ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত আজি অৰ্থাৎ শুকুৰবাৰে পেট্ৰ’ল ৯৫.৪১ টকা প্ৰতিলিটাৰ আৰু ডিজেল ৮৬.৬৭ টকা প্ৰতিলিটাৰ হৈ আছে।
ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত আজি অৰ্থাৎ শুকুৰবাৰে পেট্ৰ’ল ৯৫.৪১ টকা প্ৰতিলিটাৰ আৰু ডিজেল ৮৬.৬৭ টকা প্ৰতিলিটাৰ হৈ আছে।
Petrol Diesel Prices Today: চৰকাৰী পেট্ৰ’ল–ডিজেলৰ ওপৰত থকা আবকাৰী শুল্ক ৫ টকা আৰু ১০ টকা প্ৰতিলিটাৰত হ্ৰাস কৰাৰ পিছৰে পৰা দেশৰ কেইবাখনো চহৰত পেট্ৰ’লৰ দাম ১০০ টকা প্ৰতি লিটাৰৰ তললৈ আহিছে। ২০২১ চনৰ ৪ নৱেম্বৰত এই শুল্ক হ্ৰাস কৰিছিল চৰকাৰে। ইয়াৰ পিছৰে পৰা পেট্ৰ’ল–ডিজেলৰ দামৰ কোনো ধৰণৰ সালসলনি হোৱা নাই।
ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত আজি অৰ্থাৎ শুকুৰবাৰে পেট্ৰ’ল ৯৫.৪১ টকা প্ৰতিলিটাৰ আৰু ডিজেল ৮৬.৬৭ টকা প্ৰতিলিটাৰ হৈ আছে। আহক চাওঁ দেশৰ কেইখনমান প্ৰধান চহৰত আজিৰ পেট্ৰ’ল–ডিজেলৰ দাম।
– দিল্লীত পেট্ৰ’ল ৯৫.৪১ টকা আৰু ডিজেল ৮৬.৬৭ টকা প্ৰতিলিটাৰ।
– মুম্বাইত পেট্ৰ’ল ১০৯.৯৮ টকা আৰু ডিজেল ৯৪.১৪ টকা প্ৰতিলিটাৰ।
– চেন্নাইত পেট্ৰ’ল ১০১.৪০ টকা আৰু ডিজেল ৯১.৪৩ টকা প্ৰতিলিটাৰ।
– কলকাতাত পেট্ৰ’ল ১০৪.৪০ টকা আৰু ডিজেল ৮৯.৭৯ টকা প্ৰতিলিটাৰ।
– লক্ষ্ণৌত পেট্ৰ’ল ৯৫.২৮ টকা আৰু ডিজেল ৮৬.৮০ টকা প্ৰতিলিটাৰ।
– গুৱাহাটীত পেট্ৰ’ল ৯৪.৭৪ টকা আৰু ডিজেল ৮১.৪১ টকা প্ৰতিলিটাৰ।
প্ৰতিদিনে ৬ বজাত সলনি হয় দাম
প্ৰতিদিনে পুৱা ৬ বজাত পেট্ৰ’ল আৰু ডিজেলৰ দাম সলনি হয়। পুৱা ৬ বজাৰ পৰা নতুন দাম কাৰ্যকৰী হয়। পেট্ৰ’ল আৰু ডিজেলৰ দামত এক্সাইজ ডিউটী, ডিলাৰ কমিচন আৰু আন আন বস্তু সংযুক্ত কৰাৰ ফলত ইয়াৰ দাম প্ৰায় দুগুণ হৈ পৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|