• Home
  • »
  • News
  • »
  • nation
  • »
  • Petrol Diesel Prices Today : পেট্ৰ’ল–ডিজেলৰ নতুন দাম জাৰি, চাওক হোলীত আপোনাৰ চহৰত কিমান দাম

Petrol Diesel Prices Today : পেট্ৰ’ল–ডিজেলৰ নতুন দাম জাৰি, চাওক হোলীত আপোনাৰ চহৰত কিমান দাম

প্ৰায় চাৰি মাহৰ পৰা সলনি হোৱা নাছিল তেলৰ দাম। মুম্বাইত পেট্ৰ’ল সৰ্বাধিক মূল্য ১১০ টকা প্ৰতিলিটাৰত বিক্ৰী হৈ আছে।

প্ৰায় চাৰি মাহৰ পৰা সলনি হোৱা নাছিল তেলৰ দাম। মুম্বাইত পেট্ৰ’ল সৰ্বাধিক মূল্য ১১০ টকা প্ৰতিলিটাৰত বিক্ৰী হৈ আছে।

প্ৰায় চাৰি মাহৰ পৰা সলনি হোৱা নাছিল তেলৰ দাম। মুম্বাইত পেট্ৰ’ল সৰ্বাধিক মূল্য ১১০ টকা প্ৰতিলিটাৰত বিক্ৰী হৈ আছে।

  • Share this:
চৰকাৰী তেল কোম্পানীসমূহে শুকুৰবাৰে পেট্ৰ’ল–ডিজেলৰ নতুন দাম (Petrol Diesel Prices) জাৰি কৰিছে। আজিও দিল্লী–মুম্বাইৰ দৰে দেশৰ কেইবাখনো মহানগৰীত ইন্ধনৰ দামৰ সালসলনি হোৱা নাই, কিন্তু একাংশ সৰু চহৰত তেলৰ দাম সলনি হৈছে। চৰকাৰী তেল কোম্পানীসমূহে আজি লক্ষ্ণৌ, জয়পুৰ, পাটনাৰ দৰে কেতবোৰ ৰাজ্যৰ ৰাজধানীত তেলৰ দামৰ সালসলনি ঘটাইছে। প্ৰায় চাৰি মাহৰ পৰা সলনি হোৱা নাছিল তেলৰ দাম। মুম্বাইত পেট্ৰ’ল সৰ্বাধিক মূল্য ১১০ টকা প্ৰতিলিটাৰত বিক্ৰী হৈ আছে।

কেইখনমান মহানগৰত পেট্ৰ’ল–ডিজেলৰ দাম

– দিল্লীত পেট্ৰ’ল ৯৫.৪১ টকা আৰু ডিজেল ৮৬.৬৭ টকা প্ৰতিলিটাৰ।

– মুম্বাইত পেট্ৰ’ল ১০৯.৯৮ টকা আৰু ডিজেল ৯৪.১৪ টকা প্ৰতিলিটাৰ।

– চেন্নাইত পেট্ৰ’ল ১০১.৪০ টকা আৰু ডিজেল ৯১.৪৩ টকা প্ৰতিলিটাৰ।

– কলকাতাত পেট্ৰ’ল ১০৪.৬৭ টকা আৰু ডিজেল ৮৯.৭৯ টকা প্ৰতিলিটাৰ।

প্ৰতিদিনে পুৱা ৬ বজাত জাৰি কৰা হয় নতুন দাম

প্ৰতিদিনে পুৱা ৬ বজাত পেট্ৰ’ল আৰু ডিজেলৰ দাম সলনি হয়। পুৱা ৬ বজাৰ পৰা নতুন দাম কাৰ্যকৰী হয়। পেট্ৰ’ল আৰু ডিজেলৰ দামত এক্সাইজ ডিউটি, ডীলাৰ কমিচন, ভেট আৰু আন কৰ সংলগ্ন কৰাৰ পিছত ইয়াৰ দাম প্ৰায় দুগুণ হয়গৈ। যাৰ ফলত পেট্ৰ’ল আৰু ডিজেল দাম ইমান বেছি দৰত ক্ৰয় কৰিবলগীয়া হয় গ্ৰাহকে।
Published by:Sanjay Kumar Das
First published: