যদিও সমগ্ৰ দেশতে ইন্ধনৰ হাৰ বৃদ্ধি কৰা হৈছে তথাপিও স্থানীয় কৰ আৰোপৰ ওপৰত ভিত্তি কৰি ৰাজ্যভেদে পেট্ৰ'ল-ডিজেলৰ দাম বেলেগ বেলেগ হয়।
যদিও সমগ্ৰ দেশতে ইন্ধনৰ হাৰ বৃদ্ধি কৰা হৈছে তথাপিও স্থানীয় কৰ আৰোপৰ ওপৰত ভিত্তি কৰি ৰাজ্যভেদে পেট্ৰ'ল-ডিজেলৰ দাম বেলেগ বেলেগ হয়।
দেশত এতিয়া প্ৰতিদিনেই বাঢ়িছে পেট্ৰ'ল-ডিজেলৰ দাম। ঘৰুৱা তেল কোম্পানীবোৰে ইন্ধনৰ হাৰ সংশোধন কৰি থকাৰ বাবেই এতিয়া হোৰাহোৰে বাঢ়িছে পেট্ৰ'ল-ডিজেলৰ দাম। যোৱা ২২ মাৰ্চত চাৰে চাৰি মাহৰ দীঘলীয়া ব্যৱধানৰ অন্তত প্ৰথমবাৰলৈ বাঢ়িছিল পেট্ৰল-ডিজেলৰ দাম।
যদিও সমগ্ৰ দেশতে ইন্ধনৰ হাৰ বৃদ্ধি কৰা হৈছে তথাপিও স্থানীয় কৰ আৰোপৰ ওপৰত ভিত্তি কৰি ৰাজ্যভেদে পেট্ৰ'ল-ডিজেলৰ দাম বেলেগ বেলেগ হয়। আনহাতে ৰাজ্যসমূহে অধিক কৰ আৰোপ কৰি থোৱাৰ ফলতো পেট্ৰল-ডিজেলৰ মূল্য হ্ৰাস পোৱা নাই বুলি উল্লেখ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ একাংশ মন্ত্ৰীয়ে। শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়েও মূল্যবৃদ্ধিৰ বাবে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধকে দোষাৰূপ কৰে।
পিছে কেতিয়া হ্ৰাস পাব পেট্ৰ'ল ডিজেলৰ দাম?
উল্লেখ্য যে, ভূ-ৰাজনৈতিক ক্ৰাইচিচৰ বাবে সমগ্ৰ বিশ্বতে খাৰুৱা তেলৰ মূল্য বিশ্বজুৰি বৃদ্ধি পাইছে। যাৰ প্ৰভাৱ পৰিছে ভাৰতীয় বজাৰতো। মাৰ্চ মাহৰ প্ৰথম ভাগতে অনুমান কৰা হৈছিল যে, দেশত প্ৰতিলিটাৰ পেট্ৰ'ল আৰু ডিজেলত প্ৰায় ১৫ৰ পৰা ২২ টকালৈকে বৃদ্ধি পাব।
কমোডিটিজ এণ্ড মুদ্ৰা কেপিটেলভিয়া গ্লোবেল ৰিচাৰ্ছৰ মুখ্য ক্ষিতিজ পুৰোহিতে কয় যে, "ব্ৰেণ্ট অইলে ১২০ ডলাৰৰ পৰ্যন্ত এতিয়া প্ৰত্যাহ্বান জনাইছে। কিন্তু আমি এই মুহূৰ্তত পুনৰ বিকল্প সন্ধান কৰিবলৈ চিন্তা চৰ্চা কৰিছো।
ইফালে সূত্ৰৰ খবৰ অনুসৰি এতিয়া কাৰো হাততে নাই পেট্ৰল-ডিজেলৰ মূল্য হ্ৰাস পোৱাৰ কোনো তথ্য। কিন্তু আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম হ্ৰাস পালে অহা ছমাহৰ ভিতৰত পেট্ৰ'ল-ডিজেলৰ মূল্যত এতিয়াৰ তুলনাত যথেষ্ট পাৰ্থক্য দেখিবলৈ পাব বুলি অনুমান কৰিছে বিশেষজ্ঞসকলে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|