உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • এই কাৰণত তৃতীয় দিনাও বৃদ্ধি পেট্ৰ’ল–ডিজেলৰ মূল্য, দেশৰ প্ৰধান চহৰ কেবাখনকো চেৰ পেলালে গুৱাহাটীয়ে

    এই কাৰণত তৃতীয় দিনাও বৃদ্ধি পেট্ৰ’ল–ডিজেলৰ মূল্য, দেশৰ প্ৰধান চহৰ কেবাখনকো চেৰ পেলালে গুৱাহাটীয়ে

    Petrol Price Today-আন্তঃৰাষ্ট্ৰীয় স্তৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি পোৱাৰ কাৰণে ঘৰুৱা বজাৰতো পেট্ৰ’ল–ডিজেলৰ মূল্য দ্ৰুতগতিত বাঢ়িছে। তৃতীয় দিনত পেট্ৰ’লৰ মূল্য ১.৩৩টকা বাঢ়িছে। 

    Petrol Price Today-আন্তঃৰাষ্ট্ৰীয় স্তৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি পোৱাৰ কাৰণে ঘৰুৱা বজাৰতো পেট্ৰ’ল–ডিজেলৰ মূল্য দ্ৰুতগতিত বাঢ়িছে। তৃতীয় দিনত পেট্ৰ’লৰ মূল্য ১.৩৩টকা বাঢ়িছে। 

    Petrol Price Today-আন্তঃৰাষ্ট্ৰীয় স্তৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি পোৱাৰ কাৰণে ঘৰুৱা বজাৰতো পেট্ৰ’ল–ডিজেলৰ মূল্য দ্ৰুতগতিত বাঢ়িছে। তৃতীয় দিনত পেট্ৰ’লৰ মূল্য ১.৩৩টকা বাঢ়িছে। 

    • Share this:
    পেট্ৰ’ল–ডিজেলৰ মূল্য দ্ৰুতগতিত বৃদ্ধি পাইছে। তৃতীয় দিনাও অইল মাৰ্কেটিং কোম্পানীসমূহে (HPCL, BPCL, IOC)–এ পেট্ৰ’লৰ মূল্য বঢ়াইছে। দিল্লীত এক লিটাৰ পেট্ৰ’লৰ মূল্য ৫৪পইচা বৃদ্ধি পাই ৭৩টকা প্ৰতি লিটাৰ হৈছে। সেইদৰে ডিজেলৰ মূল্য এক লিটাৰত ৭১.১৭টকা হ’ল। উল্লেখ্য যে, পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ কাৰণ হৈছে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ব্যৱসায়িক গতি বিধি পুনৰ আৰম্ভ হোৱাত খাৰুৱা তেলৰ মূল্য বৃদ্ধি হৈছে আৰু সমান্তৰালকৈ ভাৰততো পেট্ৰ’ল–ডিজেলৰ মূল্য বৃদ্ধি হৈছে। ভাৰতে নিজৰ প্ৰয়োজনৰ ৮০শতাংশ তেল আমদানি কৰে সেয়ে এই মূল্যবৃদ্ধিৰ প্ৰভাৱ সাধাৰণ ৰাইজৰ ওপৰত পৰিছে। এনেকৈ দাম বাঢ়িলে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বঢ়াৰো আশংকা।

    মুম্বাইত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৮০.০১টকা, ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৬৯.৯২টকা।

    চেন্নাইত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৭৭.০৮টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৬৯.৭৪টকা।

    কলকাতাত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৭৪.৯৮টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৬৭.২৩টকা।

    গুৱাহাটীত পেট্ৰ’লৰ প্ৰতি লিটাৰত ২৫পইচা মূল্যবৃদ্ধি হৈ ৭৮.৯৯টকা হৈছে দাম। ডিজেলৰ মূল্য ২৮পইচা বৃদ্ধি পাই ৭২.০৬টকা হৈছে প্ৰতি লিটাৰত।

    উল্লেখ্য যে, প্ৰতিদিনে পুৱা ৬বজাত অইল মাৰ্কেটিং কোম্পানীসমূহ HPCL, BPCL আৰু IOC–এ পেট্ৰ’ল–ডিজেলৰ নতুন মূল্য জাৰি কৰে।

    আপুনি ৯২২৪৯৯২২৪৯ নম্বৰত SMS প্ৰেৰণ কৰি নিজৰ চহৰৰ পেট্ৰ’ল–ডিজেলৰ মূল্য জানিব পাৰে। ইয়াৰ কাৰণে আপুনি RSP<স্পেচ>পেট্ৰ’ল পাম্প ডিলাৰৰ ক’ড লিখি এই নম্বৰত প্ৰেৰণ কৰিব লাগিব।

    কোৰোণা ভাইৰাছৰ কাৰণে সমগ্ৰ বিশ্বত স্থবিৰতাৰ সৃষ্টি হোৱাৰ পিছত খাৰুৱা তেলৰ মূল্য অদ্ভূতধৰণে হ্ৰাস পাইছিল। সেই সময়তে যোৱা ৬মে’ত কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’লৰ ওপৰত ১০টকা আৰু ডিজেলৰ ওপৰত ১৩টকা উত্‍পাদন শুল্ক (Excise duty) আৰোপ কৰিছিল।
    First published: