মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Petrol-Diesel Price Rise : কেন্দ্ৰীয় কৰৰ ভয়ংকৰ বৃদ্ধিৰ বাবেই আকাশলংঘী পেট্ৰ'ল-ডিজেলৰ মূল্য। ২০১৪ৰ পৰা পেট্ৰ'লত ৩.৫ গুণ ডিজেলত ৯ গুণ কৰ বৃদ্ধি।

Petrol-Diesel Price Rise : কেন্দ্ৰীয় কৰৰ ভয়ংকৰ বৃদ্ধিৰ বাবেই আকাশলংঘী পেট্ৰ'ল-ডিজেলৰ মূল্য। ২০১৪ৰ পৰা পেট্ৰ'লত ৩.৫ গুণ ডিজেলত ৯ গুণ কৰ বৃদ্ধি।

News18 Assam | News18-Assam
Updated:July 14, 2021, 10:20 AM IST
Petrol-Diesel Price Rise : কেন্দ্ৰীয় কৰৰ ভয়ংকৰ বৃদ্ধিৰ বাবেই আকাশলংঘী পেট্ৰ'ল-ডিজেলৰ মূল্য। ২০১৪ৰ পৰা পেট্ৰ'লত ৩.৫ গুণ ডিজেলত ৯ গুণ কৰ বৃদ্ধি।
বৰ্তমান প্ৰতি লিটাৰ পেট্ৰ'লত ন্দ্ৰীয় আবকাৰী শুল্ক ৩২.৯ টকা। প্ৰতিলিটাৰ ডিজেলত কেন্দ্ৰীয় আবকাৰী শুল্ক ৩১.৮ টকা। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ এই তথ্য।

বৰ্তমান প্ৰতি লিটাৰ পেট্ৰ'লত ন্দ্ৰীয় আবকাৰী শুল্ক ৩২.৯ টকা। প্ৰতিলিটাৰ ডিজেলত কেন্দ্ৰীয় আবকাৰী শুল্ক ৩১.৮ টকা। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ এই তথ্য।

  • Share this:
পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে ইতিমধ্যে দেশত জুই লগাইছে। ৰকেটৰ গতিৰে উৰ্ধমুখী হৈছে  পেট্ৰ'ল-ডিজেলৰ দাম। বহু ৰাজ্যত ইতিমধ্যে ১০০ৰ ঘৰ অতিক্ৰমী গৈছে পেট্ৰ'লৰ মূল্যই। অসমতো মাজুলী, লখিমপুৰ আদিত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৯৯ টকা অতিক্ৰম কৰিছে। দাম বাঢ়ি আছে কিন্তু দাম বৃদ্ধি ৰোধ হোৱাৰ কোনো লক্ষণ নাই। নিতৌ চৰ্চা হৈছে কিয় ইমান বাঢ়িছে পেট্ৰ'ল-ডিজেলৰ মূল্য? ইয়াৰ উত্তৰ চৰকাৰৰ হাততেই আছে। কাৰণ কেন্দ্ৰীয় কৰৰ হিমালয় সদৃশ বোজা।

এটা কথা জানি সকলো আচৰিত হ'ব যে ২০১৪ৰ পৰা ২০২১লৈ পেট্ৰ'লৰ পৰা কেন্দ্ৰীয় চৰকাৰে সংগ্ৰহ কৰা কৰৰ পৰিমাণ বাঢ়িছে তিনি গুণৰো অধিক। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয় (Union Finance Ministry)ৰ তথ্যতে প্ৰকাশ পাইছে এই কথা। আশ্চৰ্যকৰ কথাটো হ'ল এই যে আন্তৰ্জাতিক বজাৰত এই সময়ছোৱাত খাৰুৱা তেল (crude oil)ৰ দাম নিম্নতম হোৱাৰ পিছতো ভাৰতত ৰকেটৰ গতিৰে বাঢ়িছে পেট্ৰ'ল-ডিজেল (Petrol-Diesel)ৰ মূল্য।

ইয়াৰ পৰা এইটোৱেই স্পষ্ট হয় যে চৰকাৰী কৰৰ বাবেই আকাশলংঘী হৈছে পেট্ৰ'ল-ডিজেলৰ মূল্য। CNN-News18ত প্ৰকাশিত এক বাতৰিত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ তথ্য বিশ্লেষণত ওলাই পৰিছে পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ আঁৰৰ ৰহস্য।

২০১৪ চনত পেট্ৰ'লত প্ৰতি লিটাৰত কেন্দ্ৰীয় আবকাৰী শুল্ক (central excise duty) আছিল ৯.৪৮ টকা। বৰ্তমান পেট্ৰ'লত প্ৰতি লিটাৰত কেন্দ্ৰীয় আবকাৰী শুল্ক হৈছে ৩২.৯ টকা। ২০১৪ৰ পৰা প্ৰায় চাৰে তিনি (৩.৫) গুণ বৃদ্ধি পাইছে এই শুল্ক।

একেদৰে ২০১৪-১৫ বৰ্ষত কেন্দ্ৰীয় আবকাৰী শুল্ক সংগ্ৰহ কৰা হৈছিল ২৯ হাজাৰ ২৭৯ কোটি টকা। কিন্তু ২০২০-২১ বিত্তীয় বৰ্ষত ১০ মাহৰ ভিতৰতে কেন্দ্ৰীয় আবকাৰী শুল্ক সংগ্ৰহ বৃদ্ধি হৈছে ৮৯ হাজাৰ ৫৭৫ কোটি টকালৈ।

অতি জৰুৰী কথাটো হৈছে এই যে ২০১৪-১৫ৰ তুলনাত ২০২০-২১ত আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ দাম প্ৰায় আধালৈ কমি প্ৰতি বেৰেলত ৮৪.১৬ ডলাৰৰ পৰা ৪৪.৮২ ডলাৰলৈ হ্ৰাস পাইছে। তাতকৈ আচৰিত কথা এই যে ২০০৫-০৬ চনৰ পৰা ২০২০-২১ চনলৈ ভাৰতত ক্ৰয় কৰা খাৰুৱা তেলৰ দাম গড় হিচাপত ২০২০-২১ চনত আছিল সৰ্বনিম্ন। পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ (Ministry of Petroleum and Natural Gas) তথ্যত এই কথা প্ৰকাশ।

২০১৪ৰ পৰা ২০২১লৈ ভাৰতে কিনা খাৰুৱা তেলৰ মূল্যৰ গ্ৰাফ।


এটা কথা উল্লেখ কৰা বাঞ্ছনীয় যে প্ৰতিখন দেশে বিদেশৰ পৰা খাৰুৱা তেল কিনোতে বাছকেট (basket) হিচাপত কিনে আৰু আৰু ভাৰতে মূলত দুটা ধৰণৰ খাৰুৱা তেলৰ বাছকেট কিনে। ভাৰতীয় বাছকেট (Indian basket of crude oil) মূলত দুটা। এটা হৈছে ছ'ৰ গ্ৰেড (Sour grade, Oman and Dubai average), য'ত ওমান আৰু ডুবাইৰ খাৰুৱা তেলৰ প্ৰায় সম পৰিমাণত মিশ্ৰণ থাকে আৰু আনটো হৈছে ছুইট গ্ৰেড (Sweet grade, Brent Dated)। এই দুয়ো ধৰণৰ খাৰুৱা তেল ভাৰতীয় শোধনাগাৰ সমূহত শোধন কৰা হয়।

পেট্ৰ'লৰ বিপৰীতে ডিজেলত আকৌ কেন্দ্ৰীয় আবকাৰী শুল্ক ২০১৪ চনৰ পৰা বৃদ্ধি হৈছে প্ৰায় ৯ গুণ। ২০১৪ চনত প্ৰতিলিটাৰ ডিজেলত কেন্দ্ৰীয় আবকাৰী শুল্ক আছিল ৩.৫৬ টকা আৰু ২০২১ত বৃদ্ধি হৈ হ'লগৈ ৩১.৮ টকা।

২০২০ চনৰ মাৰ্চ মাহৰ পৰা প্ৰতি লিটাৰ পেট্ৰ'লত কেন্দ্ৰীয় আবকাৰী শুল্ক ১২.৯২ টকা বৃদ্ধি হৈছে। একে সময়তে প্ৰতি লিটাৰ ডিজেলত কেন্দ্ৰীয় আবকাৰী শুল্ক বৃদ্ধি হৈছে ১৫.৯৫ টকা। এক কথাত পেট্ৰ'লতকৈ ডিজেলৰ মূল্যবৃদ্ধি অধিক হৈছে। চৰকাৰৰ মতে আন্তগাথনি নিৰ্মাণ আৰু উন্নয়নমূলক কামৰ খৰচৰ বাবে কৰ বৃ্দ্ধি কৰিব লগা হৈছে। যাৰ ফলত হোৰা-হোৰে বাঢ়িছে পেট্ৰ'ল-ডিজেলৰ মূল্য।

২০১৫-১৬ৰ পৰা ২০২০-২১লৈ দিল্লীত পেট্ৰ'ল-ডিজেলৰ মূল্য।


একেদৰে এই সময়ছোৱাত ডিজেলৰ পৰা কেন্দ্ৰীয় চৰকাৰে সংগ্ৰহ কৰা ৰজহৰ পৰিমাণ বৃদ্ধি হৈছে প্ৰায় ৫ গুণ। ২০১৪-১৫ চনত ডিজেলৰ পৰা কেন্দ্ৰীয় আৱকাৰী শুল্ক সংগ্ৰহ কৰা হৈছিল ৪২ হাজাৰ ৮৮১ কোটি টকা। কিন্তু ২০২০চনৰ এপ্ৰিলৰ পৰা ২০২১ চনৰ জানুৱাৰীলৈ ১০ মাহত ডিজেলৰ পৰা সংগ্ৰহ কৰা হৈছিল ২ লাখ ৪ হাজাৰ (২.০৪ কোটি) কোটি টকা। এই তথ্য কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয় (Union Finance Ministry)ৰ।

পেট্ৰ'ল, ডিজেল আৰু প্ৰাকৃতিক গেছৰ পৰা সংগ্ৰহ কৰা মুঠ ৰাজহৰ পৰিমাণ, ২০১৩-১৪ৰ পৰা ২০২০-২১লৈ।


উল্লেখ্য যে একেলগে পেট্ৰ'ল, ডিজেল আৰু প্ৰাকৃতিক গেছৰ পৰা সংগ্ৰহ কৰা মুঠ ৰাজহৰ পৰিমাণো ৪ গুণ বৃদ্ধি পাইছে ২০১৪-১৫ৰ তুলনাত। ২০১৪ত এই ৰাজহ কংগ্ৰহৰ পৰিমাণ আছিল ৭৪ হাজাৰ ১৫৮ কোটি আৰু ২০২০ৰ এপ্ৰিলৰ পৰা ২০২১ৰ জানুৱাৰীলৈ ই বৃদ্ধি পায় ২.৯৫ লাখ কোটিলৈ। ৰাজহ সংগ্ৰহৰ এই প্ৰৱণতাৰ বাবেই অত্যধিক কৰৰ বোজা কঢ়িয়াব লগা হৈছে পেট্ৰ'ল-ডিজেলে আৰু পৰিণতিত মূল্যবৃদ্ধি হৈছে অভিলেখ হাৰত।
Published by: Manjumoni Borah
First published: July 14, 2021, 10:20 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি