உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Petrol Diesel Prices Hike : আজিও বাঢ়িল পেট্ৰ’ল–ডিজেলৰ দাম, কিমান বাঢ়িল আজিৰ দিনটোত?

    Petrol Diesel Prices Hike : আজিও বাঢ়িল পেট্ৰ’ল–ডিজেলৰ দাম, কিমান বাঢ়িল আজিৰ দিনটোত?

    চৰকাৰী তেল কোম্পানীসমূহৰ মতে, গ্ল’বেল মাৰ্কেটত খাৰুৱা তেলৰ দাম বৃদ্ধিৰ ফলত ইন্ধনৰ মূল্য বৃদ্ধি কৰাটো প্ৰয়োজনীয় হৈ পৰিছে।

    চৰকাৰী তেল কোম্পানীসমূহৰ মতে, গ্ল’বেল মাৰ্কেটত খাৰুৱা তেলৰ দাম বৃদ্ধিৰ ফলত ইন্ধনৰ মূল্য বৃদ্ধি কৰাটো প্ৰয়োজনীয় হৈ পৰিছে।

    চৰকাৰী তেল কোম্পানীসমূহৰ মতে, গ্ল’বেল মাৰ্কেটত খাৰুৱা তেলৰ দাম বৃদ্ধিৰ ফলত ইন্ধনৰ মূল্য বৃদ্ধি কৰাটো প্ৰয়োজনীয় হৈ পৰিছে।

    • Share this:
    পুনৰ বাঢ়িল পেট্ৰ’ল–ডিজেলৰ দাম। চৰকাৰী তেল কোম্পানীসমূহে ধাৰাবাহিকভাৱে দ্বিতীয়দিনৰ বাবে বৃদ্ধি কৰিলে দাম। আজি দিল্লীত পেট্ৰ’লৰ দাম প্ৰতি লিটাৰত ৮০ পইচা আৰু মুম্বাইত ৮৫ পইচা বৃদ্ধি পাইছে। চৰকাৰী তেল কোম্পানীসমূহৰ মতে, গ্ল’বেল মাৰ্কেটত খাৰুৱা তেলৰ দাম বৃদ্ধিৰ ফলত ইন্ধনৰ মূল্য বৃদ্ধি কৰাটো প্ৰয়োজনীয় হৈ পৰিছে। সেইবাবেই দ্বিতীয় দিনৰ বাবেও পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি পাইছে। আজি ডিজেলৰ দাম দিল্লীত ৮০ পইচা বৃদ্ধি হৈ ৮৮.২৭ টকা প্ৰতিলিটাৰ হৈছে।

    গুৱাহাটীত আজি পেট্ৰ’লৰ দাম প্ৰতিলিটাৰত ৯৬ টকা ৩৪ পইচা। ডিজেলৰ দাম প্ৰতি লিটাৰত ৮২ টকা ৬৭ পইচা। মঙলবাৰৰ দিনটোত পেট্ৰ’লৰ মূল্য আছিল প্ৰতি লিটাৰত ৯৫ টকা ৪৪ পইচা আৰু ডিজেলৰ দাম আছিল প্ৰতি লিটাৰত ৮১ টকা ৯৭ পইচা।

    এই সপ্তাহত ধাৰাবাহিকভাৱে হ’ব দাম বৃদ্ধি

    সূত্ৰ মতে, গ্ল’বেল মাৰ্কেটত খাৰুৱা তেলৰ দাম ১০০ ডলাৰ প্ৰতি বেৰেলতকৈও বেছি হোৱাৰ ফলত কোম্পানীসমূহৰ লোকচনা হৈ আছে। ইয়াৰ ঘাটি পূৰণ কৰাৰ বাবে এই সপ্তাহত ধাৰাবাহিকভাৱে দাম বৃদ্ধি কৰা হ’ব। তেল কোম্পানীসমূহৰ মতে, প্ৰতিলিটাৰ তেলত ১২ টকা বৃদ্ধিৰ পিছতহে তেওঁলোকৰ ঘাটি পূৰণ হ’ব পাৰে।

    দিল্লীত আজি পেট্ৰ’ল ৯৭.০১ টকা আৰু ডিজেল ৮৮.২৭ টকা প্ৰতিলিটাৰত। মুম্বাইত পেট্ৰ’ল প্ৰতিলিটাৰত ১১১.৬৭ টকা আৰু ডিজেল ৯৫.৮৫ টকা প্ৰতিলিটাৰ হৈছে। চেন্নাইত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০২.৯১ টকা আৰু ডিজেলৰ দাম ৯২.৯৫ টকা। কলকাতাত পেট্ৰ’ল ১০৬.৩৪ টকা আৰু ডিজেল ৯১.৪২ টকা প্ৰতিলিটাৰত।
    প্ৰতিদিনে পুৱা ৬ বজাত পেট্ৰ’ল আৰু ডিজেলৰ দাম সলনি হয়। পুৱা ৬ বজাৰ পৰা নতুন দাম কাৰ্যকৰী হয়। পেট্ৰ’ল আৰু ডিজেলৰ দামত এক্সাইজ ডিউটি, ডীলাৰ কমিচন, ভেট আৰু আন কৰ সংলগ্ন কৰাৰ পিছত ইয়াৰ দাম প্ৰায় দুগুণ হয়গৈ। যাৰ ফলত পেট্ৰ’ল আৰু ডিজেল দাম ইমান বেছি দৰত ক্ৰয় কৰিবলগীয়া হয় গ্ৰাহকে।
    Published by:Sanjay Kumar Das
    First published: