি এনে হয় তেনেহ’লে খাৰুৱা তেলৰ মূল্য যথেষ্ট বাঢ়িব পাৰে। এনেকুৱাত সাধাৰণ মানুহৰ লগতে চৰকাৰৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিব। কিয়নো খাৰুৱা তেল মহঙা হোৱাৰ ফলত ঘৰুৱা বজাৰত পেট্ৰ’ল–ডিজেলৰ দাম বাঢ়িব পাৰে।

    উল্লেখযোগ্য যে, ভাৰতে নিজৰ প্ৰয়োজনৰ ৮৩শতাংশৰো অধিক খাৰুৱা তেল আমদানি কৰে আৰু ইয়াৰ কাৰণে প্ৰতি বছৰে ১০০ আৰৱ ডলাৰ দিবলগীয়া হয়। দুৰ্বল ভাৰতীয় টকাই বিল অধিক কৰি তোলে আৰু চৰকাৰে ইয়াৰ পূৰ্তিৰ কাৰণে কৰৰ হাৰ উচ্চ ৰাখিবলগীয়া হয়।

    দাম বাঢ়িব পাৰেঃ বিগত ৪ সপ্তাহত ব্ৰেণ্ট ক্ৰুডৰ মূল্য দুগুণ হৈ পৰিছে। দৰাচলতে অপেক দেশ আৰু সহযোগী দেশ যেনে ৰাচিয়া আদিয়ে খাৰুৱা তেলৰ উৎপাদন কৰ্তন অব্যাহত ৰাখিছে। ইয়াৰ দ্বাৰা খাৰুৱা তেলৰ মূল্যই সমৰ্থন লাভ কৰিছে। বিগত বৰ্ষত ব্ৰেণ্ট ক্ৰুডৰ দাম এতিয়া ৪০শতাংশ নিম্ন হৈছে।
    First published: