এমাহত তিনিটকা পৰ্যন্ত সস্তা পেট্ৰ’ল–ডিজেল! এই কাৰণত আৰু কমিব দাম

News18 Assam | News18-Assam
Updated:February 4, 2020, 1:20 PM IST
এমাহত তিনিটকা পৰ্যন্ত সস্তা পেট্ৰ’ল–ডিজেল! এই কাৰণত আৰু কমিব দাম
Source-Google

এমাহৰো কম সময়ত ৰাজধানী দিল্লীত পেট্ৰ’ল–ডিজেলৰ মূল্য প্ৰতি লিটাৰত তিনি টকা পৰ্যন্ত হ্ৰাস পাইছে। 

  • Share this:
আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ কাৰণে নতুন বছৰৰ আৰম্ভনিৰ মাহটোত পেট্ৰ’ল–ডিজেলৰ মূল্যবৃদ্ধিৰ পৰা ৰাইজে কিছু সকাহ পাইছে। বিশেষজ্ঞসকলৰ মতে, কোৰোণা ভাইৰাছৰ কাৰণে সমগ্ৰ বিশ্বত ব্যৱসায়িক গতি–বিধি হ্ৰাস পাইছে আৰু ইয়াৰ প্ৰভাৱ পৰিছে মূল্যবৃদ্ধিত। আগন্তুক দিনত খাৰুৱা তেলৰ মূল্য আৰু অধিক হ্ৰাস পাব পাৰে আৰু তাৰ কাৰণে পেট্ৰ’ল–ডিজেলৰ মূল্য ২টকা প্ৰতি লিটাৰ পৰ্যন্ত হ্ৰাস পাব পাৰে।

পেট্ৰ’লৰ নতুন দৰ (Petrol Price in India on 4 February 2020)- IOCৰ ৱেবছাইটৰ তথ্য অনুসৰি মঙলবাৰে দিল্লীত এক লিটাৰ পেট্ৰ’লৰ মূল্য 73.04 টকা, মুম্বাইত 78.69 টকা প্ৰতি লিটাৰ, কলকাতাত 75.71 টকা প্ৰতি লিটাৰ আৰু চেন্নাইত 75.89 টকা প্ৰতি লিটাৰ হৈছে। আনহাতে গুৱাহাটীত মঙলবাৰে পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত 75.42 টকা হৈছে।

ডিজেলৰ মূল্য মঙলবাৰে দিল্লীত 66.09 টকা প্ৰতি লিটাৰ, মুম্বাইত 69.27 টকা প্ৰতি লিটাৰ, কলকাতাত 68.46টকা প্ৰতি লিটাৰ আৰু চেন্নাইত 69.81 টকা প্ৰতি লিটাৰ হৈছে। গুৱাহাটীত প্ৰতি লিটাৰ ডিজেলৰ মূল্য হৈছেগৈ ৬৯.২৯টকা।

বিশেষজ্ঞসকলৰ মতে চীনত বিয়পি পৰা ঘাতক কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 425জনলৈ বৃদ্ধি পাইছে। আনহাতে 20,438টা সংক্ৰমণৰ ঘটনা নিশ্চিত কৰা হৈছে। খাৰুৱা তেলৰ ক্ষেত্ৰত চীন বিশ্বৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ উপভোক্তা। নিজৰ প্ৰয়োজনৰ কাৰণে ৮০শতাংশ খাৰুৱা তেল চীনে বিদেশৰ পৰা ক্ৰয় কৰে। চীনৰ ভাইৰাছৰ কাৰণে ব্যৱসায়িক গতি বিধি আৰু মানুহে এখন চহৰৰ পৰা আন এখন চহৰলৈ যোৱা হ্ৰাস কৰিছে ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ চাহিদা হ্ৰাস পাইছে আৰু মূল্য হ্ৰাস হোৱা দেখিবলৈ পোৱা গৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি