অক্টোবৰ মাহত এতিয়ালৈ ১৮বাৰতকৈ অধিক ইন্ধনৰ দাম বৃদ্ধি পাইছে। প্ৰায় তিনিটা দিন বাদ দি বাকী আটাইকেইটা দিনতে পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি পাইছে।
অক্টোবৰ মাহত এতিয়ালৈ ১৮বাৰতকৈ অধিক ইন্ধনৰ দাম বৃদ্ধি পাইছে। প্ৰায় তিনিটা দিন বাদ দি বাকী আটাইকেইটা দিনতে পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি পাইছে।
Petrol-Diesel Price Today: পেট্ৰ’ল–ডিজেলৰ দাম ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে। দেওবাৰেও বৃদ্ধি পালে ইন্ধনৰ দাম। আজি ডিজেলৰ দাম ৩৪ৰ পৰা ৩৮ পইচা বৃদ্ধিৰ বিপৰীতে পেট্ৰ’লৰ দাম বৃদ্ধি পাইছে ৩০ৰ পৰা ৩৫ পইচাকৈ। অক্টোবৰ মাহত ৫ টকাতকৈ অধিক বৃদ্ধি পালে পেট্ৰ’লৰ দাম।
দিল্লীত পেট্ৰ’লৰ দাম ১০৭.৫৯ টকাৰ বিপৰীতে ডিজেলৰ দাম হৈছেগৈ ৯৬.৩২ টকা। মুম্বাইত পেট্ৰ’লৰ দাম ১১৩.৪৬ টকা, ডিজেলৰ দাম ১০৪.৩৮ টকা প্ৰতিলিটাৰত। কলকাতাত পেট্ৰ’লৰ দাম ১০৮.১১ টকাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলৰ দাম ৯৯.৪৩ টকা।
উল্লেখযোগ্য যে অক্টোবৰ মাহত এতিয়ালৈ ১৮বাৰতকৈ অধিক ইন্ধনৰ দাম বৃদ্ধি পাইছে। প্ৰায় তিনিটা দিন বাদ দি বাকী আটাইকেইটা দিনতে পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি পাইছে। কেৱল অক্টোবৰ মাহতেই পেট্ৰ’লৰ দাম ৫.১৫ টকা বৃদ্ধি হৈছে। আনহাতে, ডিজেলৰ দাম বৃদ্ধি পাইছে ৫ টকাৰো অধিক। দেশৰ কেইবাখনো চহৰত পেট্ৰ’লৰ দাম ১২০ টকা লিটাৰ হৈছেগৈ।
চাওক পাঁচখন মহানগৰত আজিৰ পেট্ৰ’ল–ডিজেলৰ দাম
– দিল্লীত পেট্ৰ’ল ১০৭.৫৯ টকা আৰু ডিজেল ৯৬.৩২ টকা প্ৰতিলিটাৰ।
– মুম্বাইত পেট্ৰ’ল ১১৩.৪৬ টকা আৰু ডিজেল ১০৪.৩৮ টকা প্ৰতিলিটাৰ।
– চেন্নাইত পেট্ৰ’ল ১০৪.৫২ টকা আৰু ডিজেল ১০০.৫৯ টকা প্ৰতিলিটাৰ।
– কলকাতাত পেট্ৰ’ল ১০৮.১১ টকা আৰু ডিজেল ৯৯.৪৩ টকা প্ৰতিলিটাৰ।
– গুৱাহাটী পেট্ৰ’ল ১০৩.৫৯ টকা আৰু ডিজেল ৯৬.১৩ টকা প্ৰতিলিটাৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|