ভাল খবৰঃ কমিছে পেট্ৰ’ল–ডিজেলৰ মূল্য

একেৰাহে তৃতীয় দিনাও হ্ৰাস পালে পেট্ৰ’ল–ডিজেলৰ মূল্য । বৃহস্পতিবাৰে দেশৰ চাৰিখন ডাঙৰ ৰাজ্যত প্ৰতি লিটাৰত ৭ ৰ পৰা ১০ পইচা পৰ্য্যন্ত হ্ৰাস পাইছে পেট্ৰ’লৰ মূল্য ।

news18
Updated:May 9, 2019, 4:52 PM IST
ভাল খবৰঃ কমিছে পেট্ৰ’ল–ডিজেলৰ মূল্য
একেৰাহে তৃতীয় দিনাও হ্ৰাস পালে পেট্ৰ’ল–ডিজেলৰ মূল্য । বৃহস্পতিবাৰে দেশৰ চাৰিখন ডাঙৰ ৰাজ্যত প্ৰতি লিটাৰত ৭ ৰ পৰা ১০ পইচা পৰ্য্যন্ত হ্ৰাস পাইছে পেট্ৰ’লৰ মূল্য ।
news18
Updated: May 9, 2019, 4:52 PM IST
ভাৰতীয় অইলৰ ৱেবচাইটত প্ৰকাশ কৰা তথ্য অনুসৰি দিল্লীত এতিয়া প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৭২.৮৪ টকা। সেইদৰে মুম্বাইত প্ৰতি লিটাৰ মূল্য হ’লগৈ ৭৮.৪৪ টকা । আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ বাবেই দেশত এতিয়া কমিছে পেট্ৰ’ল–ডিজেলৰ মূল্য ।
বৃহস্পতিবাৰে প্ৰতি লিটাৰ ডিজেলৰ মূল্যতো ১০ পইচা হ্ৰাস পোৱা দেখা গৈছে । দিল্লীত এতিয়া প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৬৬.৬৬ টকাৰ সলনি ৬৬.৫৬ টকা হৈছে । সেইদৰে মুম্বাইত ৭০ টকাৰ তললৈ হ্ৰাস পাইছে প্ৰতি লিটাৰ ডিজেলৰ মূল্য । ইয়াৰ উপৰিও কলিকতা আৰু চেন্নাইত প্ৰতি লিটাৰ ডিজেলৰ মূল্য ক্ৰমে ৬৮.৩২ আৰু ৭০.৩৬ টকা ।
আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰলত ৭০ ডলাৰৰ তললৈ হ্ৰাস পাইছে । যাৰ ফলত এসপ্তাহত ৭ শতাংশ পৰ্যন্ত হ্ৰাস পাইছে পেট্ৰ’ল–ডিজেলৰ মূল্য । যাৰ প্ৰভাৱ ভাৰততো পৰা পৰিলক্ষিত হৈছে । বিশেষজ্ঞ সকলৰ তথ্য অনুসৰি আমেৰিকা আৰু চীনৰ মাজত চলি থকা বাণিজ্যিক যুদ্ধৰ বাবেই আন্তঃৰাষ্ট্ৰীয় বজাৰত হ্ৰাস পাইছে খাৰুৱা তেলৰ মূল্য ।
আৰু চাওক পৰৱৰ্তী বাতৰি