உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • একেৰাহে বৃদ্ধি হৈ আজি পেট্ৰ’ল–ডিজেলৰ আকাশলংঘী মূল্যই গঢ়িলে ৰেকৰ্ড, গুৱাহাটীত দামে চকু কপালত তুলিব

    একেৰাহে বৃদ্ধি হৈ আজি পেট্ৰ’ল–ডিজেলৰ আকাশলংঘী মূল্যই গঢ়িলে ৰেকৰ্ড, গুৱাহাটীত দামে চকু কপালত তুলিব

    Petrol Diesel Price: চৰকাৰী তৈল কোম্পানীসমূহে প্ৰতি দিনে পুৱা পেট্ৰ’ল–ডিজেলৰ ৰেট ৰিভাইজ কৰে। উল্লেখ্য যে, যোৱা ৮ ডিচেম্বৰৰ পৰা দাম বঢ়া নাছিল কিন্তু যোৱা দুদিনত পেট্ৰ’ল–ডিজেলৰ মূল্য যথেষ্ট বাঢ়িছে।

    • Share this:
    নতুন দিল্লীঃ পেট্ৰ’ল–ডিজেলৰ দাম আকৌ বঢ়া আৰম্ভ কৰিছে। একেৰাহে ২৯দিন স্থিৰ হৈ থকাৰ পিছত আজিও পেট্ৰ’ল–ডিজেলৰ মূল্য বঢ়া দেখা গ’ল। ৰাজধানী দিল্লীত বৃহস্পতিবাৰে পেট্ৰ’ল প্ৰতি লিটাৰত ২৩ পইচা বাঢ়ি ৮৪.২০টকা হয়। আনহাতে ডিজেলৰ দাম ২৬পইচা বাঢ়ি ৭৪.৩৮ টকা হয়। চৰকাৰী তৈল কোম্পানীসমূহে প্ৰতি দিনে পুৱা পেট্ৰ’ল–ডিজেলৰ মূল্য ৰিভাইজ কৰে। উল্লেখ্য যে, যোৱা ৮ডিচেম্বৰৰ পৰা মূল্যত শান্তি থকা দেখা গৈছিল। আহক আজিৰ ৰেট কি জানো–

    >> গুৱাহাটীত পেট্ৰ’লৰ প্ৰতি লিটাৰত মূল্য ৮৭.৭৮ টকা আনহাতে ডিজেলৰ মূল্য লিটাৰত ৮১.২৬টকা। আজি অৰ্থাৎ বৃহস্পতিবাৰে পেট্ৰ’লৰ মূল্য লিটাৰত ৪৬ পইচা আৰু ডিজেলৰ মূল্য ৫১পইচা বাঢ়িল।

    >> দিল্লীত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৮৪.২০টকা আৰু ডিজেলৰ মূল্য ৭৪.৩৮টকা প্ৰতি লিটাৰত।

    >> মুম্বাইত প্ৰতি লিটাৰ পেট্ৰ’ল ৯০.৮৩টকা আৰু ডিজেলৰ মূল্য ৮১.০৭টকা।
    >> কলকাতাত পেট্ৰ’ল লিটাৰত ৮৫.৬৮টকা আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ৭৭.৯৭টকা।

    >> চেন্নাইত পেট্ৰ’ল প্ৰতি লিটাৰত ৮৬.৯৬টকা আৰু ডিজেল প্ৰতি লিটাৰত ৭৯.৭২টকা।

    খাৰুৱা তেলৰ দাম বৃদ্ধি

    আন্তঃৰাষ্ট্ৰীয় বজাৰত শেহতীয়াকৈ খাৰুৱা তেলৰ দাম বঢ়া দেখা গ’ল। লণ্ডনৰ বেণ্ট ক্ৰুডৰ ৰেট প্ৰতি বেৰেলত ৫৩.৮৯ টকা হয়গৈ। আমেৰিকাৰ WTIৰ খাৰুৱা তেলৰ দামো প্ৰতি বেৰেলত ৫০ডলাৰৰ ওপৰত। ঘৰুৱা বজাৰত পেট্ৰ’লৰ কথা ক’লে যোৱা বছৰটোৰ দ্বিতীয় ছমাহত পেট্ৰ’লৰ দাম বাঢ়িছিল কিন্তু ৮ ডিচেম্বৰৰ পৰা দাম বঢ়া দেখা যোৱা নাছিল।
    First published: