চাৰিদিনত এটকাতকৈ অধিক হ্ৰাস পেট্ৰ’ল–ডিজেলৰ মূল্য, গুৱাহাটী সহ দেশৰ ভিন্ন প্ৰান্তত আজিও কমিল দাম

News18-Assam
Updated:May 12, 2019, 11:38 AM IST
চাৰিদিনত এটকাতকৈ অধিক হ্ৰাস পেট্ৰ’ল–ডিজেলৰ মূল্য, গুৱাহাটী সহ দেশৰ ভিন্ন প্ৰান্তত আজিও কমিল দাম
বিগত চাৰিদিনত পেট্ৰ’লৰ লিটাৰ ১টকা ২৭পইচা হ্ৰাস পাইছে আৰু ডিজেলৰ মূল্য ৩৮ পইচা হ্ৰাস পাইছে। দেওবাৰেও দাম কমিল ইন্ধনৰ। 

বিগত চাৰিদিনত পেট্ৰ’লৰ লিটাৰ ১টকা ২৭পইচা হ্ৰাস পাইছে আৰু ডিজেলৰ মূল্য ৩৮ পইচা হ্ৰাস পাইছে। দেওবাৰেও দাম কমিল ইন্ধনৰ। 

  • Share this:
চাৰিদিনত ১টকাতকৈ অধিক হ্ৰাস পেট্ৰ’ল ডিজেলৰ মূল্য। আজিও কমিল দাম। বিগত চাৰিদিনত পেট্ৰ’ল ১টকা ২৭পইচা আৰু ডিজেলৰ দাম ৩৮পইচা প্ৰতি লিটাৰত হ্ৰাস পাইছে। আজিও গুৱাহাটী সহ বিভিন্ন ঠাইত কমিল মূল্য। দেওবাৰে গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’লত ৪৪পইচা আৰু ডিজেলত ১৮পইচা মূল্য হ্ৰাস পাইছে। আজিৰ দিনটোৰ পেট্ৰ’লৰ মূল্য প্ৰতিলিটাৰত ৭১টকা ২৩পইচা আৰু ডিজেলৰ প্ৰতি লিটাৰত ৬৬টকা ৫৫পইচা। দিল্লীত এক লিটাৰ পেট্ৰ’লৰ মূল্য ৪২পইচা হ্ৰাস পাইছে। ডিজেলৰ দাম কমিছে প্ৰতি লিটাৰত ১৭পইচা। বিশেষজ্ঞসকলৰ মতে খাৰুৱা তেলৰ দাম কম হোৱাৰ বাবেই পেট্ৰ’ল–ডিজেলৰ মূল্যত প্ৰভাৱ পৰিছে। বৰ্তমান পৰিস্থিতিত খাৰুৱা তেলৰ দাম আৰু হ্ৰাস পোৱাৰ সম্ভাৱনা। আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম ৭০ডলাৰৰ তললৈ আহিছে আৰু ভাৰতীয় বজাৰত পেট্ৰ’ল–ডিজেলৰ দাম কমিছে।

(IOC)ৰ ৱেৱছাইট মতে পেট্ৰ’লৰ মূল্য দেওবাৰে দিল্লীত প্ৰতি লিটাৰত ৭১.৭৩টকা, মুম্বাইত ৭৭.৩৪টকা, চেন্নাইত ৭৪.৪৬টকা আৰু কলকাতাত ৭৩.৭৯টকালৈ হ্ৰাস পাইছে।

 

তৈল কোম্পানীসমূহে প্ৰতিদিনে পুৱা ছয়বজাত মূল্যৰ সমীক্ষা কৰি নতুন দাম নিৰ্ধাৰণ কৰে। এই মূল্য নিৰ্ধাৰণ কৰিবলৈ ১৫দিনৰ গড় উলিওৱা হয়। ইয়াৰ লগতে ভাৰতীয় টকা আৰু ডলাৰৰ দামৰ তফাৎ গুৰুত্বপূৰ্ণ।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading