உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Petrol-Diesel Price Today: পেট্ৰ’ল–ডিজেলৰ নতুন দাম জাৰি, জানক আজি আপোনাৰ চহৰত কিমান দাম?

    Petrol-Diesel Price Today: পেট্ৰ’ল–ডিজেলৰ নতুন দাম জাৰি, জানক আজি আপোনাৰ চহৰত কিমান দাম?

    পেট্ৰ’ল–ডিজেলৰ বৰ্ধিত দাম প্ৰভাৱ পেলাইছে সৰ্বসাধাৰণৰ ওপৰত। কেইবাখনো চহৰত পেট্ৰ’ল ১২০ টকা প্ৰলিটাৰ হৈছেগৈ।

    পেট্ৰ’ল–ডিজেলৰ বৰ্ধিত দাম প্ৰভাৱ পেলাইছে সৰ্বসাধাৰণৰ ওপৰত। কেইবাখনো চহৰত পেট্ৰ’ল ১২০ টকা প্ৰলিটাৰ হৈছেগৈ।

    পেট্ৰ’ল–ডিজেলৰ বৰ্ধিত দাম প্ৰভাৱ পেলাইছে সৰ্বসাধাৰণৰ ওপৰত। কেইবাখনো চহৰত পেট্ৰ’ল ১২০ টকা প্ৰলিটাৰ হৈছেগৈ।

    • Share this:
    Petrol-Diesel Price Today: চৰকাৰী তেল কোম্পানীসমূহে আজি অৰ্থাৎ সোমবাৰে পেট্ৰ’ল–ডিজেলৰ নতুন দাম জাৰি কৰিছে। আজি ইন্ধনৰ দামত কোনো হ্ৰাস–বৃদ্ধি কৰা হোৱা নাই। ইয়াৰ পূৰ্বে বিগত কিছু দিনৰ পৰা ইন্ধনৰ দাম ধাৰাবাহিকভাৱে বৃদ্ধি হৈছিল। দিল্লীত পেট্ৰ’লৰ দাম ১০৭.৫৯ টকা হোৱাৰ বিপৰীতে ডিজেলত ৯৬.৩২ টকা হৈছেগৈ।

    পেট্ৰ’ল–ডিজেলৰ বৰ্ধিত দাম প্ৰভাৱ পেলাইছে সৰ্বসাধাৰণৰ ওপৰত। কেইবাখনো চহৰত পেট্ৰ’ল ১২০ টকা প্ৰলিটাৰ হৈছেগৈ। মুম্বাইৰ পেট্ৰ’লৰ দাম ১১৩.৪৬ টকা আৰু ডিজেলৰ দাম ১০৪.৩৮ টকা হৈছে। কলকাতাত পেট্ৰ’লৰ দাম ১০৮.১১ টকা হোৱাৰ বিপৰীতে ডিজেলৰ দাম হৈছে ৯৯.৪৩ টকা। আনহাতে, চেন্নাইত পেট্ৰ’ল প্ৰতিলিটাৰত ১০৪.৫২ টকা আৰু ডিজেল ১০০.৫৯ টকা। গুৱাহাটীত আজি পেট্ৰ’লৰ দাম প্ৰতিলিটাৰত ১০৪.০৪ টকা আৰু প্ৰতিলিটাৰ ডিজেলত ৯৬.৫৫ টকা।

    উল্লেখযোগ্য যে অক্টোবৰ মাহত এতিয়ালৈ ২০ বাৰতকৈ অধিকবাৰ ইন্ধনৰ দাম বৃদ্ধি পাইছে। তিনিটা দিন বাদ দি বাকী আটাইকেইটা দিনতে বৃদ্ধি হৈছে দাম। কেৱল অক্টোবৰ মাহতে পেট্ৰ’লত ৫.১৫ টকা বৃদ্ধি পাইছে দাম। আনহাতে ডিজেলতো বৃদ্ধি পাইছে ৫ টকা।
    Published by:Sanjay Kumar Das
    First published: