১০ দিনত নৱমবাৰলৈ বাঢ়িল পেট্ৰ’ল–ডিজেলৰ দাম, চাওক গুৱাহাটী সহ বিভিন্ন ঠাইত আজিৰ মূল্য

News18-Assam
Updated:September 26, 2019, 1:39 PM IST
১০ দিনত নৱমবাৰলৈ বাঢ়িল পেট্ৰ’ল–ডিজেলৰ দাম, চাওক গুৱাহাটী সহ বিভিন্ন ঠাইত আজিৰ মূল্য
এদিন একেই দৰে থাকি পেট্ৰ’ল–ডিজেলৰ দাম আকৌ এবাৰ বাঢ়িল। বিগত ১০দিনত এয়া নৱমবাৰলৈ বাঢ়িল পেট্ৰ’ল–ডিজেলৰ মূল্য। 

এদিন একেই দৰে থাকি পেট্ৰ’ল–ডিজেলৰ দাম আকৌ এবাৰ বাঢ়িল। বিগত ১০দিনত এয়া নৱমবাৰলৈ বাঢ়িল পেট্ৰ’ল–ডিজেলৰ মূল্য। 

  • News18 Assam
  • Last Updated: September 26, 2019, 1:39 PM IST
  • Share this:
বৃহ্স্পতিবাৰে আকৌ এবাৰ বাঢ়িল পেট্ৰ’ল–ডিজেলৰ মূল্য। সপ্তাহটোৰ চতুৰ্থটো খোলা দিনত ৰাজধানী দিল্লীত পেট্ৰ’ল ৬পইচা প্ৰতিলিটাৰত মহঙা হৈছে। একেদৰে ডিজেলৰ মূল্যও ৭পইচা বাঢ়িল। ইয়াৰ লগে লগে দিল্লীত পেট্ৰ’লৰ মূল্য প্ৰতিলিটাৰত ৭৪.১৯টকা আৰু ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৬৭.১৪টকা হৈছে। এয়া বিগত নৱেম্বৰৰ পিছত সৰ্বোচ্ছ মূল্য ৰূপে বিবেচিত হৈছে।

দিল্লীৰ বাহিৰে কলকাতা, মুম্বাই, চেন্নাইতো পেট্ৰ’লৰ মূল্য ৬পইচা বাঢ়িল। ডিজেলো একেদৰে প্ৰতিলিটাৰত ৭পইচা বাঢ়িল। ইণ্ডিয়ান অইলৰ ৱেবছাইট অনুসৰি কলকাতা, মুম্বাই আৰু চেন্নাইত পেট্ৰ’লৰ মূল্য বাঢ়ি ক্ৰমে, ৭৬.৮৮ টকা, ৭৯.৮৫টকা আৰু ৭৭.১২টকা হৈছে। ডিজেলৰ মূল্যও একেদৰে বাঢ়ি ক্ৰমে ৬৭.১৪ টকা, ৬৯.৫৬টকা, ৭০.৪৪টকা আৰু ৭০.৯৮টকা হৈছেগৈ।

গুৱাহাটীত বৃহস্পতিবাৰে প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৭৬.৪০টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭০.২৩টকা হৈছে।

বিগত ১০দিনত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য দুটকা বাঢ়িল। এইকেইদিনতে পেট্ৰ’লৰ মূল্য প্ৰতিলিটাৰত ২.৭টকা আৰু ডিজেলৰ মূল্য ২.৩টকা বাঢ়িল। ইয়াৰ মাজত কেৱল বুধবাৰে তেল কোম্পানীসমূহে পেট্ৰ’ল–ডিজেলৰ মূল্যৰ কোনো পৰিৱৰ্তন কৰা নাছিল।

উল্লেখযোগ্য যে চলিত মাহৰ ১৪ ছেপ্তম্বৰৰ চৌদি আৰৱৰ চৰকাৰী তেল কোম্পানী চৌদি আৰামক’ৰ তেলৰ কুঁৱাৰ ওপৰত ড্ৰ’ণেৰে আক্ৰমণৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য ২০শতাংশ বাঢ়িছিল। এয়া ২৮বছৰৰ ভিতৰত এদিনত হোৱা সৰ্বাধিক বৃদ্ধি আছিল। য়েমেনৰ হুতি বিদ্ৰোহীয়ে এই আক্ৰমণ সংঘটিত কৰিছিল।
First published: September 26, 2019, 1:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি