Petrol-Diesel Price today: পেট্ৰ’ল আৰু ডিজেল (Petrol-Diesel Price)ৰ দাম এই মাহত প্ৰতিদিনেই বৃদ্ধি পাইছে। চৰকাৰী তেল কোম্পানীসমূহে আজি সোমবাৰেও পেট্ৰ’ল ডিজেলৰ দাম বৃদ্ধি কৰিছে। আজি পেট্ৰ’লত ৩০ পইচা প্ৰতিলিটাৰত আৰু ডিজেল ৩৫ পইচা বৃদ্ধি পাইছে। অক্টোবৰ মাহৰ আৰম্ভণিতে ১০ দিনত পেট্ৰ’লৰ দাম ২.৮০ টকা বৃদ্ধি ৰাইছে। আনহাতে, ডিজেলৰ দামত ৩.৩০ টকা বৃদ্ধি কৰা হৈছে।
দিল্লীত সোমবাৰে পেট্ৰ’ল প্ৰতিলিটাৰত ১০৪.৪৪ টকা হৈছে আৰু ডিজেলৰ দাম বৃদ্ধি পাইছে হৈছে ৯৩.১৮ টকা।
কোনখন মহানগৰত কিমান দাম
– দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লত ১০৪.৪৪ টকা আৰু ডিজেলত ৯৩.১৮ টকা
– মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’লত ১১০.৪১ টকা আৰু ডিজেলত ১০১.০৩ টকা
– চেন্নাইত প্ৰতিলিটাৰ পেট্ৰ’লত ১০১.৭৯ টকা আৰু ডিজেলত ৯৭.৫৯ টকা
– কলকাতাত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০৫.০৯ টকা আৰু ডিজেলত ৯৬.২৮ টকা
– গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০০.৫৪ টকা আৰু ডিজেলত ৯২.৯৪ টকা।
এইসমূহ ৰাজ্যত ১০০ টকা পাৰ হৈছে পেট্ৰ’ল
মধ্য প্ৰদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, কৰ্ণাটক, ওড়িশা, জম্মু কাশ্মীৰ, লাডাখ, অসমত পেট্ৰ’লৰ দামে ১০০ৰ ঘৰ অতিক্ৰম কৰিছে। মুম্বাইত পেট্ৰ’লৰ দাম সৰ্বাধিক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|