চৰকাৰী তেল কোম্পানীসমূহে মঙলবাৰে প্ৰায় চাৰি মাহৰ পিছত পেট্ৰ’লৰ দামৰ (Petrol Diesel Prices) পৰিৱৰ্তন ঘটাইছে। দিল্লীত এক লিটাৰ পেট্ৰ’লৰ দাম প্ৰায় ৮০ পইচা বৃদ্ধি পাইছে।
চৰকাৰী তেল কোম্পানীসমূহে আজি লক্ষ্ণৌ, জয়পুৰ, গুৱাহাটী, গুৰুগ্ৰাম, পাটনা আদি ৰাজ্যৰ ৰাজধানীতো তেলৰ দামৰ সালসলনি ঘটাইছে। নতুন দাম জাৰি হোৱাৰ পিছত মুম্বাইত পেট্ৰ’ল ১১০.৮২ টকা প্ৰতিলিটাৰ হৈছে।
দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯৬.২১ টকা আৰু ডিজেলৰ দাম ৮৭.৪৭ টকা প্ৰতিলিটাৰত। চেন্নাইত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০২.১৬ টকাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলৰ দাম ৯২.১৯ টকা। কলকাতাত পেট্ৰ’লৰ দাম ১০৫.৫১ টকা আৰু ডিজেলৰ দাম ৯০.৬২ টকা প্ৰতিলিটাৰত।
এইসমূহ চহৰত সলনি হৈছে পেট্ৰ’ল–ডিজেলৰ দাম– নয়দাত পেট্ৰ’ল ৯৫.৬৬ টকা আৰু ডিজেল ৮৭.১৭ টকা প্ৰতিলিটাৰত।
– লক্ষ্ণৌত পেট্ৰ’ল ৯৫.২৫ টকা আৰু ডিজেল ৮৬.৭৮ টকা প্ৰতিলিটাৰত।
– জয়পুৰত পেট্ৰ’ল ১০৭.৫৬ টকা আৰু ডিজেল ৯১.১৫ টকা প্ৰতিলিটাৰত।
– গুৰুগ্ৰামত পেট্ৰ’ল ৯৫.৯০ টকা আৰু ডিজেল ৮৭.১১ টকা প্ৰতিলিটাৰত।
– পাটনাত পেট্ৰ’ল ১০৬.৪৪ টকা আৰু ডিজেল ৯১.৫৯ টকা প্ৰতিলিটাৰত।
– গুৱাহাটীত পেট্ৰ’ল ৯৫.৫১ টকা আৰু ডিজেল ৮২.০২ টকা প্ৰতিলিটাৰত।
প্ৰতিদিনে পুৱা ৬ বজাত জাৰি কৰা হয় নতুন দামপ্ৰতিদিনে পুৱা ৬ বজাত পেট্ৰ’ল আৰু ডিজেলৰ দাম সলনি হয়। পুৱা ৬ বজাৰ পৰা নতুন দাম কাৰ্যকৰী হয়। পেট্ৰ’ল আৰু ডিজেলৰ দামত এক্সাইজ ডিউটি, ডীলাৰ কমিচন, ভেট আৰু আন কৰ সংলগ্ন কৰাৰ পিছত ইয়াৰ দাম প্ৰায় দুগুণ হয়গৈ। যাৰ ফলত পেট্ৰ’ল আৰু ডিজেল দাম ইমান বেছি দৰত ক্ৰয় কৰিবলগীয়া হয় গ্ৰাহকে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|