உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • 'পেট্ৰ'লৰ পৰা পোৱা কৰৰ সহায়ত ১০০ কোটি বিনামূলীয়া ভেকচিন দিছো, ৯০কোটি লোকক তিনি সাজ খোৱাই আছো'- পেট্ৰ'লৰ মূল্যবৃদ্ধিৰ প্ৰসংগত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰ স্পষ্টীকৰণ

    'পেট্ৰ'লৰ পৰা পোৱা কৰৰ সহায়ত ১০০ কোটি বিনামূলীয়া ভেকচিন দিছো, ৯০কোটি লোকক তিনি সাজ খোৱাই আছো'- পেট্ৰ'লৰ মূল্যবৃদ্ধিৰ প্ৰসংগত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰ স্পষ্টীকৰণ

    দেশত কোভিড ভেকচিনেশ্যন সম্পূৰ্ণৰূপে শেষ নোহোৱালৈকে পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস পোৱাৰ নাই কোনো সম্ভাৱনা!

    দেশত কোভিড ভেকচিনেশ্যন সম্পূৰ্ণৰূপে শেষ নোহোৱালৈকে পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস পোৱাৰ নাই কোনো সম্ভাৱনা!

    দেশত কোভিড ভেকচিনেশ্যন সম্পূৰ্ণৰূপে শেষ নোহোৱালৈকে পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস পোৱাৰ নাই কোনো সম্ভাৱনা!

    • Share this:
    সমগ্ৰ দেশতে এতিয়া মূল্যবৃদ্ধিৰ মাধমাৰ। আকাশ চুইছে পেট্ৰ'ল-ডিজেলৰ মূল্যই। প্ৰতিদিনাই বাঢ়িছে মূল্য। মুম্বাইত এতিয়া ১১৩ টকা হৈছেগৈ প্ৰতি লিটাৰ পেট্ৰ'লৰ দাম। কিন্তু ইয়াৰ পিছতো চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে ভেকচিন বিনামূলীয়াকৈ যোগান ধৰাৰ বাবে মূল্যবৃদ্ধি হৈছে বুলি জনতাক পতিয়ন নিয়াবলৈ চেষ্টা চলাই আছে।

    এইবাৰ কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে স্পষ্ট কৰি দিলে – 'পেট্ৰ'লৰ পৰা সংগ্ৰহ কৰা কৰৰ সহায়ত বিনামূলীয়া Covid-19 প্রতিষেধক প্ৰদান কৰা হৈছে। আনকি যোৱা এক বছৰ ধৰি ৯০ কোটি লোকক তিনি সাজ খাদ্য খোৱাই থকা হৈছে। ১০০কোটি ভেকচিন পালিৰ আঁৰত আছে কেন্দ্ৰীয় চৰকাৰে পেট্ৰ'লৰ পৰা সংগ্ৰহ কৰা ৩২টকাৰ কৰ । গতিকে পেট্ৰ'লৰ দাম কমাবলৈ এই কৰ হ্ৰাস কৰা মানে নিজৰ ভৰিত কুঠাৰ মৰা।'

    দিল্লীত শুকুৰবাৰে CERAWeekৰ India Energy Forumৰ এখন সংবাদমেলত কেন্দ্ৰীয় প্ৰাকৃতিক গেছ আৰু পেট্ৰ'লিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে এই কথা সদৰি কৰে। পেট্ৰ'লৰ  আৱকাৰী শুল্কৰ পৰাই বিনামূলীয়া ভেকচিন সম্ভৱ হৈছে বুলি মন্তব্য কৰে পুৰীয়ে। পুৰীয়ে লগতে কয় যে,-আন্তৰ্জাতিক বজাৰত পেট্ৰ'লৰ মূল্য প্ৰতি বেৰেল যিমানেই নহওঁক, কেন্দ্ৰই প্ৰতি লিটাৰত ৩২টকা কৰ লয় আৰু ৰাজ্য সমূহে Ad Valorem Duty সংগ্ৰহ কৰে। সমগ্ৰ দেশবাসীক সম্পূৰ্ণৰূপে ভেকচিন দিয়াৰ পিছতহে পেট্ৰ'লৰ মূল্য হ্ৰাস কৰাৰ অৱকাশ আছে।
    Published by:Himangshu Bhuyan
    First published: