একেৰাহে তিনিদিন ধৰি পেট্ৰ’ল–ডিজেলৰ মূল্যবৃদ্ধি, নতুন মূল্য জানো আহক

News18
Updated:May 25, 2019, 10:52 AM IST
একেৰাহে তিনিদিন ধৰি পেট্ৰ’ল–ডিজেলৰ মূল্যবৃদ্ধি, নতুন মূল্য জানো আহক
নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছৰে পৰা বাঢ়ি আছে পেট্ৰ’ল–ডিজেলৰ মূল্য।

নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছৰে পৰা বাঢ়ি আছে পেট্ৰ’ল–ডিজেলৰ মূল্য।

  • News18
  • Last Updated: May 25, 2019, 10:52 AM IST
  • Share this:
নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই ক্ৰমাৎ উৰ্ধমুখী হৈছে পেট্ৰ’ল–ডিজেলৰ মূল্য। একেৰাহে তৃতীয়টো দিনৰ বাবে বৃদ্ধি হৈছে পেট্ৰ’ল–ডিজেলৰ মূল্য। শণিবাৰেও দেশৰ চাৰিখন ডাঙৰ ৰাজ্যত পেট্ৰ’লৰ প্ৰতিলিটাৰত মূল্য ১৪–১৫ পইচা আৰু ডিজেলৰ প্ৰতিলিটাৰত ১২–১৩ পইচা বৃদ্ধি পাইছে। ইণ্ডিয়ান অইলৰ ৱেবছাইটৰ তথ্য অনুসৰি শণিবাৰে দিল্লী, মুম্বাই, কলকাতা আৰু চেন্নাইত পেট্ৰ’ল প্ৰতিলিটাৰত ক্ৰমে ৭১.৫৩টকা, ৭৭,১৪টকা, ৭৩.৬০টকা আৰু ৭৪.২৫টকা হৈছে। আনহাতে ডিজেলৰ প্ৰতিলিটাৰত মূল্য চাৰিওখন মহানগৰত ক্ৰমে ৬৬.৫৭টকা, ৬৯.৭৫টকা, ৬৮.৩৩টকা আৰু ৭০.৩৭টকা হৈছে।

গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য শণিবাৰে প্ৰতি লিটাৰত ৭১.৩৩টকা। ডিজেলৰ প্ৰতিলিটাৰত মূল্য ৬৭.২৫ টকা।

খাৰুৱা তেলৰ মূল্যবৃদ্ধি

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যৰো বৃদ্ধি হৈছে। শুকুৰবাৰে ডব্লিউ টি আই খাৰুৱা তেলৰ দাম ০.৪৯ডলাৰ বাঢ়ি প্ৰতি বেৰেলত ৫৮.৪০ ডলাৰ হয়গৈ। সেইদৰে ব্ৰেণ্ট খাৰুৱা তেলৰ দাম ০.৫০ডলাৰ বাঢ়ি প্ৰতি বেৰেলত ৬৮.২৬ ডলাৰ হয়। খাৰুৱা তেলৰ দাম বঢ়াৰ কাৰণে তেলৰ মূল্যৰ ক্ষেত্ৰত তফাৎ দেখা গৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি