உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • চতুৰ্থদিনাও বাঢ়িল পেট্ৰ’ল–ডিজেলৰ মূল্য, গুৱাহাটীত ৯০টকা পাৰ হ’ল লিটাৰত, কোৰোণা কৰ প্ৰত্যাহাৰৰ অপেক্ষা!

    চতুৰ্থদিনাও বাঢ়িল পেট্ৰ’ল–ডিজেলৰ মূল্য, গুৱাহাটীত ৯০টকা পাৰ হ’ল লিটাৰত, কোৰোণা কৰ প্ৰত্যাহাৰৰ অপেক্ষা!

    নতুন বছৰৰ আৰম্ভণিৰ পৰা বৰ্তমান সময়লৈকে প্ৰায় প্ৰতিদিনে বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য।

    নতুন বছৰৰ আৰম্ভণিৰ পৰা বৰ্তমান সময়লৈকে প্ৰায় প্ৰতিদিনে বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য।

    নতুন বছৰৰ আৰম্ভণিৰ পৰা বৰ্তমান সময়লৈকে প্ৰায় প্ৰতিদিনে বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য।

    • Share this:
    প্ৰতিদিনে বৰ্ধিত পেট্ৰল ডিজেলৰ মূল্য ফলত অধিক ক্ষতিগ্ৰস্ত হৈছে দেশৰ সাধাৰণ জনতা। নতুন বছৰৰ আৰম্ভণিৰ পৰা বৰ্তমান সময়লৈকে প্ৰায় প্ৰতিদিনে বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য। একেৰাহে চতুৰ্থ দিনাও পেট্ৰ’ল–ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত গুৱাহাটীত আজিৰ বৃদ্ধিৰ পিছত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য লিটাৰত ৯০.৫০ টকা আৰু ডিজেলৰ মূল্যবৃদ্ধি হৈছে ৮৪.৩৮টকা।

    আজি সদনত লেখানুদান দাখিল কৰিব বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীয়ে পূৰ্বে কৰা ঘোষণা মতে আজি কোৰোণা কালত লগোৱা ইন্ধনৰ লিটাৰে প্ৰতি ৫টকাৰ কৰ প্ৰত্যাহাৰ কৰে নে নাই তালৈ অপেক্ষা ৰাইজৰ।

    ৰাজ্যিক ভাৱে চলা অইল মাৰ্কেটিং কোম্পানীবোৰে (অ’এম.চি.) ক্ৰমাৎ চতুৰ্থ দিনৰ বাবে সমগ্ৰ দেশত অটো ইন্ধনৰ খুচুৰা মূল্য বৃদ্ধি কৰাৰ বাবে আজি পেট্ৰ'ল আৰু ডিজেলৰ মূল্য দেশৰ নতুন উচ্চস্থানলৈ বৃদ্ধি পাইছে।

    পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে জনায় যে পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ চৰকাৰৰ এতিয়াও কোনো প্ৰস্তাৱ নাই। তেওঁ কয় যে পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত কৰ বৃদ্ধি বা হ্ৰাস কৰাটো চৰকাৰৰ প্ৰয়োজনীয়তা আৰু বজাৰ পৰিস্থিতিৰ দৰে বহুতো দিশৰ ওপৰত নিৰ্ভৰ কৰে।

    আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ ফলস্বৰূপে খুচুৰা ইন্ধন বিক্ৰীত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে সোমবাৰে খাৰুৱা তেলৰ মূল্যই প্ৰতি বেৰেলত ৬০ ডলাৰ অতিক্ৰম কৰিছিল। ইন্ধনসমূহৰ মূল্যত এক্সাইজ ডিউটি, ডিলাৰ কমিছন আৰু অন্যান্য বিষয় যোগ কৰাৰ পিছতে ইয়াৰ দাম প্ৰায় দুগুণ বৃদ্ধি পায়। ইয়াৰ উপৰিও বিদেশী মুদ্ৰাৰ মূল্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যৰ কাৰণেও ইন্ধনৰ দামত প্ৰভাৱ পেলায়।

    প্ৰতিদিনে ৰাতিপুৱা ৬ বজাত তেলৰ মূল্য সলনি হোৱাৰ লগে লগে নিৰ্ধাৰণ হয় নতুন মূল্য। ইণ্ডিয়ান অয়লৰ ৱেবছাইটত উল্লেখ কৰা মতে, পেট্ৰল ডিজেলৰ মূল্যৰ বিষয়ে জানিবলৈ আপোনাৰ ম’বাইল ফোনত RSP ৰ লগত আপোনাৰ চহৰৰ কোডটো লিখি 9224992249 নম্বৰলৈ এছ.এম.এছ. প্ৰেৰণ কৰক। বি.পি.চি.এল. গ্ৰাহকসকলে RSPৰ লগতে আপোনাৰ চহৰৰ কোডটো লিখি 92222201122 এছ.এম.এছ. প্ৰেৰণ কৰি তেওঁলোকৰ চহৰত পেট্ৰল ডিজেলৰ মূল্য জানিব পাৰিব। প্ৰত্যেক চহৰৰ কোড পাবলৈ আই.অ’.চি.এল.ৰ ৱেবছাইট চাব পাৰে।
    First published: